ETV Bharat / bharat

৯.৩ কোটি কৃষকৰ বাবে পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি প্ৰধানমন্ত্ৰীৰ - pm modi in varanasi

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 8:50 PM IST

PM KISAN scheme: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰলৈ বাৰাণসী ভ্ৰমণ কৰে ৷ এই ভ্ৰমণকালত ৯.৩ কোটি কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে ।

PM KISAN scheme
PM Modi in varanasi (IANS)

নিউজ ডেস্ক, ১৮ জুন: একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত বাৰাণসী ভ্ৰমণত নৰেন্দ্ৰ মোদীয়ে ৯.৩ কোটি কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰে । কাশীবাসীৰ মৰমৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলিও কয় মোদীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত মঙলবাৰে প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ নিজা সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰে ।

লগতে পঢ়ক: 24 জুনৰ পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - first session of 18th Lok Sabha

বাৰাণসীত প্ৰধানমন্ত্ৰী কৃষক সন্মান সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই লোকসভা নিৰ্বাচনত জনসাধাৰণে দিয়া ৰায় সঁচাকৈয়ে অভূতপূৰ্ব আৰু ই ইতিহাসৰ সৃষ্টি কৰিছে । এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৯.২৬ কোটিৰো অধিক কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকা মুকলি কৰি দিয়ে ।

লগতে পঢ়ক: ১৮ জুনত প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণ, মুকলি কৰিব কিষাণ সন্মান নিধিৰ কিস্তি - PM Modi to Visit Varanasi

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন চৰকাৰৰ প্ৰথম সিদ্ধান্ত কৃষক আৰু দৰিদ্ৰ জনসাধাৰণৰ সৈতে জড়িত । ‘‘বাবা বিশ্বনাথ, মা গংগাৰ আশীৰ্বাদ আৰু কাশীবাসীৰ মৰমেৰে মই তৃতীয়বাৰৰ বাবে দেশৰ 'প্ৰধান সেৱক' হৈ পৰিলোঁ" বুলিও প্ৰধানমন্ত্ৰীয়ে কয় ।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত ৩০ হাজাৰৰো অধিক আত্মসহায়ক গোটকো প্ৰমাণ পত্ৰ বিতৰণ কৰিব । আজিলৈকে ৭০ হাজাৰৰ ভিতৰত ৩৪ হাজাৰৰো অধিক কৃষি সখী পেৰা-এক্সটেনচন ৱৰ্কাৰ হিচাপে প্ৰমাণিত হৈছে । দশশ্বমেধ ঘাটত গংগা আৰতিৰো সাক্ষী হ’ব প্ৰধানমন্ত্ৰী মোদী । নিশা প্ৰায় ৮ বজাত তেওঁ কাশী বিশ্বনাথ মন্দিৰত পূজা আৰু দৰ্শন কৰিব ।

লগতে পঢ়ক: মসৃণ নহ'ব মোদীৰ তৃতীয়টো কাৰ্যকাল ! - Modi Govt third term

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.