ETV Bharat / bharat

দেশবাসীলৈ হিন্দী দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ; গৃহমন্ত্ৰীয়েও জনালে শুভেচ্ছা - HINDI DIWAS 2024

author img

By ANI

Published : Sep 14, 2024, 10:48 AM IST

Hindi Diwas : হিন্দীক দেশৰ অন্যতম চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তক স্মৰণ কৰিবলৈ প্ৰতিবছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয় । এই বছৰ হিন্দীক চৰকাৰী ভাষা স্বীকৃতিৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে । ১৯৪৬ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল ।

Hindi Diwas 2024
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী (ETV Bharat)

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : শনিবাৰে অৰ্থাৎ ১৪ ছেপ্টেম্বৰত দেশজুৰি উদযাপন কৰা হৈছে হিন্দী দিৱস । এই হিন্দী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্স পোষ্টত কয়, "হিন্দী দিৱসত সকলো দেশবাসীলৈ বহু শুভকামনা ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও হিন্দী দিৱস উপলক্ষে জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । নিজৰ শুভেচ্ছা বাৰ্তাত অমিত শ্বাহে কয় যে সকলো ভাৰতীয় ভাষা আমাৰ গৌৰৱ আৰু ঐতিহ্য আৰু সেইবোৰক সমৃদ্ধ নকৰাকৈ আমি আগবাঢ়িব নোৱাৰো ।

"সকলো ভাৰতীয় ভাষা আমাৰ গৌৰৱ আৰু ঐতিহ্য, সেইবোৰ সমৃদ্ধ নকৰাকৈ আমি আগবাঢ়িব নোৱাৰো । চৰকাৰী ভাষা হিন্দীৰ প্ৰতিটো ভাৰতীয় ভাষাৰ সৈতে এক অটুট সম্পৰ্ক আছে । এই বছৰ হিন্দীয়ে দেশৰ চৰকাৰী ভাষা হিচাপে ৭৫ বছৰৰ ৰাজহুৱা যোগাযোগ আৰু ৰাষ্ট্ৰীয় ঐক্য সম্পূৰ্ণ কৰিছে । মই নিশ্চিত যে সকলো ভাৰতীয় ভাষাক একেলগে লৈ চৰকাৰী ভাষা হিন্দীয়ে উন্নত ভাৰতৰ সংকল্প উপলব্ধি কৰাত অৰিহণা যোগাই থাকিব ।" অমিত শ্বাহে হিন্দীত এটা এক্সত পোষ্টত এনেদৰে কয় ।

এক ভিডিঅ' বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "এই বছৰৰ 'হিন্দী দিৱস' আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ । কিয়নো ১৯৪৬ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল । সেয়ে চৰকাৰী ভাষা হিচাপে হিন্দীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু আমি এই বছৰ চৰকাৰী ভাষাৰ হীৰক জয়ন্তী উদযাপন কৰিবলৈ গৈ আছো । হিন্দী চৰকাৰী ভাষা আৰু আমাৰ সকলো ৰাজ্যৰ ভাষাৰ বাবে অতি গুৰুত্বপূৰ্ণ । হিন্দী ভাষাই বহুতো উত্থান-পতনৰ মাজেৰে আগবাঢ়িছে । কিন্তু আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে হিন্দী আৰু কোনো স্থানীয় ভাষাৰ মাজত কোনো প্ৰতিযোগিতা নাই ।" অমিত শ্বাহে কয় যে হিন্দী সকলো স্থানীয় ভাষাৰ বন্ধু ।

"গুজৰাটী হওক, মাৰাঠী হওক বা তেলেগু, প্ৰতিটো ভাষাই হিন্দীক শক্তি প্ৰদান কৰে আৰু হিন্দীয়ে প্ৰতিটো ভাষাক শক্তি প্ৰদান কৰে... বিগত 10 বছৰত হিন্দী আৰু স্থানীয় ভাষাক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যথেষ্ট কাম কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় মঞ্চত হিন্দীত ভাষণ দি বিশ্বৰ সন্মুখত হিন্দীৰ গুৰুত্ব আগবঢ়াইছে আৰু আমাৰ দেশত আমাৰ ভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে ।" কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় ।

তেওঁ কয়, "অনাগত দিনত চৰকাৰী ভাষা বিভাগে হিন্দীৰ পৰা অষ্টম অনুসূচীৰ সকলো ভাষালৈ অনুবাদৰ বাবে এটা পৰ্টেলো আনিছে । যাৰ জৰিয়তে চিঠি-পত্ৰয়ে হওক বা ভাষণ, আমি কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে ইয়াক সকলো ভাষালৈ অনুবাদ কৰিবলৈ সক্ষম হ'ম ।" উল্লেখ্য যে হিন্দীক দেশৰ অন্যতম চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তক স্মৰণ কৰিবলৈ প্ৰতিবছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয় ।

লগতে পঢ়ক :ভাৰতৰ চৰকাৰী ভাষা উদযাপনৰ এটা বিশেষ দিন ৰাষ্ট্ৰীয় হিন্দী দিৱস - National Hindi Day
লগতে পঢ়ক :যুক্তিসংগত নাছিল কেজৰিৱালৰ গ্ৰেপ্তাৰ: ন্যায়াধীশ উজ্জ্বল ভূঞা - Justice Ujjal Bhuyan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.