ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ বিমানত অজ্ঞান হৈ পৰিল যাত্ৰী: ডি জি চি এৰ জাননী জাৰি - DGCA Issued Notice to Air India

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 6:30 PM IST

DGCA Issued Notice to Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰী মূৰ্চ্ছা যোৱাৰ ঘটনাৰ পিচত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ) এয়াৰলাইনছ কৰ্তৃপক্ষক জাননী জাৰি কৰিছে ।

DGCA Issued Notice to Air India
এয়াৰ ইণ্ডিয়ালৈ ডি জি চি এৰ জাননী জাৰি (ETV Bharat File Photo)

নিউজ ডেস্ক, ৩১ মে' : বিদেশ ভ্ৰমণৰ বাবে বহু লোক উৎসাহী । কিন্তু এই বিদেশ ভ্ৰমণ যদি কাৰোবাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰে তেন্তে কি হ'ব । তেনে এক ঘটনাই বৃহস্পতিবাৰে সংঘটিত হয় এয়াৰ ইণ্ডিয়াৰ বিমানত । এয়াৰ ইণ্ডিয়াৰ ছান ফ্ৰাঞ্চিস্কোলৈ যোৱা এখন বিমান যাত্ৰাত ২০ ঘণ্টা বিলম্ব হয় । কেৱল সেয়াই নহয়, বিমানখনত থকা শীতাতপ নিয়ন্ত্ৰণ ব্যৱস্থাও বিকল হৈ পৰে । যাৰ বাবে বহু লোক মূৰ্ছা যায় । আনহাতে, এই ঘটনাত ডি জি চি এয়ে এয়াৰ ইণ্ডিয়াক 'কাৰণ দেখুওৱাৰ' জাননী জাৰি কৰিছে ।

ইফালে এক্স হেণ্ডেলত এই ঘটনাটোৰ বিষয়ে শ্বেয়াৰ কৰি এগৰাকী যাত্ৰীয়ে লিখিছে, "বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰত ফ্লাইট নম্বৰ এ আই ১৮৩ আঠ ঘণ্টাতকৈও অধিক পলম হৈছিল । ইয়াৰ পিচত যাত্ৰীসকল বিমানখনত উঠিবলৈ দিয়া হয় । কিন্তু বিমানখনত বাতানুকূল ব্যৱস্থাও নাছিল । এয়াৰ ইণ্ডিয়াৰ এ আই ১৮৩ বিমানখন কেইবা ঘণ্টা পলম হৈছিল । যাত্ৰীসকলক শীতাতপ নিয়ন্ত্ৰণ অবিহনেই বিমানখনত উঠিবলৈ বাধ্য কৰোৱা হৈছিল আৰু তাৰ পিচত বিমানখনতে কিছু লোক মূৰ্ছা যোৱাৰ ঘটনা ঘটাত তেওঁলোকক বিমানৰ পৰা নমাই দিয়া হয় । এয়া অমানৱীয় ।"

লগতে পঢ়ক :মাংগালোৰ বিমানবন্দৰত কিয় হাহাকাৰ পৰিস্থিতি ?

তেওঁ লগতে কয়, "মই শৈশৱত প্ৰায়ে এয়াৰ ইণ্ডিয়াৰে যাত্ৰা কৰিছিলোঁ । মই ২০০৫ চনত আমেৰিকাত বাস কৰিবলৈ যাওঁ । এইটো মোৰ প্ৰিয় এয়াৰলাইনছ আছিল । মই এয়াৰ ইণ্ডিয়াৰ বিমান ব্যৱহাৰ কৰো কাৰণ ই হৈছে আমাৰ দেশৰ বিমান সেৱা ।" তেওঁ কয় যে যাত্ৰীসকলক নিশা বহু পলমকৈ এখন হোটেললৈ পঠোৱা হৈছিল । তাৰ পৰা তেওঁলোকে পুৱা 8 বজাত বিমানবন্দৰলৈ ঘূৰি আহিবলগা আছিল । কিন্তু বিমানবন্দৰত উপস্থিত হোৱাৰ পিচত তেওঁলোকক পুনৰ হোটেললৈ ঘূৰি যাবলৈ কোৱা হয় । ২০২২ চনত টাটা গ্ৰুপে এই এয়াৰলাইনছ অধিগ্ৰহণ কৰিছিল । কিন্তু আঢ়ৈ বছৰত ই বহু পিচলৈ ঘূৰি গৈছে । ইয়াৰ বৰ্তমানৰ যি সেৱা, সেয়া আন যিকোনো দেশত গোচৰ তৰাৰ ভিত্তি হ'ব পাৰে ।

ইফালে এয়াৰ ইণ্ডিয়াই এই পোষ্টটোৰ প্ৰতিক্ৰিয়া স্বৰূপে কয় যে তেওঁলোকে অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰি আছে । "আমি ইয়াৰ বাবে সঁচাকৈয়ে দুঃখিত । অনুগ্ৰহ কৰি নিশ্চিত হওক যে আমাৰ দলটোৱে ত্ৰুটিবোৰ দূৰ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে আৰু আপোনালোকৰ নিৰন্তৰ সমৰ্থনৰ প্ৰশংসা কৰিছো । আমি আমাৰ দলটোক যাত্ৰীসকলক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সতৰ্ক কৰি দিছো ।"

লগতে পঢ়ক :এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত অব্যাহত সংকট : ১০ মে’ৰ পৰা ৪০০খন বিমানৰ সেৱা বাতিল - Crisis At Air India Express

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.