ETV Bharat / bharat

২ কোটি ৪৪ লাখ ৫২ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব আব্দুল মালিকে - Haldwani violence loss

Haldwani violence: হালদ্বাণী হিংসা গোচৰত পৌৰ নিগমে লোকচান আদায়ৰ জাননী জাৰি কৰিছে । এই হিংসাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিকৰ পৰা আদায় কৰিব ক্ষতিপূৰণ । হালদ্বাণী পৌৰ নিগমে মাষ্টাৰমাইণ্ড আব্দুল মালিকক ২ কোটি ৪৪ লাখ ৫২ হাজাৰ ৫০০ টকা আদায়ৰ জাননী জাৰি কৰিছে ।

Haldwani violence loss Recovery
Haldwani violence
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:12 PM IST

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ বানভুলপুৰাত সংঘটিত হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিক ৮ ফেব্ৰুৱাৰীৰ ঘটনাৰ পিচৰে পৰা পলাতক হৈ আছে । আৰক্ষীলৈ শিলগুটি নিক্ষেপৰ লগতে ৰাজহুৱা সম্পত্তি ভাঙি-ছিঙি অগ্নিসংযোগ কৰাৰ ফলত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে হালদ্বাণী পৌৰ নিগম ৷ এনে পৰিস্থিতিত হালদ্বাণীত সংঘটিত হিংসাৰ গোচৰৰ মূল অভিযুক্ত আব্দুল মালিকৰ বিৰুদ্ধে সংঘৰ্ষত হোৱা লোকচানৰ ক্ষতিপূৰণৰ বাবে হালদ্বাণী পৌৰ নিগমে জাননী জাৰি কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আব্দুল মালিকক জাৰি কৰা জাননীত হালদ্বাণী পৌৰ নিগমে জনোৱা মতে, বেদখলীকৃত স্থানত উচ্ছেদ চলাবলৈ যোৱা ৮ ফেব্ৰুৱাৰীত হালদ্বাণী পৌৰ নিগম আৰু আৰক্ষী প্ৰশাসনৰ দলটো বনভুলপুৰাত থকা মালিকৰ বাৰীলৈ গৈছিল ।

এই সময়ছোৱাত শিলগুটি নিক্ষেপ, অগ্নিসংযোগ, ভঙা-ছিঙা, সংঘৰ্ষ আদিৰ ফলত পৌৰ নিগম বৃহৎ লোকচানৰ সন্মুখীন হৈছে । য’ত ডজন ডজন বাহন জ্বলিছিল । এই লোকচানৰ ক্ষতিপূৰণ সংঘাত সৃষ্টিকাৰীৰ পৰা আদায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইয়াৰ পিছতে পৌৰ নিগমে হিংসাত হোৱা ক্ষতিৰ মূল্যায়ন কৰিছে ।

হিংসাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আব্দুল মালিকক আদায়ৰ জাননী জাৰি কৰিছে হালদ্বানী পৌৰ নিগমে । য’ত ২ কোটি ৪৪ লাখ ৫২ হাজাৰ ৫০০ টকাৰ আদায়ৰ জাননী জাৰি কৰা হৈছে । এই লোকচানৰ ক্ষতিপূৰণ দিব লাগিব বনভুলপুৰাকাণ্ডৰ মাষ্টাৰমাইণ্ড আব্দুল মালিকে । পৌৰ নিগমে জাননী জাৰি কৰাৰ সময়ত কৈছে যে আব্দুল মালিকে ক্ষতিপূৰণৰ ধন ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত জমা দিব লাগে । যদি এনে নহয় তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে হালদ্বাণীৰ বনভুলপুৰাত এই হিংসাৰ ফলত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০ৰো অধিক লোক আহত হৈছে । সংঘৰ্ষৰ সময়ত শ শ বাহন জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে । বনভুলপুৰা থানাও জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে । সেয়ে দুস্কৃতিকাৰীক কাৰাগাৰলৈ পঠিয়াবলৈ আৰক্ষী প্ৰশাসনে দ্ৰুতগতিত কাম কৰি আছে । একে সময়তে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ অত্যাৱশ্যকীয় সেৱাও আগবঢ়োৱা হৈছে । শান্তি বজাই ৰাখিবলৈ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনাইছে । জিলা দণ্ডাধীশ বন্দনা সিঙে কয় যে বানভুলপুৰাত পৰিস্থিতি স্বাভাৱিক হ’লেই সান্ধ্য আইন শিথিল কৰাৰ কথা চিন্তা কৰা হ’ব ।

লগতে পঢ়ক: হালদৱানী হিংসাৰ আঁৰত থকা আব্দুল মালিকৰ প্ৰভাৱ কিমান দূৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.