ETV Bharat / bharat

এন টি এৰ পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে চি এছ আই আৰ-ইউ জি চি নেট স্থগিত - CSIR UGC NET 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:56 PM IST

CSIR UGC : এন টি এৰ এক চৰকাৰী জাননীত চি এছ আই আৰ-ইউ জি চি নেট ২০২৪ পিছুৱাই দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে । অহা ২৫ ৰ পৰা ২৭ জুনত চি এছ আই আৰ-ইউ জি চি নেট ২০২৪ অনুষ্ঠিত কৰাৰ তাৰিখ ধাৰ্য কৰা হৈছিল ।

CSIR UGC NET 2024
ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (ETV BHARAT ASSAM)

নেশ্য়নেল ডেস্ক, ২১ জুন: ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই শুকুৰবাৰে পৰৱৰ্তী জাননী প্ৰকাশ নকৰালৈকে চি এছ আই আৰ-ইউ জি চি নেট ২০২৪ স্থগিত ৰখাৰ কথা ঘোষণা কৰে । উল্লেখ্য় যে অহা ২৫ ৰ পৰা ২৭ জুনৰ ভিতৰত চি এছ আই আৰ-ইউ জি চি নেট ২০২৪ অনুষ্ঠিত কৰাৰ বাবে তাৰিখ ধাৰ্য কৰা হৈছিল ।

শুকুৰবাৰে এন টি এই ৱেবছাইটত পোষ্ট কৰা এক চৰকাৰী ৰাজহুৱা জাননীত উল্লেখ কৰা হৈছে যে এই চি এছ আই আৰ-ইউ জি চি নেট ২০২৪ পৰীক্ষা অনিবাৰ্য পৰিস্থিতিৰ লগতে বিশেষ সমস্যাৰ বাবে পিছুৱাই দিয়া হৈছে । উল্লেখ্য় যে বুধবাৰে ইউ জি চি-নেট পৰীক্ষা বাতিল হোৱাৰ মাত্ৰ দুদিন পিছত সেই পৰীক্ষাৰ সৈতে আপোচ কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ।

আজিৰ এন টি এৰ জাননীত উল্লেখ কৰা হৈছে " প্ৰাৰ্থীসকলক ইয়াৰ দ্বাৰা জনোৱা হৈছে যে ২৫.০৬.২০২৪ ৰ পৰা ২৭.০৬.২০২৪ লৈ অনুষ্ঠিত হ'বলগীয়া যুটীয়া চি এছ আই আৰ-ইউ জি চি-নেট পৰীক্ষা ২০২৪ পিছুৱাই দিয়া হৈছে আৰু এই পৰীক্ষা পৰিচালনাৰ বাবে সংশোধিত সময়সূচী পিছত আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰা হ'ব "।

লগতে পঢ়ক:নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET

শেহতীয়া আপডেটৰ বাবে এন টি এই প্ৰাৰ্থীসকলক অফিচিয়েল ৱেবছাইটত https://csirnet.nta.ac.in ব্য়ৱহাৰৰ বাবে আহ্বান জনাইছে । যিকোনো প্ৰশ্ন বা স্পষ্টীকৰণৰ বাবে, প্ৰাৰ্থীসকলে 011-40759000 বা 011-69227700 নম্বৰত এন টি এ হেল্পডেস্কত ফোন কৰিব পাৰে বা csirnet@nta.ac.in এন টি এলৈ লিখিব পাৰে বুলি জাননীখনত উল্লেখ কৰা হৈছে । উল্লেখ্য় যে যোৱা 15 জুনৰ ৰাজহুৱা জাননীত যুটীয়া চি এছ আই আৰ-ইউ জি চি নেট পৰীক্ষাৰ আবেদনকাৰীসকলক পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া চহৰৰ আগতীয়া তথ্য় আৰু পৰীক্ষাৰ সময়সূচী সকলো প্ৰাৰ্থীক অৱগত কৰা হৈছে ।

লগতে পঢ়ক:NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.