ETV Bharat / bharat

ঝাৰখণ্ডৰ চাইবাছাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ : আহত সেনা জোৱান - Naxalites IED Blast in Jharkhand

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 12:36 PM IST

Naxalites IED Blast in Jharkhand : ঝাৰখণ্ডৰ চাইবাছাত পুনৰ আই ই ডি বিস্ফোৰণ নক্সালবাদীৰ । এই বিস্ফোৰণত কোব্ৰা বেটেলিয়নৰ এজন সেনা আহত হয় ।

Naxalites IED Blast in Jharkhand
ঝাৰখণ্ডৰ চাইবাছাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ (ETV Bharat)

নিউজ ডেস্ক, ৮ আগষ্ট : ঝাৰখণ্ডৰ চাৰান্দা জিলাত নক্সালবাদীয়ে এক আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে । এই ঘটনাত এজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । আহত জোৱানজনক বিমানেৰে ৰাঁচীলৈ লৈ যোৱা হৈছে । বিস্ফোৰণটো চাইবাছাৰ জাৰাইকেলাৰ বালিবা অৰণ্যত সংঘটিত হয় ।

উল্লেখ্য যে, পশ্চিম সিংভূম জিলাত নক্সালবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি আছে । এই অভিযান কালত বৃহস্পতিবাৰে পুৱা চাৰান্দা বনাঞ্চলত নক্সালবাদীয়ে এটা আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই বিস্ফোৰণত কোব্ৰা বেটেলিয়নৰ এ এছ আই এজন আহত হয় । আহত জোৱানজন কোব্ৰা ২০৯ বেটেলিয়নৰ জিতেন্দ্ৰ দানি বুলি জানিব পৰা গৈছে । আৰক্ষীৰ মুখ্য কাৰ্যালয় তথা আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাটো নিশ্চিত কৰিছে ।

আৰক্ষীয়ে তথ্য লাভ কৰে যে নিষিদ্ধ চি পি আই মাওবাদী নক্সাল সংগঠন মিছিৰ বেছৰা, অনল, অনমোল, অশ্বিন, পিন্টু লোহৰা, চন্দন লোহৰা, অমিত হান্সদা আদি শীৰ্ষ নেতাসকল দলৰ আন সদস্যসকলৰ সৈতে চাৰাণ্ডা জিলাৰ কোলহানে অঞ্চলত বিচৰণ কৰি আছে । এই খবৰ লাভ কৰাৰ পিচতে বুধবাৰৰ পৰা ছোটানাগাৰা আৰু জাৰাইকেলা আৰক্ষী থানা অঞ্চলৰ সীমান্ত বন অঞ্চলত চি আৰ পিএফ, কোব্ৰা আৰু জিলা আৰক্ষী বাহিনীৰ দ্বাৰা এক যুটীয়া অভিযান আৰম্ভ কৰা হয় ।

এই অভিযানৰ সময়তে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ছোটানাগৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভানগ্ৰাম বালিবাৰৰ চৌপাশে থকা অৰণ্য আৰু পাহাৰীয়া এলেকাত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি নক্সালবাদীয়ে স্থাপন কৰা এটা আই ই ডি বিস্ফোৰণ কৰা হয় । দুৰ্ঘটনাটোত কোব্ৰা ২০৯ বেটেলিয়নৰ এছ আই জিতেন্দ্ৰ দানি আহত হয় । অৱশ্যে আহত জোৱানজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনোৱা হৈছে ।

ইফালে এই ঘটনাৰ পিচতে আৰক্ষী বাহিনীৰ দ্বাৰা তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰি ৰাঁচীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু ঝাৰখণ্ড চেক্টৰৰ চি আৰ পি এফৰ সহযোগত প্ৰাথমিক চিকিৎসাৰ পিচত আহত জোৱানজনক উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰৰ জৰিয়তে ৰাঁচীলৈ প্ৰেৰণ কৰা হয় । আনহাতে, নক্সালবাদীৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে ।

লগতে পঢ়ক :হিমাচলত পুনৰ ডাৱৰ বিস্ফোৰণ : বহু লোকৰ মৃত্যু - Cloudburst in Himachal
লগতে পঢ়ক :মণিপুৰৰ কাকচিঙত অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী জব্দ সেনা-আৰক্ষীৰ - ARMS RECOVERD IN MANIPUR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.