ETV Bharat / bharat

ভাৰতৰ উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে: জ্যোতিৰাদিত্য সিন্ধিয়া - SCINDIA NORTHEAST VISIT

Jyotiraditya Scindia: মিজোৰামত ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া । ভাৰতীয় অৰ্থনীতিত উত্তৰ-পূবৰ যথেষ্ট গুৰুত্ব আছে বুলি মন্তব্য ।

Jyotiraditya Scindia
ভাৰতৰ উন্নয়নত উত্তৰ পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (ANI)
author img

By ANI

Published : Nov 15, 2024, 2:02 PM IST

আইজল: কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই বৃহস্পতিবাৰে তেওঁৰ ৪ দিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই অঞ্চলৰ উন্নয়নৰ প্ৰশংসা কৰে । মিজোৰামত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা দশকত উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্বপূৰ্ণ উন্নয়ন ঘটিছে ।

ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ ইঞ্জিন উত্তৰ-পূৰ্বাঞ্চল

সংবাদ মাধ্যমৰ সন্মুখত ড'নাৰ মন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ চৰকাৰৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিৱৰ্তন কৰা । তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক অপৰিসীম পৰিৱৰ্তন ঘটিছে । উত্তৰ-পূব হৈছে ভাৰতীয় উপমহাদেশত দক্ষিণ-পূব এছিয়াৰ সকলো দেশৰ বাবে সুবিধাজনক স্থান আৰু প্ৰৱেশ দুৱাৰ আৰু ভাৰতৰ বিকাশৰ গতিশীলতাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।"

আন্তঃগাঁথনিৰ লগতে উত্তৰ-পূবৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাষণ প্ৰদান কৰি তেওঁ কয় যে ভাৰত চৰকাৰৰ পৰা বাৰ্ষিক মূলধন ব্যয়ৰ ক্ষেত্ৰত ১ লাখ ৫ হাজাৰ কোটি টকাৰ অধিক লাভ কৰা ৫৫ টা লাইন মন্ত্ৰালয়ৰ মুঠ বাজেটীয় সমৰ্থনৰ ১০ শতাংশ অঞ্চলটোৱে বছৰি প্ৰায় ২৭,০০০ কোটি টকাৰ চৰকাৰী পুঁজি লাভ কৰিছে ।

অঞ্চলটোৰ সামগ্ৰিক আন্তঃগাঁথনিগত উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে পিএমজিএছৱাইৰ অধীনত প্ৰায় ৫০,০০০ কোটি টকা সামৰি ৪৫০০ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰা হৈছে ।

মিজোৰামৰ উন্নয়ন

তেওঁ কয়,"ৰাষ্ট্ৰীয় ঘাইপথসমূহ ১০,০০০ কিলোমিটাৰৰ পৰা ১৬,০০০ কিলোমিটাৰ লৈ বৃদ্ধি কৰা হৈছে । উত্তৰ-পূবত পূৰ্বে মাত্ৰ ৯ টা বিমানবন্দৰ আৰু দুখন ৰাজ্যত এটাও বিমানবন্দৰ নাছিল । আজি উত্তৰ-পূবৰ ৮ খন ৰাজ্যত ১৭ টা বিমানবন্দৰ আছে । ৰে'লৱেৰ ক্ষেত্ৰত কেৱল এখন ৰাজ্যৰে সংযোগ কৰা হৈছিল কিন্তু আজি ৩ খন ৰাজ্য সংযুক্ত হৈ আছে আৰু সোনকালেই সকলো ৰাজ্য ৰে'লৱেৰ দ্বাৰা সংযোগ কৰা হ'ব । তেওঁ কয় যে মিজোৰামৰ বাবে নিৰ্দিষ্ট ৰে'লপথৰ উন্নয়নৰ বাবে আনুমানিক ৮২,০০০ কোটি টকাৰ সৈতে অঞ্চলটোত ১৯ টা ৰে'ল প্ৰকল্প হাতত লোৱা হৈছে ।"

পূৰ্বতকৈ অধিক পুঁজি লাভ কৰিছে মিজোৰামে

তেওঁ কয় যে ২০০৪-২০১৪ ৰ ভিতৰত প্ৰায় ১০ বছৰত মিজোৰামে মাত্ৰ ৪,৭৩৪ কোটি টকা লাভ কৰিছিল যাৰ অৰ্থ হৈছে প্ৰতি বছৰে গড়ে ৫০০ কোটি টকাৰো কম কিন্তু আজি মিজোৰামে প্ৰায় ৩৩,১৭৮ কোটি টকা লাভ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "৯১০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰায় ৬০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰিডৰৰ এলেকাসমূহত ১১,৪৬৫ কোটি টকাৰ পুঁজিত অনুমোদন দিয়া হৈছে আৰু মিজোৰামক ২০১৬ চনৰ মে' মাহত বৈৰাবিত ভাৰতীয় ৰে'লৰ ব্ৰড-গজৰ সৈতে সংযুক্ত কৰা হৈছে আৰু এতিয়া বৈৰাবিৰ পৰা ছাইৰাং ৰে'ল লাইন প্ৰকল্পৰ অধীনত ৪২১৩ কোটিৰ পুঁজিৰে ৫২ কিলোমিটাৰ পথৰ কাম চলি আছে । ৪৩ টা সুৰংগ আৰু ১৪২ খন দলঙৰ সৈতে এই প্ৰকল্পৰ প্ৰায় ৯৩ শতাংশ কাম সম্পূৰ্ণ হৈছে ।"

তেওঁ লগতে অসামৰিক বিমান পৰিবহন খণ্ড, দূৰসংযোগ, পৰ্যটন, উদ্যানশস্য আৰু কৃষিক্ষেত্ৰত মিজোৰামৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে । ইফালে মিজোৰামত ড'নাৰ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠকো অনুষ্ঠিত হয় । য'ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আইজলৰ মিজোৰাম চৰকাৰৰ পৰিকল্পনা আৰু ৰূপায়ণ বিভাগৰ কনফাৰেন্স হলত মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা আৰু তেওঁৰ দলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে । ইফালে শিশু দিৱসৰ লগতে সংগতি ৰাখি তেওঁ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো সাক্ষাৎ কৰে ।

লগতে পঢ়ক :ভাৰত আমেৰিকাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আছে: বিদেশ মন্ত্ৰণালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.