ETV Bharat / bharat

আমি এগৰাকী ন-উদ্ভাসিত মোদীক প্ৰত্যক্ষ কৰিম ; জ্যেষ্ঠ সাংবাদিক এন ৰাম - Journalist N Ram on Modi Govt - JOURNALIST N RAM ON MODI GOVT

Senior Journalist N Ram on Modi Govt : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগন্তুক চৰকাৰখন পূৰ্বতকৈ কিমান পৃথক হ'ব পাৰে ? এই নতুন চৰকাৰ ব্যৱস্থাত এন ডি এ মিত্ৰজোঁটৰ অংশীদাৰসকল ক'ত থিয় হৈ আছে ? বিজেপিয়ে কি কি আপোচ কৰিব লাগিব ? এই সকলো বিষয় সন্দৰ্ভত নিজৰ স্পষ্ট মত প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক এন ৰামে । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আগন্তুক মোদী চৰকাৰ সন্দৰ্ভত আৰু কি কি ক'লে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।

Senior Journalist N Ram on Modi Govt
জ্যেষ্ঠ সাংবাদিক এন ৰামৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 3:44 PM IST

বিশেষ প্ৰতিবেদন, ১২ জুন : এই মুহূৰ্তত দেশৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মোদী 3.0 চৰকাৰৰ ওপৰত । লগতে এইটো চাবলৈও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে মোদীয়ে পুৰণি শৈলীতে চৰকাৰ চলাব নে নতুন পদ্ধতি অৱলম্বন কৰিব । এই কথাবোৰ এতিয়া এই কাৰণেই উত্থাপন হৈছে যে বৰ্তমান প্ৰকৃতাৰ্থত মিত্ৰজোঁটৰ চৰকাৰ ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনে বিজেপিৰ বাবে এক আশ্চৰ্যকৰ ফলাফল প্ৰদান কৰে । কিয়নো এই নিৰ্বাচনত বিজেপিৰ ৩২ খন কম হোৱাৰ বাবে সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হয় । লগতে ২০১৯ চনত লাভ কৰা আসন সংখ্যাৰ পৰা ৬৩ খন আসন হেৰুৱাবলগা হোৱাত এইবাৰ মাত্ৰ ২৪০ খনহে লাভ কৰিবলৈ সক্ষম হয় । যাৰ ফলত 'অজেয়' মোদী ঢৌ বহু পৰিমাণে ম্লান পৰে । তথাপিও মিত্ৰজোঁটৰ অংশীদাৰ দলৰ সহায়ত মোদী তৃতীয়বাৰৰ বাবে ৰাজপাটত বহে ।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগন্তুক চৰকাৰখন পূৰ্বতকৈ কিমান পৃথক হ'ব পাৰে এই বিষযে জানিবলৈ ইটিভি ভাৰতে কথা পাতিছিল জ্যেষ্ঠ সাংবাদিক এন ৰামৰ সৈতে । উক্ত সাক্ষাৎকাৰত এন ৰামে স্পষ্টকৈ কেইবাটাও কথা ব্যক্ত কৰে । তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰটোৰ কিয়দংশ ইয়াত আগবঢ়োৱা হৈছে ।

ইটিভি ভাৰত : মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকাল লাভ কৰিছে । তেনে ক্ষেত্ৰত আমি এতিয়া কেনে পৰিৱৰ্তনৰ সাক্ষী হ'ব পাৰোঁ ? আপুনি ভাবেনে যে শাসন ব্যৱস্থা পূৰ্বৰ সময়ৰ দৰে একে হ'ব ?

এন ৰাম : নহয় । এই কাৰ্যকালটো বিগত ১০ বছৰতকৈ বহু বেলেগ হ'ব । দৰাচলতে, এই ফলাফলটো হৈছে গেম চেঞ্জাৰ । মোদীয়ে তেওঁৰ প্ৰথম কাৰ্যকালত এক উন্নয়নমুখী কাৰ্যসূচী লৈ আহিছিল । তেওঁলোকে 32% ভোট লাভ কৰিছিল আৰু দেশৰ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈ পৰিছিল । তাৰ পিচত 2019 চনত দলটোৰ ভোট শতাংশ 37% লৈ উন্নীত হৈছিল আৰু 303 খন আসন লাভ কৰিছিল । আৰু মই ভাবোঁ তাতেই সমগ্ৰ কাৰ্যসূচী সলনি হৈছিল ।

