ETV Bharat / bharat

মুখতাৰ আনছাৰীৰ মৃত্যুৰ ন্যায়িক তদন্ত আৰম্ভ: কবৰক লৈ জিলা আয়ুক্ত আৰু মুখতাৰ ভাতৃৰ বাক-বিতণ্ডা - Mukhtar Ansari Death - MUKHTAR ANSARI DEATH

Mukhtar Ansari Death Investigation: মাফিয়া মুখতাৰ আনছাৰীৰ আজি কবৰৰ সময়ত জিলা আয়ুক্ত আৰু মুখতাৰৰ ভাতৃ আফজল আনছাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হয় ৷ মুখতাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত লোক সমাগম দেখি জিলা আয়ুক্ত আৰ্যকা আখৌৰীয়ে আপত্তি প্ৰকাশ কৰে । ইয়াকে লৈ অসন্তুষ্ট হৈ পৰে মুখতাৰৰ ভাতৃ ৷ ইফালে বান্দা মণ্ডল কাৰাগাৰত জিলা ন্যায়াধীশ, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ ন্যায়িক তদন্ত ৷

Mukhtar Ansari Death Investigation
কবৰক লৈ জিলা আয়ুক্ত আৰু মুখতাৰ ভাতৃৰ বাক-বিতণ্ডা
author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:13 PM IST

নিউজ ডেস্ক, 30 মাৰ্চ: উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক তথা মাফিয়া মুখতাৰ আনছাৰীৰ মৃত্যুৰ গোচৰত ন্যায়িক তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । শনিবাৰে জিলা ন্যায়াধীশ, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক বান্দা মণ্ডল কাৰাগাৰত উপস্থিত হৈ প্ৰায় এঘণ্টা ধৰি কাৰাগাৰৰ ভিতৰত তদন্ত চলায় । মাফিয়া মুখতাৰ আনছাৰীৰ মৃত্যু সন্দৰ্ভত ন্যায়িক তদন্ত প্ৰক্ৰিয়াৰ বাবে বিষয়াকেইজন বান্দা মণ্ডল কাৰাগাৰত উপস্থিত হোৱাৰ অনুমান কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একে সময়তে, তেওঁলোকে কাৰাগাৰত মাহেকীয়া পৰিদৰ্শন কৰাৰ বাবেও কাৰাগাৰত উপস্থিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ তেওঁলোকে জেলৰ সকলো ব্যৱস্থাও পৰীক্ষণ কৰাৰ অনুমান কৰা হৈছে । উল্লেখ্য যে, মুখতাৰ আনছাৰীৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে শুকুৰবাৰে বান্দা মুখ্য ন্যায়িক দণ্ডাধীশে তদন্তকাৰী বিষয়াজনক মনোনীত কৰে ।

বান্দা সাংসদ বিধায়ক আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ গৰিমা সিঙক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁ এমাহৰ ভিতৰত ন্যায়িক তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব ।

ইফালে আজি মুখতাৰ আনছাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গাজীপুৰৰ জিলা আয়ুক্ত আৰ্যকা আখৌৰী আৰু মুখতাৰ আনছাৰীৰ ভাতৃ আফজল আনছাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় । দৰাচলতে মুখতাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত লোক সমাগম দেখি জিলা আয়ুক্ত আৰ্যকা আখৌৰীয়ে আপত্তি প্ৰকাশ কৰে । ইয়াৰ পিছতে আফজল আনছাৰীৰ লগত তেওঁৰ তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় । জিলা আয়ুক্তই আফজল আনছাৰীক আদৰ্শ আচৰণ বিধি সন্দৰ্ভত সোঁৱৰাই দি কয় যে ১৪৪ ধাৰা প্ৰযোজ্য আৰু ইয়াক মানি চলিব লাগিব । আনহাতে আফজালে কোনো ধৰ্মীয় উদ্দেশ্যৰ বাবে কাৰোৰ অনুমতিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে । অৱশেষত জিলা আয়ুক্তই ইয়াৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ কথা ব্যক্ত কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা বান্দা কাৰাগাৰত বন্দী হৈ থকা মাফিয়া মুখতাৰ আনছাৰীৰ হাৰ্ট এটেক হয় । ইয়াৰ পিছত তেওঁক বান্দাৰ মেডিকেল কলেজলৈ লৈ যোৱা হয় । তাতে ৯ জনীয়া চিকিৎসকৰ দলে তেওঁৰ চিকিৎসা আৰম্ভ কৰে । যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় । ইয়াৰ পিছত শুকুৰবাৰে তেওঁ মৰণোত্তৰ পৰীক্ষাৰ পাচত গভীৰ নিশা এম্বুলেন্সেৰে গাজীপুৰলৈ তেওঁৰ মৃতদেহ অনা হয় । শনিবাৰে পুৱা পৰিয়ালটোৰ পূৰ্বপুৰুষৰ কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হয় মুখতাৰক । এই সময়চোৱাত বৃহৎ সংখ্যক লোকে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হয় ।

লগতে পঢ়ক: পিতৃ-মাতৃৰ সমাধিৰ কাষতেই কবৰস্থ কৰা হ'ব মুখতাৰ আনছাৰীক - Mukhtar Ansari last rites

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.