ETV Bharat / bharat

তৎকালীনভাৱে নাইট ক্লাব, পাব আৰু ডিস্কো বন্ধ হ’ব এই চহৰত - orders shutdown of nightclubs - ORDERS SHUTDOWN OF NIGHTCLUBS

Orders closure of nightclubs : সকলো নাইট ক্লাব, পাব আৰু ডিস্কো তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ ৷ সাধাৰণ জনতা আৰু বিভিন্ন নাগৰিক সমাজৰ সংগঠনৰ ধাৰাবাহিক অভিযোগৰ পিচতে এই সিদ্ধান্ত লোৱা হৈছে ৷

Orders closure of nightclubs
এন এছ চি এন (আই এম)ৰ নিৰ্দেশ (JUSTDIAL)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 4:47 PM IST

তেজপুৰ, 15 মে' : এন এছ চি এন (আই এম)ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত ডিমাপুৰৰ সকলো নাইট ক্লাব, পাব আৰু ডিস্কো তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে সংগঠনটোৱে ৷ পূৰ্বৰ অবিভক্ত ডিমাপুৰ জিলাখনক সামৰি লোৱাৰ লগতে গভীৰ নিশা নাইট ক্লাবত কটোৱা আৰু ইয়াৰ লগত জড়িত অনৈতিক কাৰ্যকলাপ সমূহ সমাধান কৰাৰ লক্ষ্যৰে এই নিৰ্দেশ জাৰি কৰিছে এন এছ চি এন (আই এম) এ ৷

এন এছ চি এন (আই এম)ৰ ইউ টি সম্পাদক ছলমন ছুমীয়ে মঙলবাৰে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে ৷ বিবৃতিত “অস্বাভাৱিক পৰিস্থিতিত গভীৰ নিশা দেখা নাবালিকা” আৰু “নগদ ধনৰ বাবে বিবাহিত পুৰুষ আৰু অস্থানীয় ব্যৱসায়ীসকল জড়িত থকাৰ লগতে বিভিন্ন অনৈতিক কাৰ্যকলাপৰ” অভিযোগৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰিছে সম্পাদকগৰাকীয়ে ৷ বিবৃতিটোত আৰু কোৱা হৈছে যে এই প্ৰতিষ্ঠানসমূহৰ বিষয়ে সাধাৰণ জনতা আৰু বিভিন্ন নাগৰিক সমাজৰ সংগঠনৰ ধাৰাবাহিক অভিযোগৰ পিচতে এই সিদ্ধান্ত লোৱা হৈছে ৷

Orders closure of nightclubs
নাইট ক্লাব, পাব আৰু ডিস্কো তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ (ETV BHARAT ASSAM)

কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে এই উদ্বেগক গুৰুত্ব সহকাৰে লৈ এনে কাৰ্যকলাপ ৰোধৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিছে ৷ নাইট ক্লাব আৰু পাবৰ ওপৰত নিষেধাজ্ঞাৰ উপৰিও কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যালয়ে ড্ৰাগছ ব্যৱসায় আৰু নিজৰ সমগ্ৰ এলেকাৰ ভিতৰত নিষিদ্ধ পদাৰ্থ বিতৰণৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ৷ ছুমীয়ে নগা যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ সেৱন যথেষ্ট বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি এই বৃদ্ধিৰ কাৰণ ড্ৰাগছৰ সহজ উপলব্ধতা বুলি কয় ৷

নিষিদ্ধ দ্ৰব্য বা ড্ৰাগছ বিক্ৰী কৰি ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে এন এছ চি এন (আই এম) কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলে ৷ তদুপৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যালয়ে নিজৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছে যে তেওঁলোকে কাৰ্যালয়টোক ন্যায়িক অধিকাৰক্ষেত্ৰৰ ভিতৰত যিকোনো অনৈতিক কাৰ্যকলাপৰ বিষয়ে অৱগত কৰি ৰাখিব লাগে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সদস্যৰ সৈতে জড়িত যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰা হ’ব বুলিও সকীয়াই দিয়ে তেওঁলোকে ৷

লগতে পঢ়ক : এইবাৰ পাক্ অধিকৃত কাশ্মীৰ দখলৰ হুংকাৰ অমিত শ্বাহৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.