নিউজ ডেস্ক, 13 মাৰ্চ : বুধবাৰে হাৰিয়ানাৰ নায়ব সিং সাইনি চৰকাৰে বিধানসভাত ধ্বনি ভোটৰ জৰিয়তে আস্থা ভোটত জয়লাভ কৰে ৷ এই প্ৰস্তাৱৰ ওপৰত বিধানসভাত দুঘণ্টা জুৰি আলোচনা হয় ৷
জননায়ক জনতা পাৰ্টিয়ে (JJP) আস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ সময়ত সদনত অনুপস্থিত থাকিবলৈ কোৱা 10 জন বিধায়কক হুইপ জাৰি কৰিছিল ৷ কিন্তু আস্থা ভোটৰ বিষয়টো লোৱাৰ সময়ত তেওঁলোকৰ পাঁচজন বিধায়কে সদন ত্যাগ কৰে ৷
90 জনীয়া ৰাজ্যিক বিধানসভাত বিজেপিৰ 41 জন বিধায়ক আছে আৰু ই সাতজন নিৰ্দলীয়ৰ ভিতৰত 6 জনৰ লগতে হাৰিয়ানা লোকহিত দলৰ একমাত্ৰ বিধায়ক গোপাল কান্দাৰ সমৰ্থন লাভ কৰিছে ৷ জননায়ক জনতা পাৰ্টিৰ সদনত 10 জন বিধায়ক আছে ৷ প্ৰধান বিৰোধী কংগ্ৰেছৰ 30 জন বিধায়ক আছে আৰু ইণ্ডিয়ান নেশ্যনেল লোক দলৰ এজন আছে ৷
বিশেষ অধিৱেশনত মুখ্যমন্ত্ৰী সাইনিয়ে আস্থা ভোটৰ প্ৰস্তাৱ দিয়াৰ পিচতে জে জে পিৰ বিধায়ক- দেৱেন্দৰ সিং বাবলী, ৰাম কুমাৰ গৌতম, ঈশ্বৰ সিং, ৰাম নিৱাছ আৰু যোগী ৰাম সিহাগ সদনৰ পৰা বাহিৰলৈ ওলাই আহে ৷
মুখ্যমন্ত্ৰী সাইনিয়ে প্ৰস্তাৱ উত্থাপন কৰাৰ পূৰ্বে কংগ্ৰেৰ বিধায়কসকলে অধ্যক্ষ জ্ঞান চান্দ গুপ্তাৰ পৰা বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ জৰুৰী কথা জানিবলৈ বিচাৰে ৷ আনকি হুডাই অধ্যক্ষক অধিৱেশন কমেও এঘণ্টাৰ বাবে স্থগিত ৰাখিবলৈ কয় যাতে বিধায়কসকলে বিধানসভাত উপস্থিত হ’ব পাৰে ৷
অৱশ্যে সময়মতে সদনত উপস্থিত হোৱাটো সদস্যসকলৰ কৰ্তব্য বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷ আলোচনা হওঁক আৰু ইয়াৰ মাজতে সদস্যসকল সদনত উপস্থিত হ’ব পাৰে বুলিও অধ্যক্ষগৰাকীয়ে কয় ৷
উল্লেখ্য যে, মনোহৰ লাল খট্টৰে কেবিনেট মন্ত্ৰীসকলৰ সৈতে মুখ্যমন্ত্ৰী পদৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰাৰ কেইঘণ্টামানৰ পাচত মঙলবাৰে বিজেপিয়ে সাইনিক হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷
লগতে পঢ়ক : হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ নায়ব সিং সাইনিৰ