ETV Bharat / bharat

মণিপুৰৰ বিষ্ণুপুৰ জিলাত উগ্ৰপন্থীৰ ৰকেট আক্ৰমণত এজনৰ মৃত্যু: শিক্ষানুষ্ঠান বন্ধ ঘোষণা - Manipur fresh violence

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 9:09 PM IST

Firing in Manipur: গোষ্ঠী সংঘৰ্ষত প্ৰায় ডেৰ বছৰ জৰ্জৰিত হৈ থকা মণিপুৰত পুনৰ হিংসাত্মক ঘটনা ৷ উগ্ৰপন্থীৰ আক্ৰমণত নিহত এজন লোক ৷ আহত কমেও পাঁচগৰাকী ৷ ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানত বন্ধ ঘোষণা চৰকাৰৰ ৷

Firing in Manipur
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা (ETV Bharat)

তেজপুৰ, ৬ ছেপ্টেম্বৰ: পুনৰ অশান্ত মণিপুৰ । হিংসাৰ দাবানলে অস্থিৰ কৰি তুলিছে মণিপুৰৰ পাহাৰীয়া জিলা বিষ্ণুপুৰক । বিগত ১ বছৰ তিনি মাহ ধৰি গোষ্ঠী সংঘৰ্ষত অস্থিৰ হৈ থকা মণিপুৰক পুনৰ নতুন নতুন হিংসাত্মক ঘটনাই অস্থিৰ কৰি তুলিছে । আজি সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবি গাঁৱত ৰকেট আক্ৰমণ চলাই ব্যাপক ক্ষতিসাধন কৰাৰ তথ্য পোহৰলৈ আহিছে ।

শুকুৰবাৰে পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হোৱা এই আক্ৰমণত ৭২ বছৰীয়া এজন ব্যক্তি আৰ মৈৰাং ফিৱাংবাম লেইকাইৰ ৰাবেই সিং নিহত হোৱাৰ বিপৰীতে ১৩ বছৰীয়া কিশোৰীসহ ৫ জন লোক গুৰুতৰভাৱে আহত হয় ।

আৰক্ষীৰ তথ্য অনুসৰি চুৰাচান্দপুৰ জিলাৰ এক ওখ স্থানৰ পৰা ইম্ফলৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ট্ৰংলাওবিৰ নিম্ন আৱাসিক অঞ্চলৰ ফালে ৰকেট নিক্ষেপ কৰা হয় । এই ৰকেটৰ ৰেঞ্জ ৩ কিলোমিটাৰৰ অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰে । এই আক্ৰমণৰ ফলত এটা কমিউনিটি হল, এটা খালী কোঠা আৰু এটা শৌচাগাৰৰো ক্ষতিসাধন হয় ।

আৰক্ষীয়ে নিশ্চিত কৰিছে যে সন্দেহযুক্ত বিদ্ৰোহীয়ে পাহাৰৰ পৰা বিষ্ণুপুৰ জিলাৰ ফালে কেবাজাঁই গুলীচালনা কৰাৰ ফলত নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়ে । কুকি বসতিপ্ৰধান অঞ্চল চুৰাচান্দপুৰ মেইটেই সংখ্যাগৰিষ্ঠ বিষ্ণুপুৰ জিলাৰ সীমাৰেখাত অৱস্থিত আৰু দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনা তীব্ৰতৰ হৈ পৰিছে ।

কি ঘটিছিল সোমবাৰৰ পৰা : যোৱা দেওবাৰে সন্দেহযুক্ত কুকি বিদ্ৰোহীয়ে চলোৱা ড্ৰোন আৰু স্নাইপাৰৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে এগৰাকী ১২ বছৰীয়া কিশোৰীকে ধৰি আন ৯ জন লোক আহত হয় । ইয়াৰে কিশোৰীগৰাকীৰ মূৰত গুলী লাগিছিল । সোমবাৰে সেঞ্জাম চিৰাঙত আৰু অধিক ড্ৰোন আক্ৰমণৰ ফলত আৰু তিনিজন লোক আহত হয় । শীৰ্ষ চোৰাংচোৱা সূত্ৰই অস্ত্ৰধাৰী ড্ৰোন আৰু দীৰ্ঘ দূৰত্বৰ স্নাইপাৰ ৰাইফলৰ ব্যৱহাৰৰ তথ্য নিশ্চিত কৰিছে, যিটো ভাৰতত কুকি উগ্ৰপন্থীয়ে সাধাৰণ নাগৰিকৰ ওপৰত বোমা নিক্ষেপ কৰিবলৈ ড্ৰোনৰ ব্যৱহাৰ কৰা প্ৰথমটো ৰেকৰ্ড ।

মণিপুৰ কেতিয়াৰ পৰা অশান্ত : ২০২৩ বৰ্ষৰ মে' মাহৰ ৩ তাৰিখে ট্ৰাইবেল ছাত্ৰ সংগঠনৰ এটা সমদলৰ পিছতে নিশা উত্তপ্ত হৈ পৰে মণিপুৰ । পৰস্পৰে পৰস্পৰৰ ঘৰ জ্বলাই দিয়াৰ লগতে হিংসাত্মক কাৰ্য বৃদ্ধি পাইছিল । ফলস্বৰূপে মণিপুৰত অতিৰিক্ত সেনা বাহিনী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয় ।