চি এ এ (নাগৰিকত্ব সংশোধনী আইন) প্ৰথম কাৰ্যকালৰ শেষৰ ফালে প্ৰৱৰ্তন কৰা হৈছিল, কিন্তু দ্বিতীয় কাৰ্যকালৰ পিচত কাৰ্যকৰী হৈছিল । অৰ্থাৎ দ্বিতীয়টো কাৰ্যকালত অধিক আক্ৰমণাত্মক হৈ পৰিছিল । সাম্প্ৰদায়িক মঞ্চ অধিক শক্তিশালী আৰু আক্ৰমণাত্মক হৈ পৰিছিল । তাৰ পিচত এন আৰ চিৰ (ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) অনুশীলন আৰম্ভ হৈছিল । এইটোৱেও যথেষ্ট চিন্তাৰ সৃষ্টি কৰিছিল । আৰু তাৰ পিছত কাশ্মীৰ আৰু অনুচ্ছেদ ৩৭০ আৰু ইণ্ডিয়া ব্লকৰ দ্বাৰা শাসিত ৰাজ্য আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভাৰ্চুৱেল যুদ্ধ ।

লগতে পঢ়ক :চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony

বিৰোধীশাসিত ৰাজ্যসমূহত ৰাজ্যপালসকলক আইনী পদক্ষেপবোৰ বিফল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোকে অত্যন্ত বিদ্বেষপূৰ্ণ আচৰণ কৰিছিল । আনকি আগশাৰীৰ ৰাজনীতিবিদসকলৰ বিৰুদ্ধেও বহু কেন্দ্ৰীয় সংস্থা লগোৱা হৈছিল ।

আনহাতে, বিজেপিৰ বিৰোধিতা কৰাসকলৰ দ্বাৰা শাসিত ৰাজ্যবোৰে এতিয়া স্বস্তিৰ উশাহ ল'ব পাৰে দুটা মুখ্য শক্তিৰ বাবে । ইয়াৰে প্ৰথম শক্তি হৈছে চন্দ্ৰবাবু নাইডু । আনহাতে, দ্বিতীয় শক্তি হৈছে নীতিশ কুমাৰ । তেওঁলোক দুয়োৱে বিশেষকৈ নাইডুৱে পূৰ্বতে বিজেপিক যথেষ্ট সমালোচনা কৰিছিল । অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ দুয়োখন ৰাজ্যৰে বিশেষ মৰ্যাদাৰ দাবী আছে । তেওঁলোকে ৰাজ্য বা ৰাজ্যৰ অধিকাৰৰ সপক্ষে দৃঢ়ভাৱে মাত মাতে । গতিকে বিজেপিৰ বাবে চৰকাৰখন আগৰ দৰে চলোৱাটো কঠিন হ'ব, বিশেষকৈ মোদী আৰু অমিত শ্বাহৰ বাবে । তেওঁলোকে পুৰণি ধৰণে কাম কৰিব নোৱাৰিব বুলি মই ভাবোঁ ।

তেওঁ (মোদী) এই দুজন তথাকথিত কিংমেকাৰৰ ওপৰত নিৰ্ভৰশীল । বিশেষকৈ চন্দ্ৰবাবু নাইডু, যিগৰাকী শক্তিশালী আৰু অভিজ্ঞ নেতা । তেওঁৰ দল টিডিপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । নীতিশ কুমাৰৰ দলেও বিজেপি আৰু অন্যান্যৰ সৈতে মিত্ৰতা কৰি আসন লাভ কৰিছে । চৰকাৰৰ ভিতৰত দৰদাম হ'ব । কিয়নো এই মন্ত্ৰীসকল (টিডিপি আৰু জেডিইউৰ) কেতিয়াও ডামী নহ'ব । তেওঁলোকে অন্ততঃ নিজকে দৃঢ়তাৰে দাবী কৰিব ।

ইয়াত জনতা দল চেকুলাৰো আছে । কৰ্ণাটকত তেওঁলোকে মাত্ৰ দুখন আসন লাভ কৰিছে । কিন্তু তেওঁলোকে প্ৰায় 5.6% ভোট লাভ কৰিছে । যদি আপুনি তেওঁলোকক লক্ষ্য কৰে, তেন্তে তেওঁলোকে কৰ্ণাটকত বিজেপিৰ পক্ষত ভাৰসাম্য ৰক্ষা কৰে । তেওঁলোকৰ দৰদাম কৰাৰ ক্ষমতা আন দুটা দলৰ দৰে একে নহয় যদিও তেওঁলোককো উপেক্ষা কৰিব নোৱাৰি ।

লগতে পঢ়ক :আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

ইটিভি ভাৰত : সংবাদ মাধ্যমৰ প্ৰচাৰ আৰু এগজিট প'ল সন্দৰ্ভত কি ক'ব ?

