ETV Bharat / bharat

অৰুণাচল প্ৰদেশত প্ৰৱেশত বাধা জগদগুৰু শংকৰাচাৰ্যক - JAGADGURU SHANKARACHARYA

author img

By ETV Bharat Assamese Team

Published : 12 hours ago

Jagadguru Shankaracharya in Arunachal Pradesh : কিয় অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল জগদগুৰু শংকৰাচাৰ্যক ? অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই বিমান বন্দৰৰ পৰাই জগদগুৰুক ওভতাই পঠিওৱাৰ কাৰণ কি ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋতুম তালিৰ টেলিফোনিক সাক্ষাৎকাৰ...

Jagadguru Shankaracharya in Arunachal Pradesh
অৰুণাচলত প্ৰদেশত বাধা জগদগুৰু শংকৰাচাৰ্যক (ETV Bharat Assam)

তেজপুৰ, ২৬ ছেপ্টেম্বৰ : ‘‘আমি এখন জনগোষ্ঠীয় ৰাজ্যত বাস কৰো আৰু জনগোষ্ঠীয় লোক হোৱাৰ বাবে আমি কিছুমান খাদ্য গ্ৰহণ কৰো, কিন্তু আমি কাৰো বিৰোধিতা নকৰো । যিহেতু আমাৰ সংস্কৃতি তেনেধৰণৰ গতিকে আমি কি খাম নাখাম সেয়া আমাক শিকাব নালাগে , এয়া আমাৰ সাংবিধানিক অধিকাৰ ৷’’- এই মন্তব্য সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋতুম তালিৰ ।

উল্লেখ্য যে বৃহস্পতিবাৰে জগদগুৰু শংকৰাচাৰ্যক অৰুণাচল প্ৰদেশৰ ইটানগৰ ভ্ৰমণৰ পৰা ওভতাই পঠিয়াই অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই । আপছুৰ সাধাৰণ সম্পাদক ঋতুম তালিয়ে এই বিষয়ে সদৰী কৰি কয় যে ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ তেওঁক বিমানবন্দৰৰ পৰা ঘূৰাই পঠিওৱা হয় ।

এই সমগ্ৰ প্ৰতিবাদ সম্পৰ্কে সদৌ অৰুণাচল প্ৰদেশৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋতুম তালিয়ে ই টিভি ভাৰতৰ লগত হোৱা এক বিশেষ টেলিফোন বাৰ্তালাপত কয়, ‘‘অৰুণাচল প্ৰদেশ এখন জনজাতীয় ৰাজ্য ৷ সেয়েহে ইয়াত সকলো জনগোষ্ঠীৰ লোকে নিজৰ খাদ্যাভ্যাস পূৰ্বৰ ৰুচি অনুসৰি গ্ৰহণ কৰি আহিছে । এই প্ৰচেষ্টাত কোনোৱে আহি বাধা দিলে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ সেইবাবে জগদগুৰু শংকৰাচাৰ্যক ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ দিয়াত বাধা প্ৰদান কৰা হয় আৰু তেওঁক ইটানগৰৰ হোলংগীৰ ডনী প'লো বিমানবন্দৰৰ পৰা ঘূৰাই পঠিওৱা হয় ৷’’

তেওঁ কয়, ‘‘জগদগুৰু শংকৰাচাৰ্যই বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.২০ বজাত বিমানবন্দৰত আহি উপস্থিত হৈছিল আৰু প্ৰায় ডেৰঘণ্টা সময় বিমানবন্দৰত অতিবাহিত কৰি তেওঁ উভতি যায় ৷’’

ছাত্ৰ সংগঠনটোৰ সম্পাদকগৰাকীয়ে পুনৰ কয়, ‘‘ ভাৰতীয় সংবিধান মতে সকলোৰে নিজৰ অধিকাৰ আছে , সেই অধিকাৰ অনুসৰি সকলোকে চলিবলৈ দিব লাগে ৷ আমি কোনো ব্যক্তি বিশেষৰ বিৰোধী নহয়, কাৰো অধিকাৰ খৰ্ব নকৰো, কিন্তু এখন জনগোষ্ঠীয় ৰাজ্য হিচাবে অৰুণাচল প্ৰদেশত ১০০ শতাংশ লোকে পূৰ্বৰ পৰা গো-ভক্ষণ কৰি আহিছে ৷ কিন্তু বহুতে পূজাও কৰে যদিও বৰ্তমান বহুলোকে পূৰ্বৰ ভক্ষণ ব্যৱস্থা বাদ দিছে ৷’’

জগদগুৰু শংকৰাচাৰ্যই আজি পাহাৰীয়া ৰাজ্যখনত গৌধ্বজ স্থাপনা ভাৰতযাত্ৰাৰ অংশ হিচাপে বৃহস্পতিবাৰে চাৰ্টাৰ্ড বিমানেৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ হোলংগীৰ ডনী প'লো বিমানবন্দৰত উপস্থিত হৈছিল । কিন্তু তেওঁৰ এই যাত্ৰাই ৰাজ্যখনৰ আইন-শৃংখলা পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনা থকা বাবেই বিমানবন্দৰৰ পৰা ঘূৰাই পঠিওৱা হয় বুলি আপছুৰ সাধাৰণ সম্পাদক তালিয়ে কয় ।

তেওঁৰ এই ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সদস্যসকলে বিমানবন্দৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে । পাপুম পাৰে জিলা প্ৰশাসনে জগদগুৰু আৰু তেওঁৰ শিষ্যসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ ভ্ৰমণ স্পৰ্শকাতৰ বাবে তেওঁলোকক উভতি যাবলৈ পতিয়ন নিয়াই । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ গো-বধৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে জগদগুৰুৱে । ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত তেওঁৰ এই যাত্ৰাৰ আৰম্ভণি কৰিছিল ।

উল্লেখযোগ্য যে, জগদগুৰু শংকৰাচাৰ্যই অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ সময়তো বিৰোধিতা কৰিছিল ৷

লগতে পঢ়ক : গণেশ চতুৰ্থীৰ বাবে গৰুৰ গোবৰেৰে নিৰ্মাণ পৰিৱেশ অনুকূল গণেশৰ মূৰ্তি

গো সংৰক্ষণ আৰু গো-হত্যাক লৈ ৰাজনীতি নকৰিব: সত্যৰঞ্জন বৰা

মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.