ETV Bharat / bharat

ভূমিস্খলনত বিধ্বস্ত চিমলাত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কমেও ২০ টা মৃতদেহ - Himachal landslides

author img

By ANI

Published : Aug 22, 2024, 9:00 AM IST

Shimla Landslides : বিগত দুদিনত হিমাচলৰ ৰাজধানী চহৰ চিমলাৰ কেইবাটাও স্থানত ভূমিস্খলন হৈছে । ইতিমধ্যে ধ্বংসস্তূপৰ পৰা কমেও ২০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু অনুসন্ধান অভিযান চলি আছে ।

Shimla Landslides
চিমলাত কেইবাটাও ভূমিস্খলনৰ ঘটনা (ANI Photo)

নিউজ ডেস্ক, ২২ আগষ্ট : হিমাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ পিচত বুধবাৰে চিমলাত একাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই ঘটনাৰ পিচত উদ্ধাৰকাৰ্য চলি আছে । জিলা প্ৰশাসনৰ মতে, ধ্বংসস্তূপৰ পৰা কমেও ২০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু অনুসন্ধান অভিযান চলি আছে । চিমলা জিলা প্ৰশাসনে বুধবাৰে পৰিস্থিতি চম্ভালিবলৈ আৰু পথ যোগাযোগ পুনৰুদ্ধাৰ আৰম্ভ কৰিবলৈ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে ।

(null)

"ভূমিস্খলন আৰু ক্ষতিগ্ৰস্ত পথৰ বাবে আমি আজি এখন বৈঠক আহ্বান কৰোঁ । পৰিবহণ ব্যৱস্থা আৰু পথ যোগাযোগ পুনৰুদ্ধাৰৰ বিষয়ে আলোচনা কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগৰ সৈতে একেলগে আলোচনা কৰা হয় । অধীক্ষক অভিযন্তাই (পি ডব্লিউ ডি) এক পুনৰুদ্ধাৰ পৰিকল্পনা প্ৰদান কৰিছে আৰু ভূতাত্ত্বিকসকলে পৰিস্থিতিটো মূল্যায়ন কৰিব । এই পথসমূহৰ পুনৰুদ্ধাৰৰ বাবে এখন প্ৰতিবেদন দাখিল কৰা হ'ব ।" জিলা আয়ুক্ত অনুপম কাশ্যপে কয় ।

"চমেজ অঞ্চলত ৰামপুৰৰ বানপানীৰ ফলত অনুসন্ধান অভিযানে এতিয়ালৈকে সম্পূৰ্ণ সফলতা লাভ কৰা নাই । আমি সন্ধানহীন 33 জন লোকৰ ভিতৰত 20 টা মৃতদেহ উদ্ধাৰ কৰিছোঁ; অনুসন্ধান অব্যাহত থাকিব । মৃতদেহবোৰ চুটলেজ নদীত ওপঙি থকা অৱস্থাত পোৱা গৈছিল । নদীৰ পাৰত থকা পাঁচটা স্থান নিৰীক্ষণ কৰা হৈছে । পূৰ্বতে চমেজ আৰু টক্লেচ অঞ্চলত ডাঙৰ ক্ষতি হৈছিল । পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে ।" কাশ্যপে লগতে কয় ।

Shimla Landslides
চিমলাত ভূমিস্খলনৰ দৃশ্য (ANI Photo)

উল্লেখ্য যে চিমলাত সংঘটিত একাধিক ভূমিস্খলনৰ ফলত বয়লৌগঞ্জ, চৌৰা ময়দান আৰু এম এল এ ক্ৰছিং মুখ্যত প্ৰভাৱিত হৈছে । চৌৰা ময়দান, বয়লৌগঞ্জ আৰু এম এল এ ক্ৰছিং সংযোগী পথটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

"বিগত দুদিনত ৰাজধানী চহৰৰ কেইবাটাও স্থানত ভূমিস্খলন হৈছে । ভূমিস্খলনৰ ফলত বয়লৌগঞ্জ সংযোগী পথটো বৰ্তমান যোগাযোগৰ বাবে সক্ষম হৈ থকা নাই । আমি বয়লোগঞ্জ চাউৰ পৰা ক'ৰ্ট ৰোডৰ মাজেৰে যান-বাহনৰ গতিপথ সলনি কৰা হৈছে ।" চিমলাৰ এছ পি সঞ্জীৱ কুমাৰ গান্ধীয়ে কয় ।

তেওঁ লগতে কয় যে চিমলাৰ উপায়ুক্তই চহৰখনত ভূতাত্ত্বিক দিশ, প্ৰস্তুতি আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টা সমাধানৰ বাবে এখন বৈঠকৰ আহ্বান কৰিছে । "আমি ৰাজহুৱা সুৰক্ষা নিশ্চিত কৰিবলৈ যান-বাহনৰ বাবে বিকল্প পথ তৈয়াৰ কৰিছোঁ আৰু সংশ্লিষ্ট বিভাগবোৰে মেৰামতিৰ বাবে গুৰুত্ব দিব । যান-বাহন ব্যৱস্থাপনাৰ বাবে অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হ'ব ।" এছ পিয়ে লগতে কয় ।

আনহাতে, আৱাসীসকলে ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু ভূমিস্খলনৰ সময়ত অৱহেলা কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষক দোষাৰোপ কৰে । ইয়াৰ উপৰি আন্তঃগাঁথনি প্ৰভাৱিত হোৱাৰ বাবে আৱাসীসকল পানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বিষয়ত চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD
লগতে পঢ়ক :হিমাচলত পুনৰ ডাৱৰ বিস্ফোৰণ : বহু লোকৰ মৃত্যু - Cloudburst in Himachal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.