ETV Bharat / bharat

কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী, এজন সেনা বিষয়া ছহিদ - Encounter in Kupwara

author img

By ANI

Published : Jul 24, 2024, 10:30 AM IST

Updated : Jul 24, 2024, 2:25 PM IST

Joint operation in Kupwara: দেশত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান ৷ ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত নিহত এটা সন্ত্ৰাসবাদীৰ লগতে এজন সেনা বিষয়া ৷ কুপৱাৰাৰ কৌত অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷

One terrorist neutralized as Indian Army and J&K Police launch joint operation in Kupwara
কুপৱাৰাত এনকাউণ্টাৰ (ANI)

নেশ্যনেল ডেস্ক, 24 জুলাই: কুপৱাৰাৰ কৌত অঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান ৷ এই অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয় আৰু এজন সেনা বিষয়া ছহিদ হৈছে ।

চোৰাংচোৱাৰ খবৰৰ ভিত্তিত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰে । অভিযানকাৰী দলে 24 জুলাইত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে আৰু প্ৰতিৰোধৰ চেষ্টা চলায় । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় ।

এই সংঘৰ্ষৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় ৷ সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছিল এজন সেনা বিষয়া ৷ আঘাতপ্ৰাপ্ত সেনা বিষয়াজনক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও মৃত্যু ঘটে সেনা বিষয়াগৰাকীৰ । বৰ্তমানেও অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান ।

ইয়াৰ পূৰ্বে মঙলবাৰে জম্মুৰ বট্টাল ছেক্টৰত হৈছিল সংঘৰ্ষৰ ঘটনা ৷ এই ঘটনাৰ ফলত এগৰাকী জোৱান আহত হৈছিল আৰু ইতিমধ্যে জোৱানজনে মৃত্যুক সাৱটি লয় ।

হোৱাইট নাইট ক’ৰ্পছে X যোগে কয়, "হোৱাইট নাইট ক’ৰ্পছৰ সকলো ৰেংকে কৰ্তব্যৰ শাৰীত নিজৰ প্ৰাণ আহুতি দিয়া ব্ৰেভহাৰ্ট এল/এন কে সুভাষ চাণ্ডাৰৰ পৰম ত্যাগক প্ৰণাম জনাইছো । হোৱাইট নাইট ক’ৰ্পছে গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ কাষত থিয় দিছে ।"

জম্মুৰ বট্টাল খণ্ডত হোৱা সংৰ্ঘষৰ সময়ত জোৱানজন আহত হৈছিল । সোমবাৰ আৰু মঙলবাৰৰ মাজনিশা সংঘটিত হৈছিল এই সংৰ্ঘষৰ । যোৱা কেইমাহমানৰ পৰা জম্মুৰ কঠুৱাত সেনাৰ কনভয়ত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ, ডোডা আৰু উধামপুৰত হোৱা এনকাউণ্টাৰকে ধৰি বহু সন্ত্ৰাসবাদী আক্ৰমণ ঘটনা সংঘটিত হৈছে ৷

15 জুলাইত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ডোডাৰ উত্তৰ অঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান চলি থকাৰ সময়তে তীব্ৰ গুলীচালনা হয় । যাৰ ফলত এজন বিষয়াসহ চাৰিজন জোৱান নিহত হয় । নিহত হোৱা জোৱান কেইজন হৈছে কেপ্তেইন ব্রিজেশ থাপা, নাইক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ, চিপাহী অজয় ।

লগতে পঢ়ক: জম্মুৰ বট্টল ছেক্টৰত অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীক বাধা সেনাৰ: অভিযানত গুলীবিদ্ধ জোৱান - Terror attack in JK

জম্মু-কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ এম্বুছ : ৫ সেনা জোৱান নিহত, আহত আন ৫ জন - Terrorists Attack on Army Convoy

সন্ত্ৰাসবাদী আক্ৰমণৰ মোকাবিলা : জম্মু অঞ্চলত নতুন ৰূপত ভাৰতীয় সেনা - Indian Army

Last Updated : Jul 24, 2024, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.