ETV Bharat / bharat

NIA ৰ জালত মণিপুৰত চাৰিগৰাকী নিৰীহক হত্যাত জড়িত প্ৰথমজন অভিযুক্ত - NIA probe into Manipur firing

author img

By ANI

Published : Jun 9, 2024, 9:59 PM IST

Manipur killing: মণিপুৰত চাৰিগৰাকীকৈ নিৰীহ লোকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লুনমিন্সেই কিপগেন নামৰ এজন লোকক ৷ উগ্ৰপন্থী সংগঠনৰ কেডাৰ আছিল কিপগেন ৷

Manipur killing
National Investigation Agency (File photo)

নিউজ ডেস্ক, 9 জুন: চলিত বৰ্ষৰ জানুৱাৰী মাহত মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত হোৱা চাৰিজন সাধাৰণ নাগৰিকৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই । মণিপুৰৰ বাসিন্দা লুনমিন্সেই কিপগেন ওৰফে লেংগিনমাং ওৰফে মাং ওৰফে লেভিক শনিবাৰে অসমৰ গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা NIA ই অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু অস্ত্ৰ আইনৰ সংশ্লিষ্ট ধাৰাত গ্ৰেপ্তাৰ কৰে ।

"২০২৪ চনৰ ১৮ জানুৱাৰীত বিষ্ণুপুৰৰ নিংথৌখং খা খুনৌত অৱস্থিত পানী পৰিশোধন কাৰখানাৰ সমীপত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে চাৰিজন সাধাৰণ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰিছিল ৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন অভিযুক্ত হৈছে লুনমিনছেই কিপগেন । আক্ৰমণকাৰীয়ে অত্যাধুনিক অস্ত্ৰৰে নিৰ্বিচাৰ গুলীচালনা কৰিছিল, যাৰ ফলত সেই অভিশপ্ত বিয়লি চাৰিগৰাকীকৈ সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল ।’’ NIA ৰ সূত্ৰই এইদৰে কয় ।

লগতে পঢ়ক: মণিপুৰ হিংসা: প্ৰতিদ্বন্দ্বী জনগোষ্ঠীৰ মাজত সংঘৰ্ষত নিহত 2, আহত 5 জন

চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত গোচৰটো (আৰ চি-০১/২০২৪/এন আই এ/আই এম পি) পঞ্জীয়ন কৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্তৰ সময়ত জানিব পাৰিছিল যে কিপগেন এই লোমহৰ্ষক আক্ৰমণৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল ৷ মণিপুৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই উত্তৰ-পূবৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷

সংস্থাটোৱে জনোৱা মতে, পূৰ্বে কুকি উগ্ৰপন্থী সংগঠন কেএনএফ (পি)ৰ কেডাৰ আছিল কিপগেন ৷ বৰ্তমানৰ হিংসাত্মক পৰিস্থিতিৰ সময়ত কিপগেনে আন এটা কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি নেশ্যনেল আৰ্মি (ইউকেএনএ)ত যোগদান কৰিছিল আৰু ভয়ংকৰ হত্যাকাণ্ডত তেওঁৰ হাত আছিল ৷ এই আক্ৰমণৰ ফলত চাৰিজন হ’ল থিয়াম সোমেন, অইনাম বামোইজাও আৰু তেওঁৰ পুত্ৰ অইনাম মণিতোম্বা টাখেলাম্বাম মনোৰঞ্জন ৷

লগতে পঢ়ক: মণিপুৰত পুনৰ হিংসা, 4 জনৰ মৃত্যু 7 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.