ETV Bharat / bharat

ৰেগিঙৰ নামত ছাত্ৰক যৌন নিৰ্যাতন, উচিত তদন্তৰ দাবীত এন এছ ইউ আইৰ প্ৰতিবাদ - Dehradun ragging case

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 9:34 PM IST

Dehradun ragging case: উত্তৰাখণ্ডৰ এখন ব্যক্তিগত বিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এন এছ ইউ আয়ে বিদ্যালয়ৰ চৌহদত ঘটনাটোক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কোনো ৰেগিঙৰ ঘটনা সংঘটিত নোহোৱাৰ দাবী বিদ্যালয় কৰ্তৃপক্ষৰ ।

Dehradun ragging case
ৰেগিঙৰ নামত ছাত্ৰক যৌন নিৰ্যাতন (ETV Bharat)

নেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ : উত্তৰাখণ্ডৰ ডেৰাডুনত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ৰেগিঙৰ নামত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ! অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্ৰই তেওঁক ৰেগিং আৰু যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে । এই গুৰুতৰ অভিযোগৰ পিছতে বিদ্যালয়খনৰ বিৰুদ্ধে এন এছ ইউ আইৰ এটা দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ডি এ ভি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা এন এছ ইউ আইৰ নেতা সিদ্ধাৰ্থ আগৰৱালাৰ নেতৃত্বত এটা দল উপস্থিত হৈ বিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ডেৰাডুনৰ বিদ্যালয়ত ছাত্ৰক যৌন নিৰ্যাতন

ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক বাধা দিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলে বলপূৰ্বকভাৱে গেটখন খুলি বিদ্যালয় চৌহদত প্ৰৱেশ কৰে । এন এছ ইউ আইৰ প্ৰতিবাদকাৰীসকলে বিষয়টো সন্দৰ্ভত অধ্যক্ষৰ সৈতে আলোচনাৰ দাবী জনায় ।

এন এছ ইউ আইৰ নেতা সিদ্ধাৰ্থ আগৰৱালে কয় যে গোটেই ঘটনাটোত বিদ্যালয় কৰ্তৃপক্ষ দোষী আছিল । অভিযুক্ত শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো তেওঁ দাবী জনায় । প্ৰতিবাদৰ মাজতে আৰক্ষীৰ উপস্থিতিত প্ৰতিবাদকাৰীৰ এটা প্ৰতিনিধি দলে বিদ্যালয়খনৰ অধ্যক্ষক সাক্ষাৎ কৰে । দলটোৱে ঘটনাটো সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষক দাবী জনায় । আৰক্ষী আৰু বিদ্যালয়ৰ অধ্যক্ষই আশ্বাস প্ৰদান কৰাৰ পিছতে এন এছ ইউ আয়ে প্ৰতিবাদ স্থগিত ৰাখে । অৱশ্যে এমাহৰ ভিতৰত এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা নহ'লে তেওঁলোকে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে ।

ঘটনাক অস্বীকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ

ঘটনাটো পোহৰলৈ অহাৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষই কৈছিল যে আভ্যন্তৰীণ তদন্তত ৰেগিঙৰ এনে কোনো ঘটনা পোহৰলৈ অহা নাই । ছাত্ৰ-ছাত্ৰীৰ ৰেগিং আৰু যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত তেওঁ কয় যে বিদ্যালয়খনে ইয়াৰ আভ্যন্তৰীণ তদন্ত কৰিছে । অনুসন্ধানৰ সময়ত, ছাত্ৰগৰাকী সহপাঠী বা বন্ধুবৰ্গৰ সৈতে আলোচনা কৰা হৈছে । ইফালে বিদ্যালয় কৰ্তৃপক্ষৰ মতে সকলো শিক্ষাৰ্থী বিদ্যালয়ত একেলগে থাকে । এটা কোঠাত ১০ গৰাকীকৈ শিক্ষাৰ্থী থাকে । তেওঁ কোৱা মতে কোনেও বিদ্যালয় প্ৰশাসনক ৰেগিঙৰ অভিযোগ কৰা নাই । ছাত্ৰজনৰ অভিভাৱকসকলকো এই সন্দৰ্ভত অৱগত কৰা হৈছে ।

লগতে পঢ়ক :ব’ৰ্ডিঙত থকা অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়াৰ পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ - Student Sexual harassment case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.