ETV Bharat / bharat

ধ্বনিভোটৰ জৰিয়তে লোকসভাৰ অধ্যক্ষ পদত নিৰ্বাচিত ওম বিৰলা - Lok Sabha Speaker election

author img

By ANI

Published : Jun 26, 2024, 12:37 PM IST

Lok Sabha Speaker election: ক্ৰমান্বয়ে দ্বিতীয়বাৰলৈ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা ৷ ওম বিৰলা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পাচতেই ভাৰ্তুহৰি মেহতাবে প্ৰটেম’ অধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি লয় ৷ ইণ্ডি এলায়েন্সে কে সুৰেশক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত দশকৰ পিচত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে অধ্যক্ষৰ নিযুক্তি আকৰ্ষণীয় হৈ পৰে ।

Lok Sabha Speaker election
লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত ওম বিৰলা (ANI)

নেশ্যনেল ডেস্ক, ২৬ জুন: নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ প্ৰাৰ্থী তথা কোটাৰ সাংসদ ওম বিৰলাক বুধবাৰে ১৮ সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় । লোকসভাৰ অধ্যক্ষ পদৰ বাবে ধ্বনিভোটৰ জৰিয়তে নিৰ্বাচিত হৈছে ওম বিৰলা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা প্ৰস্তাৱক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমৰ্থন কৰাৰ পাচত সদনে ধ্বনিভোটৰ জৰিয়তে ভোটদান কৰে ।

বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী ওম বিৰলাই নিৰ্বাচনত কংগ্ৰেছৰ কোডিকুন্নিল সুৰেশক পৰাস্ত কৰে । একেৰাহে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ দায়িত্ব ল’ব ওম বিৰলাই । লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ লগে লগে প্ৰটেম’ অধ্যক্ষ ভাৰ্তুহৰি মেহতাবক প্ৰটেম’ অধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয় ।

ওম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, "আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখন দখল কৰাটো সদনৰ সৌভাগ্য ৷ মোৰ আৰু সদনৰ সকলোৰে তৰফৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল" ৷ অমৃতকালৰ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত আপুনি দ্বিতীয়বাৰৰ বাবে এই পদটো গ্ৰহণ কৰাৰ এক বৃহৎ দায়িত্ব পাইছে ৷ আমাৰ সকলোৰে বিশ্বাস যে, আগন্তুক ৫ বছৰত আপুনি আমাক সকলোকে পথ প্ৰদৰ্শন কৰিব” ৷

পৰম্পৰাগতভাৱে লোকসভাৰ অধ্যক্ষ আৰু উপ-অধ্যক্ষৰ নিযুক্তি শাসকীয় দল আৰু বিৰোধীৰ মাজত ঐকমত্যৰ জৰিয়তে হয় । বিজেপিৰ জ্যেষ্ঠ নেতাসকলে এন ডি এৰ প্ৰাৰ্থী বিৰলাক সমৰ্থন কৰাৰ বিনিময়ত মিত্ৰজোঁট ‘ইণ্ডি এলায়েন্স’ক উপ-অধ্যক্ষৰ পদ দিয়া হ’ব বুলি পূৰ্ব চৰ্ত মানি নোলোৱাত ‘ইণ্ডি এলায়েন্সে’ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইণ্ডি এলায়েন্সে কে সুৰেশক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত দশকৰ পিচত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন প্ৰক্ৰিয়াটো আকৰ্ষণীয় হৈ পৰে ।

ইয়াৰ পূৰ্বে অধ্যক্ষৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল যদিও এইবাৰ বিৰোধীয়ে উপাধ্যক্ষ পদৰ দাবী উত্থাপন কৰে । চৰকাৰে দাবী মানি নোলোৱাত বিৰোধীয়েও তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে ৷ সংখ্যাগতভাৱে ওম বিৰলাৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত আছিল ।

মঙলবাৰে (২৫ জুন) লোকসভাৰ অধ্যক্ষ পদৰ বাবে চৰকাৰ আৰু বিৰোধীৰ মাজত একমতত উপনীত হ’ব পৰা নাছিল, তাৰ পিচতে নিৰ্বাচনৰ সিদ্ধান্ত লোৱা হৈছিল । সাধাৰণতে লোকসভাৰ অধ্যক্ষক ঐকমত্যৰ দ্বাৰা নিৰ্বাচিত কৰা হয় । এইবাৰ তৃতীয়বাৰৰ বাবে লোকসভাত অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় ।

লগতে পঢ়ক: আজি নিৰ্ণয় হ’ব লোকসভাৰ অধ্যক্ষ : ওম বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কে সুৰেশৰ - Lok Sabha Speaker election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.