লগতে পঢ়ক: প্ৰাক্তন বিধায়কৰ গৃহত বোমা বিস্ফোৰণ; পত্নীৰ প্ৰাণহানি

মণিপুৰৰ জিৰিবামত এম্বুছত নিহত চি আৰ পি এফ জোৱান, মুখ্যমন্ত্ৰীৰ গৰিহণা - Manipur Violence

বিগত প্ৰায় ডেৰ বছৰ ধৰি নিৰাপত্তাহীনতাত ভুগি আহিছে সাধাৰণ জনতাই ৷ সুৰক্ষিত নহয় সুৰক্ষা প্ৰদান কৰিবলৈ যোৱা লোকো । মণিপুৰত যোৱা ডেৰ বছৰত গোষ্ঠীগত সংঘৰ্ষত প্ৰায় ৬০,০০০ লোক গৃহহীন হয় আৰু প্ৰায় ৩০০ লোকৰ মৃত্যু হয় ৷ দুগৰাকী নাৰীক বিবস্ত্ৰ কৰি ৰাজপথত সমদল কৰোৱাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছিল, যাৰ গোচৰত চি বি আয়ে তদন্ত কৰি আছে । আজিও অশান্ত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰ, কাৰণ চুবুৰীয়া দেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজন, গোপন অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহ আৰু উগ্ৰপন্থীৰ বাবে স্থানীয় মেইটেই লোকসকলে সমস্যাৰ সন্মুখীন হোৱা বুলিও দাবী কৰে । চৰকাৰী তথ্য মতে এই হিংসাৰ ফলত ২১৯ জন লোকৰ মৃত্যু হৈছে আৰু ৬০,০০০ লোক গৃহহীন, ১০০০ৰো অধিক আহত আৰু ৩২ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ৪,৭৮৬টা ঘৰ জ্বলাই দিয়া হয় ৷ লগতে মন্দিৰ আৰু গীৰ্জাকে ধৰি ৩৮৬টা ধৰ্মীয় গঠন ভাঙি পেলোৱা হয় । বেচৰকাৰী তথ্য মতে ইয়াৰ হাৰ অধিক ।

উল্লেখযোগ্য যে, এই ঘটনাৰ পাছত মণিপুৰৰ শিক্ষা বিভাগে সকলো শিক্ষানুষ্ঠান শনিবাৰে বন্ধৰ ঘোষণা কৰিছে । হিংসা জৰ্জৰিত ৰাজ্যখনৰ চৰকাৰী, বেচৰকাৰী আৰু কেন্দ্ৰীয় সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ চৰকাৰে নিৰ্দেশ জাৰি কৰিছে ।

Firing in Manipur
মণিপুৰত বিদ্যালয় বন্ধৰ নিৰ্দেশ (ETV Bharat)

আনহাতে, কোঅৰ্ডিনেচন কমিটী অৱ মণিপুৰ অৰ্থাৎ (COCOMI) মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতিয়ে মণিপুৰত অনিৰ্দিষ্টকালীন ৰাজহুৱা সান্ধ্যআইন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰিছে । স্থানীয় বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু ঘৰৰ বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে ।

এই ব্যৱস্থাৰ অংশ হিচাপে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব । এই সময়ছোৱাত জনসাধাৰণক নিজৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এই নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতি (COCOMI) ৰ তৰফৰ পৰা ।

ইয়াৰ মাজতে, মণিপুৰৰ শিক্ষা সঞ্চালক (এছ) এল নন্দকুমাৰ সিঙে নিৰ্দেশ দিয়ে যে চলি থকা অশান্তিৰ প্ৰতি সঁহাৰি জনাই তথা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মণিপুৰৰ সকলো শিক্ষানুষ্ঠান ৭ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে বন্ধ থাকিব ৷ ৰাজ্যজুৰি চৰকাৰী বিদ্যালয়, চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়, ব্যক্তিগত বিদ্যালয়, আৰু কেন্দ্ৰীয় বিদ্যালয় সকলো বন্ধ থাকিব । সাম্প্ৰতিক পৰিস্থিতিত বন্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।

ইয়াৰ উপৰিও সঞ্চালক নন্দকুমাৰ সিঙে মণিপুৰৰ শিক্ষা-বিদ্যালয় বিভাগৰ অধীনৰ সকলো খণ্ড শিক্ষা বিষয়াক নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰৰ সকলো সংশ্লিষ্ট পক্ষক অৱগত কৰিবলৈ আৰু বন্ধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: মণিপুৰত উগ্ৰপন্থীৰ ধাৰাবাহিক আক্ৰমণত নিহত ২, আহত ১২ - Militant attack in Manipur

সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত মহিলা: আহত 4 গৰাকী - Militant attack in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.