ETV Bharat / bharat

দিল্লীত দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা, আতংকিত নহ'বলৈ চৰকাৰৰ আহ্বান - MPOX CASES IN INDIA

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 9:05 PM IST

First Mpox case in Delhi : দিল্লীত বিদেশৰ পৰা উভতি অহা ৰোগী এজনৰ ক্ষেত্ৰত মাঙ্কিপক্সৰ সংক্ৰমণৰ ঘটনা নিশ্চিত কৰা হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা নিশ্চিত কৰিছে । লগতে সৰ্বসাধাৰণক আতংকিত নহ'বলৈ পৰামৰ্শ দিছে । আনহাতে, দিল্লীৰ ৬ খন চিকিৎসালয়ৰ বিচনা মাঙ্কিপক্স ৰোগীৰ বাবে সংৰক্ষিত কৰা হৈছে ।

First Mpox Case in Delhi
দিল্লীত দেশৰ প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা (ETV Bharat)

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : দেশৰ স্বাস্থ্য খণ্ডৰ বাবে এক বেয়া খবৰ । বিদেশ ভ্ৰমণৰ পৰা দিল্লীলৈ উভতি অহা এজন সন্দেহযুক্ত ৰোগীৰ ক্ষেত্ৰত মাঙ্কিপক্স বা এমপক্স নিশ্চিত কৰা হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য ৰাজহুৱা কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দিল্লীৰ এজন ব্যক্তিৰ ক্ষেত্ৰত এমপক্স ভাইৰাছ পোৱা গৈছে । ব্যক্তিজন অলপতে বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছে । এইটো হৈছে ভাৰতত মাঙ্কিপক্সৰ প্ৰথম ঘটনা । আনহাতে, স্বাস্থ্য মন্ত্ৰণালয়ে ঘটনাটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু মানুহক আতংকিত নহ'বলৈ পৰামৰ্শ দিয়া হৈছে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, এই ৰোগীজনক চিকিৎসালয়ত সুকীয়াভাৱে আৰু কঠোৰ তত্ত্বাৱধানত ৰখা হৈছে । অৱশ্যে ৰোগীজনৰ অৱস্থা এই মুহূৰ্তত স্থিৰ হৈ আছে বুলি প্ৰকাশ কৰা হৈছে । আনহাতে, ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকলকো অনুসৰণ কৰা হৈছে । দেওবাৰে এই সন্দেহযুক্ত ৰোগীজনৰ লক্ষণবোৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক এটা পৃথক সংৰক্ষিত ৱাৰ্ডত আইছ'লেচনত ৰখা হৈছিল । লগতে তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ৰোগীজনক দিল্লীৰ এখন চৰকাৰী চিকিৎসালয়ত আইছ'লেচনত ৰখা হৈছে ।

উল্লেখ্য যে যোৱা মাহৰ আৰম্ভণিতে মাঙ্কিপক্সৰ আন এজন সন্দেহযুক্ত ৰোগীক দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল । সেই ৰোগীজনো বিদেশ ভ্ৰমণৰ পৰা উভতি আহিছিল । অৱশ্যে তেওঁৰ মাঙ্কিপক্স পৰীক্ষাৰ প্ৰতিবেদন নেতিবাচক হৈছিল । 2022 চনৰ আৰম্ভণিতেও মাঙ্কিপক্সৰ কিছু ঘটনা পোৱা গৈছিল । তেতিয়াৰে পৰাই এইমছত ইয়াৰ পৰীক্ষা কৰাৰ সুবিধা আৰম্ভ হৈছিল ।

আনহাতে, আগষ্ট মাহত বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকান দেশসমূহকে ধৰি বিশ্বৰ বহুতো দেশত বিয়পি থকা মাঙ্কিপক্স ৰোগৰ বিষয়ে এক সতৰ্কবাণী জাৰি কৰিছিল । ইয়াৰ ঠিক পিচতে দিল্লীৰ ছয়খন কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰী চিকিৎসালয়ত মাঙ্কিপক্স ৰোগীসকলৰ বাবে আইছ'লেচন ৱাৰ্ডত বিছনা সংৰক্ষণ কৰা হৈছে ।

দিল্লীৰ এই চিকিৎসালয়সমূহ মাঙ্কিপক্স চিকিৎসাৰ বাবে সংৰক্ষিত

কেন্দ্ৰীয় চৰকাৰৰ এইমছ, আৰ এম এল, চফদৰজং আৰু দিল্লী চৰকাৰৰ লোকনায়ক, বাবা চাহেব আম্বেদকাৰ আৰু জি টি বি চিকিৎসালয়ত এমপক্স ৰোগীৰ বাবে বিছনা সংৰক্ষিত কৰা হৈছে ।

উল্লেখ্য যে 2022 চনত ভাৰতত 23 টা মাঙ্কিপক্সৰ ঘটনা পোহৰলৈ আহিছিল । তেতিয়াও দিল্লীত এই ঘটনা পোহৰলৈ আহিছিল । এমপক্সৰ সংক্ৰমণত জ্বৰ, ছালৰ চোকোৰা এৰি যোৱা, ফোঁহাৰ সৃষ্টি হয় । ফোঁহাবোৰৰ ফলত ছালত খজুৱতি শৰীৰত বিষ হয় ।

লগতে পঢ়ক :ৰুটি খোৱা বা বনোৱাৰ সময়ত হওক সাৱধান - CAN ROTI CAUSE CANCER
লগতে পঢ়ক :এই সহজ উপায়েৰে তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক, তৎক্ষণাত পৰীক্ষা কৰক - Blood Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.