ETV Bharat / bharat

আৰাকু কফিৰ প্ৰশংসাত পুনৰ পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী - Araku Coffee in Mann ki Baat

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:47 AM IST

PM Modi praises Araku Coffee: পুনৰ প্ৰধানমন্ত্ৰী মোদীৰ মুখত আৰাকু কফিৰ প্ৰসংগ ৷ মন কি বাতত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে অন্ধ্ৰ প্ৰদেশৰ আৰাকু কফিৰ প্ৰসংগ । আৰাকু কফিৰ মহত্ব স্মৰণ কৰি টুইট কৰে মোদীয়ে । ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে আৰাকু কফি খোৱাৰ ফটো X যোগে শ্বেয়াৰ কৰে ।

PM Modi once again praises Araku Coffee in Mann ki Baat programme
আৰাকু কফিৰ প্ৰশংসাত পুনৰ পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 1 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ আৰম্ভ কৰিছে প্ৰতি মাহৰ শেষৰ দেওবাৰে আয়োজন কৰা মন কি বাত কাৰ্যসূচীৰ ৷ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ৰেডিঅ’যোগে দেশবাসীক সম্বোধন কৰে মোদীয়ে । সমান্তৰালভাৱে দেশবাসীক এন ডি এ চৰকাৰক পুনৰ এবাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় ৷

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰতীয় সামগ্ৰীৰ চাহিদা বিশ্বজুৰি ভাল আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকুত উৎপাদিত কফি তাৰ ভিতৰত অন্যতম । 2016 চনত এবাৰ বিশাখাপট্টনমত মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে এই কফিৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলো । ইয়াৰ সোৱাদ অপূৰ্ব ৷"

ইয়াৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে আৰাকু কফি খোৱা এখন ফটো X যোগে পোষ্ট কৰে । মোদীয়ে পুনৰ কয়, "দিল্লীত অনুষ্ঠিত জি-20 শীৰ্ষ সন্মিলনতো আৰাকু কফিৰ প্ৰশংসা কৰা হৈছিল । এই কফি খেতি জনজাতীয় লোকসকল সবলীকৰণৰ সৈতে জড়িত । একেদৰে যদি আপুনি বিশ্বৰ যিকোনো প্ৰান্তৰ কফি প্ৰেমী হয় তেন্তে অন্ধ্ৰ প্ৰদেশৰ আৰাকুৰ কফিৰ সোৱাদ লোৱা উচিত ।"

PM Modi once again praises Araku Coffee in Mann ki Baat programme
টুইটটো (ETV Bharat Assam)

লগতে পঢ়ক: কি হয় আৰাকু কফি ? যাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদীও - Mann Ki Baat

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য সন্দৰ্ভত আনন্দ প্ৰকাশ কৰি কয়, "মই আকৌ এবাৰ মোদীৰ সৈতে আৰাকু কফি খাবলৈ আগ্ৰহী । আৰাকু কফিৰ খেতি আদিবাসী ভগ্নীসকলে মৰম আৰু ভক্তিৰে কৰে বুলি কোৱা হয় । ইয়াক ৰাজ্যবাসীৰ সীমাহীন সম্ভাৱনাৰ প্ৰতিফলন বুলি কোৱা হয় ।" মুখ্যমন্ত্ৰীগৰাকীয়ে আৰাকু কফিক মেড ইন অন্ধ্ৰ প্ৰডাক্ট হিচাপে অনুমোদন জনোৱাৰ বাবে মোদীক ধন্যবাদ জনায় ।

আনহাতে, দেশৰ 12 খন ৰাজ্যই কফি উৎপাদন কৰে । তাৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ অন্যতম । অন্ধ্ৰ প্ৰদেশত আল্লুৰী সীতাৰামাৰাজু জিলাত প্ৰায় এক লাখ একৰ ভূমিত কফি বাগিচা আছে । ইয়াত উচ্চমানৰ কফিৰ বীন উৎপাদন কৰা হয় । সেইবাবেই আৰাকু কফিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে । ইয়াৰ কফিৰ চাহিদা বেছি কাৰণ ইয়াক জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয় ।

লগতে পঢ়ক: আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বজুৰি যোগৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ - International Yoga Day 2024

চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.