এন ৰাম : এগজিট প'লবোৰ বাস্তৱৰ পৰা বহু দূৰৈত আছিল । আমাৰ সাংবাদিকসকলৰো ইয়াৰ বাবে বহুত কৃতিত্ব আছে । বহু সৎ সাংবাদিকে তৃণমূল পৰ্যায়ৰ তথ্যবোৰ লৈ আহিছিল । আৰু মই উদাহৰণ স্বৰূপে সেইটো হিন্দুত জানো । আমাৰ সম্পাদক সুৰেশ নামপথে তৃণমূলৰ পৰা প্ৰতিবেদন লাভ কৰিছিল। আৰু এগজিট প'ল ওলোৱাৰ পিচত এয়া অতি স্পষ্ট হৈছে । তেওঁৰ প্ৰতিবেদন আছিল যে কেৱল বিজেপিৰ বাবে এই সংখ্যা 250 ৰ তলত হ'ব লাগে । মই নাজানো কেনেকৈ এগজিট প'লবোৰে ইয়াক ইমান ভুলকৈ লাভ কৰিছিল । সৰ্বাধিক বিশ্বাসযোগ্যতা থকা প্ৰদীপ গুপ্তাই (এক্সিছ মাই ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া) লাইভ টেলিভিছনত কান্দিছিল । তেওঁলোকে তেওঁক কন্দুৱাইছিল, কাৰণ তেওঁলোকে তেওঁক বাছৰ তললৈ দলিয়াই দিছিল । আৰু সেইটো চাবৰ বাবে একেবাৰে ভাললগা দৃশ্য নাছিল । কিয়নো তেওঁ পূৰ্বতে অতি নিৰ্ভৰযোগ্য ফলাফল লৈ আহিছিল আৰু আপুনি এগৰাকী পেছাদাৰী ব্যক্তিক তেনে ব্যৱহাৰ কৰিব নোৱাৰে । কিন্তু মই সেই অৰ্থটোৱেই বুজাইছোঁ । এই এগজিট প'লবোৰৰ ভাগ্য এইটোৱেই । তাৰ পিচত তেওঁলোক চাপৰ সন্মুখীন হয় । তেওঁলোকে বুজাব লাগিব কেনেকৈ তেওঁলোক সকলোৱে এইটো ভুল কৰিছিল ।

ইটিভি ভাৰত : মিত্ৰজোঁটৰ চৰকাৰ বিজেপি চৰকাৰৰ বাবে নতুন কথা নহয় । ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আছিল । আপুনি কিয় ভাবে যে এইটো মোদীৰ বাবে কঠিন কাম হ'ব ?

এন ৰাম : গুজৰাট বা কেন্দ্ৰত মিত্ৰজোঁট ব্যৱস্থাৰ সৈতে মোকাবিলা কৰাৰ কোনো প্ৰকৃত অভিজ্ঞতা মোদীৰ নাই । কিয়নো তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতেও সদায় বৃহৎ জয় লাভ কৰি আহিছে ।

সংঘ পৰিয়ালৰ উত্থানৰ সময়ত বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল আৰু তেওঁ এগৰাকী অতি পৰিপক্ব ৰাজনীতিবিদ আছিল... যদি আপুনি তেতিয়াৰ বিজেপিৰ ইস্তাহাৰবোৰ লক্ষ্য কৰে, ৰাম মন্দিৰৰ বিষয়টো সদায় তাত নাছিল । একমাত্ৰ আডৱানীয়েই এগৰাকী ব্যক্তি আছিল, যিয়ে ইয়াক কেন্দ্ৰীয় মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছিল । কিন্তু তাৰো বিৰোধিতা হৈছিল, মুখ্যত মিত্ৰজোঁটৰ অংশীদাৰসকলে সেইটো বিচৰা নাছিল । বাজপেয়ী প্ৰতিশ্ৰুতিবদ্ধ আছিল, কিন্তু ইমান পৰ্যায়লৈকে নহয়, যিটো পৰ্যায়লৈকে আনসকল আছিল । কিন্তু যদি আপুনি ব্যক্তিগত ধৰ্মৰ সৈতে একক বৃহত্তম দল হয় আৰু মুখ্যত এক ব্যক্তিৰ দল হয়, তেনেহ'লে আনৰ সৈতে সমান ব্যৱহাৰ কৰাটো অতি কঠিন হয় ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ তিনি ৰাজ্যত কিয় খালী হাতে উভতিল বিজেপি ? - lok sabha election results 2024

