ETV Bharat / bharat

NEET বিতৰ্ক: ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ নেতৃত্বত গঠন উচ্চ পৰ্যায়ৰ সমিতি - NEET ROW

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:43 PM IST

NEET Row: শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাৰ স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছে । ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠন কৰা হৈছে এই সমিতি । দুমাহৰ ভিতৰত দিব প্ৰতিবেদন ।

NEET Row
NEET বিতৰ্ক: ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ নেতৃত্বত গঠন উচ্চ পৰ্যায়ৰ সমিতি (ETV Bharat)

নেশ্যনেল ডেস্ক,২২ জুন : UGC NET বাতিলক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাৰ স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে বিশেষজ্ঞৰ এক উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছে । সমিতিখনে পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰণালী উন্নত কৰা, তথ্য সুৰক্ষা প্ৰট'কল উন্নত কৰা আৰু এনটিএৰ গাঁথনি আৰু কাৰ্যকলাপ উন্নত কৰাৰ বিষয়ে পৰামৰ্শ দিব ।

কেন্দ্ৰই শনিবাৰে উল্লেখ কৰা মতে ইছৰোৰ প্ৰাক্তন মুৰব্বীৰ নেতৃত্বত গঠন কৰা হৈছে এই উচ্চ-পৰ্যায়ৰ সমিতি । সমিতিখনে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ তথা আইআইটি কানপুৰৰ বিঅ'জিৰ অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ অধ্যক্ষতাত কাম কৰিব । শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে সমিতিখনে দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰণালীত সংস্কাৰ, তথ্য সুৰক্ষা প্ৰটোকলৰ উন্নতি আৰু এনটিএৰ গাঁথনি আৰু কাৰ্যকলাপৰ ওপৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব ।

সমিতিখনৰ আন সদস্যসকলৰ ভিতৰত আছে এইমছ দিল্লীৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়া, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি জে ৰাও, অধ্যাপক এমিৰিটাছ, অসামৰিক অভিযান্ত্ৰিক বিভাগ, আইআইটি মাদ্ৰাজৰ অধ্যাপক ৰামমূৰ্তি কে, পিপল ষ্ট্ৰং আৰু ব'ৰ্ডৰ সদস্য-কৰ্মযোগী ভাৰতৰ সহ-প্ৰতিষ্ঠাপক পংকজ বনচাল, আইআইটি দিল্লীৰ ডিন ষ্টুডেণ্ট এফেয়াৰ্ছ অধ্যাপক আদিত্য মিত্তাল, শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব গোবিন্দ জয়ছোৱাল ।

সমিতিয়ে এনটিএৰ বিদ্যমান ডাটা সুৰক্ষা প্ৰক্ৰিয়া আৰু প্ৰট'কলৰ মূল্যাঙ্কন কৰিব আৰু ইয়াৰ উন্নতিৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিব । বিভিন্ন পৰীক্ষাৰ বাবে কাগজ-ছেটিং আৰু অন্যান্য প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত বিদ্যমান সুৰক্ষা প্ৰট'কলবোৰো পৰীক্ষা কৰি প্ৰণালীটোৰ দৃঢ়তা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ দিব সমিতিয়ে ।

লগতে পঢ়ক :NEET-NET বিতৰ্কৰ মাজতে বলৱৎ প্ৰশ্নকাকত ফাদিল বিৰোধী আইন - Anti paper leak law for exams

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.