ETV Bharat / bharat

দ্বিদেশীয় ভ্ৰমণসূচী সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - PM Modi Singapore visit

author img

By ANI

Published : Sep 6, 2024, 8:33 AM IST

Prime Minister Narendra Modi : চৰকাৰী ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৩ ছেপ্টেম্বৰত ব্ৰুণেইত উপস্থিত হয় । এয়া আছিল মোদীৰ প্ৰথমটো ভ্ৰমণসূচী । আনহাতে, ৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ছিংগাপুৰত উপস্থিত হয় । এই তিনিদিনীয়া ভ্ৰমণসূচীত দুয়োখন দেশৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ হয় ।

Prime Minister Narendra Modi
দ্বিদেশীয় ভ্ৰমণসূচী সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী (ANI Photo)

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : তিনিদিনীয়া ছিংগাপুৰ আৰু ব্ৰুণেই ভ্ৰমণসূচী সামৰি বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত তেওঁৰ ছিংগাপুৰ ভ্ৰমণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, "মোৰ ছিংগাপুৰ ভ্ৰমণ অতি ফলপ্ৰসূ হৈছে । ই নিশ্চিতভাৱে দ্বিপাক্ষিক সম্পৰ্কত ইন্ধন যোগাব আৰু আমাৰ ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণক লাভান্বিত কৰিব । মই ছিংগাপুৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ উষ্ণ আদৰণিৰ বাবে ধন্যবাদ জনাইছো ।"

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙে ছিংগাপুৰৰ সংসদ ভৱনত সাক্ষাতত মিলিত হয় । দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । আলোচনাত দুয়োগৰাকী নেতাই ভাৰত-ছিংগাপুৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । ইয়াৰ পিচতে দুয়োপক্ষই ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, দক্ষতা বিকাশ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় আৰু তেওঁ এই আমন্ত্ৰণ সাদৰেৰে গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এ ই এম হ'ল্ডিংছ লিমিটেডৰ (AEM Holdings Ltd.) অৰ্ধপৰিবাহী উদ্যোগো পৰিদৰ্শন কৰে । এই পৰিদৰ্শনৰ সময়ত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙে প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক ১১-১৩ ছেপ্টেম্বৰত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া ছেমিকন ইণ্ডিয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ।

"চি আই আই-এণ্টাৰপ্ৰাইজ ছিংগাপুৰ ইণ্ডিয়া ৰেডি টেলেণ্ট কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ কৰা ওড়িশাৰ বিশ্ব দক্ষতা কেন্দ্ৰৰ ইণ্টাৰ্ন আৰু ভাৰত ভ্ৰমণ কৰা ছিংগাপুৰৰ ইণ্টাৰ্নসকলৰ সৈতে হোৱা বাৰ্তালাপ অতি উৎসাহজনক আছিল । মই এ ই এম হ'ল্ডিংছত কাম কৰা ভাৰতীয় অভিযন্তাসকলৰ এটা দলকো সাক্ষাৎ কৰো । এনে ধৰণৰ সহযোগিতা সঁচাকৈয়ে বিশেষ আৰু মানৱ প্ৰতিভাৰ লগতে উদ্ভাৱনৰ এক উদযাপন ।" প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্ধবৰিবাহী উদ্যোগটো পৰিদৰ্শন কৰাৰ পিচত কয় ।

প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমন শানমুগাৰত্নমকো সাক্ষাত কৰে আৰু দক্ষতা বিকাশ, স্থিৰতা, প্ৰযুক্তি, উদ্ভাৱন আৰু সংযোগকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ ওপৰত আলোচনা কৰে । দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত আলোচনাত ভাৰত আৰু ছিংগাপুৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৱাঙে ভাৰত আৰু ছিংগাপুৰৰ অংশীদাৰিত্ব ইতিহাস, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰা বন্ধুত্বৰ দীঘলীয়া পৰম্পৰা আৰু বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ কথা স্বীকাৰ কৰে । তেওঁলোকে ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা, প্ৰযুক্তি, শিক্ষা, জনসাধাৰণৰ পৰা জনসাধাৰণ আৰু সাংস্কৃতিক সম্পৰ্কৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সন্তুষ্টি প্ৰকাশ কৰে ।

উল্লেখ্য যে, ভাৰত আৰু ছিংগাপুৰে অহা বছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিব । এনে পটভূমিত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কক 'ব্যাপক কৌশলগত অংশীদাৰিত্ব'ৰ উচ্চ স্তৰলৈ উন্নীত কৰাৰ বাবে সন্মত হয়, যাতে দ্বিপাক্ষিক সহযোগিতা গভীৰ আৰু বিস্তৃত হয় ।

ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰুণেই ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰুণেইৰ চুলতান হাজী হাছানাল বোলকিয়াৰ সৈতে বান্দাৰ চেৰি বেগাৱানৰ ইস্তানা নুৰুল ইমানত আলোচনাত মিলিত হয় । আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে ।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মহামান্য চুলতান হাজী হাছানাল বোলকিয়াক লগ পাই আনন্দিত হৈছো । আমাৰ আলোচনা বিস্তৃত আছিল আৰু আমাৰ ৰাষ্ট্ৰ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ উপায় অন্তৰ্ভুক্ত আছিল । আমি বাণিজ্যিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদান অধিক সম্প্ৰসাৰিত কৰিবলৈ গৈ আছো ।"

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰুণেইৰ ৰাজধানী চহৰ বান্দাৰ চেৰি বেগাৱানত ভাৰতীয় উচ্চ আয়োগৰ নতুন কাৰ্যালয়ো উদ্বোধন কৰে ।

লগতে পঢ়ক :দক্ষিণ চীন সাগৰ বিবাদ সমাধানৰ আহ্বান ভাৰত-ছিংগাপুৰৰ - PM Narendra Modi
লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ - PM Modi to visit Brunei

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.