এইটো এতিয়া বেলেগ পৰ্যায়ত আছে । তেওঁলোকৰ এজন নেতা আছে, যিগৰাকী বহু আকৰ্ষণীয় । কিন্তু সেই কৰিশ্মাটো এতিয়া অলপ ম্লান হৈ গৈছে । এই বিষয়ত কোনো প্ৰশ্নবোধক নাই । নিৰ্বাচনৰ সকলো তথ্য, জৰীপ, চি এছ ডি এছ বিশ্লেষণ সকলোৱে সেইটোলৈ আঙুলিয়াই দিয়ে । বিজেপিৰ ভোটৰ অংশও হ্ৰাস পাইছে । এগজিট প'লবোৰে 40% তকৈ অধিক ভোটৰ ভৱিষ্যদ্বাণী কৰিছিল । আনকি চি এছ ডি এছ সমীক্ষায়ো সেইটোতে ৰাখিছিল । কিন্তু প্ৰকৃততে ই হয়গৈ 36.5%, যিটো এক ভাল শতাংশ, কিন্তু তেওঁলোকে আশা কৰাতকৈ বহু কম । সেয়েহে মোদীয়ে এই পৰিস্থিতিৰ সৈতে নিজকে কেনেদৰে মিলাই লয় সেয়া লক্ষণীয় হ'ব । আৰু তেওঁ এইটো কৰিবলৈ যথেষ্ট সক্ষম বুলি মই ভাবোঁ । এক অৰ্থত তেওঁ ন-উদ্ভাসিত মোদী হ'ব ।

ইটিভি ভাৰত : বিজেপিয়ে কি আপোচ কৰিব লাগিব ?

এন ৰাম : চি এ এ আৰু ইউনিফৰ্ম চিভিল কোড এই চৰকাৰৰ দিনত তল পৰিব । সেয়া এতিয়া নাইকিয়া হৈছে । ইয়াক এতিয়া আৰু আৰোপ কৰিব নোৱাৰে । তেওঁলোকৰ পক্ষৰ পৰা আন শিবিৰৰ ৰাজ্য চৰকাৰৰ সৈতে লেনদেনৰ পৰিৱৰ্তন হ'ব লাগিব । তেওঁ নিজে ইমান শত্ৰু হ'ব নোৱাৰে আৰু তেওঁলোককো শত্ৰু বা আনকি 'দেশবিৰোধী' বুলি গণ্য কৰিব নোৱাৰে, যিটো তেওঁলোকৰ বাবে ব্যৱহাৰ কৰে ।

ইটিভি ভাৰত : চন্দ্ৰবাবু নাইডুৰ সন্মুখত কি প্ৰত্যাহ্বান আছে ?

এন ৰাম : মই ভাবোঁ তেওঁ নিজৰ খ্যাতি ৰক্ষা কৰিব লাগিব । মই চন্দ্ৰবাবু নাইডুক ভালদৰে জানো । তেওঁ নিজৰ খ্যাতি, বিশ্বাসযোগ্যতা আৰু ধৰ্মনিৰপেক্ষতাক গুৰুত্ব দিয়ে । নাইডুৱে অন্ধ্ৰপ্ৰদেশত এক বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ নিজৰ খ্যাতি সুৰক্ষিত কৰিব লাগিব । তেওঁ এন ডি এৰ পৰা আঁতৰি নাযাব । কিন্তু তেওঁ সমস্যাবোৰ উত্থাপন কৰিব । আৰু তেওঁৰ জনসাধাৰণে তেওঁক এই বিষয়ে জবাবদিহি কৰিব । গতিকে সেইটো তেওঁৰ মুখ্য প্ৰত্যাহ্বান হ'ব । তেওঁ বিজেপি, বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ গতিপথ সলনি কৰাত সফল হয়নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

তেওঁ নিজৰ ৰাজ্যৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিছে । অন্ধ্ৰপ্ৰদেশক বিভক্ত কৰা হৈছে আৰু বিভাজনৰ পিছত ৰাজ্যখনৰ সম্পদ দুৰ্বল হৈ পৰিছে । তেলেংগানাত কংগ্ৰেছ ভালদৰে বহি আছে । নাইডুৱে কৈছে যে পৰিস্থিতি ভয়ানক (অন্ধ্ৰত) আৰু বিত্তীয় ব্যৱস্থা ভাঙি পৰিছে । গতিকে তেওঁ ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব । এই সকলোবোৰৰ বাবে তেওঁক সাধাৰণতে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সংঘৰ্ষৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক :মোদী 3.0 ত অধিক ঐক্যবদ্ধৰূপত দেখা যাব বিৰোধীক - MODI GOVERNMENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.