ETV Bharat / bharat

কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰা নাছিল : মধ্যপ্ৰদেশৰ শিক্ষামন্ত্ৰী - Inder Singh Parmar On America

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:40 PM IST

Updated : Aug 17, 2024, 9:53 PM IST

Columbus did not discover America : মধ্যপ্ৰদেশৰ ইতিহাস সন্দৰ্ভত মোহন চৰকাৰৰ উচ্চ শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰমাৰে এক বিবৃতি প্ৰদান কৰিছে । ইন্দৰ সিং পাৰমাৰৰ মতে আমেৰিকাক কলম্বাছে আৱিষ্কাৰ কৰা নাছিল ।

Mohan Yadav Govt Minister Inder Singh Parmar Says Columbus Not Discovered America
কলম্বাছে আমেৰিকাক আৱিষ্কাৰ কৰা নাছিল : মন্ত্ৰী ইন্দৰ সিং পাৰমাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : আমি সকলোৱে জানো যে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল ৷ কিন্তু ইতিহাসত পঢ়া বা জনা এই কথা নস্য়াৎ কৰিছে এগৰাকী মন্ত্ৰীয়ে ৷ তেওঁৰ মতে, কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰা নাছিল, আমেৰিকা পূৰ্বৰ পৰাই আছিল ৷

আমি উল্লেখ কৰা মন্ত্ৰীগৰাকী হৈছে ড৹ ইন্দ্ৰ সিং পাৰমাৰ ৷ ড৹ পাৰমাৰ হৈছে মধ্যপ্ৰদেশৰ ড৹ মোহন চৰকাৰৰ এগৰাকী উচ্চ শিক্ষামন্ত্ৰী । ইন্দৰ সিং পাৰমাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘‘কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰা নাছিল, কিন্তু আমেৰিকা পূৰ্বৰ পৰাই সেই স্থানত আছিল ।’’

তেওঁ আৰু কয়, ‘‘কলম্বাছৰ আগতে একাদশ শতিকাত ভাৰতীয় ব্যৱসায়ীসকলে ব্যৱসায় কৰিবলৈ গৈছিল, তাতেই সূৰ্যৰ মন্দিৰ নিৰ্মাণ কৰিছিল ৷ এতিয়া এনে পৰিস্থিতিত আমি এইটোও ক’ব পাৰো যে ভাৰতীয় ব্যৱসায়ীসকলে আমেৰিকা আৱিষ্কাৰ কৰিছিল, আমাৰ মানুহ তাত আছে । পূৰ্বেই সেই স্থানলৈ ব্যৱসায় কৰিবৰ বাবে গৈছিল ।’’

উচ্চ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘কলম্বাছ আছিল এজন ইটালীৰ ব্যৱসায়ী ৷ সেয়েহে ইটালীৰ জনসাধাৰণে ভুল ইতিহাস শিকাইছে । এতিয়া মধ্যপ্ৰদেশ চৰকাৰে ছাত্ৰ-ছাত্ৰীক প্ৰকৃত ভাৰতীয় জ্ঞান পৰম্পৰা শিকাব ৷ সেইবাবেই ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত লিখা ভাল গ্ৰন্থসমূহ মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়সমূহৰ পুথিভঁৰালত ৰখা হ'ব ।’’

লগতে পঢ়ক : থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত 37 বছৰীয়া পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক - PM Paetongtarn Shinawatra

আৰ এছ এছৰ সৈতে জড়িত সাহিত্যিকৰ কিতাপ সন্দৰ্ভত কংগ্ৰেছ নেতাসকলৰ আপত্তি সন্দৰ্ভত উচ্চ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘যদি ছাত্ৰ-ছাত্ৰীক শুদ্ধ ইতিহাস শিকোৱা হয়, তেন্তে ৰাহুল গান্ধী বা আন কোনো কংগ্ৰেছ নেতাৰ ইয়াৰ ওপৰত কিয় আপত্তি আছে ?’’

  • সংঘৰ সৈতে জড়িত ১৮৮ জন লেখকৰ গ্ৰন্থক লৈ বিতৰ্ক

প্ৰকৃততে মধ্যপ্ৰদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত ১৮৮ জন সাহিত্যিকৰ গ্ৰন্থ ৰখাৰ সন্দৰ্ভত মধ্যপ্ৰদেশৰ পুথিভঁৰালত বিতৰ্কৰ সূত্ৰপাত হৈছিল । এই তালিকাখন শেহতীয়াকৈ উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে । এই সন্দৰ্ভত কংগ্ৰেছ নেতাসকলে বিজেপিক টাৰ্গেট কৰিছিল ।

এতিয়া উচ্চ শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰমাৰে কংগ্ৰেছ নেতাসকলৰ বিৰোধিতাক লৈ প্ৰত্যুত্তৰ দিছে । উচ্চ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘এতিয়ালৈকে কিতাপৰ জৰিয়তে বহু ভুল ধাৰণা সৃষ্টি হৈছে ৷ কিন্তু এতিয়া ভাৰতীয় জ্ঞান পৰম্পৰা আৰু দৰ্শনক সঠিক দৃষ্টিভংগীৰে আৰু সঠিক তথ্যৰে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত স্থান দিয়া হ’ব ।’’

লগতে পঢ়ক : কৰ্তব্যৰত আৰক্ষীক হত্যা; ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM slams Jharkhand govt

তেওঁ আৰু কয়, ‘‘সুৰেশ সোণীৰ গ্ৰন্থত ভাৰতৰ বিজ্ঞানৰ উজ্জ্বল পৰম্পৰাত লিখা আছে যে ঈশাৰ ৯০০ বছৰ আগতেই ভাৰতত কোষৰ সৃষ্টি হৈছিল ৷ এতিয়া যদি এই তথ্য ছাত্ৰ-ছাত্ৰীক শিকোৱা হয়, তেন্তে ৰাহুল গান্ধী, জিতু পাটোৱাৰী আৰু কংগ্ৰেছৰ আন নেতাসকলৰ পেটৰ বিষ কিয় হয় ? ভাৰতৰ প্ৰাচীন ঋষি কণকে প্ৰথমে কণৰ কল্পনা কৰিছিল, যদি ছাত্ৰ-ছাত্ৰীক শিকোৱা হয়, তেন্তে কংগ্ৰেছৰ ইয়াৰ ওপৰত কিয় আপত্তি ?’’

  • যদি কোনো সংঘৰ কৰ্মীয়ে সেনাবাহিনীত যোগদান কৰিব পাৰে, তেন্তে লেখকৰ বিৰুদ্ধে আপত্তি কিয় ?

উচ্চ শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰমাৰে কয়, ‘‘পুথিভঁৰালত কিতাপ ৰখাৰ সন্দৰ্ভত যি বিভ্ৰান্তি বিয়পি পৰিছে সেয়া ভুল । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ এখন আগশাৰীৰ ৰাজ্য । গতিকে এনে ভুল তথ্য ৰাখি মধ্যপ্ৰদেশক আগুৱাই যোৱাত বাধা দিব নালাগে ।’’

তেওঁ লগতে কয়, ‘‘প্ৰতিটো জাতি, ধৰ্ম, অঞ্চলৰ লোকে এই সেৱাত যোগদান কৰিব পাৰে । সংঘৰ কাম কৰে বুলি এজন ব্যক্তিক সেৱা কৰাত বাধা দিব নোৱাৰি, তেনেহ’লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত সাহিত্যিকৰ গ্ৰন্থত আপত্তি কিয় হ’ব ?’’

তেওঁ আৰু কয়, ‘‘ভাৰতীয় ইতিহাসক দাসত্বৰ ইতিহাস হিচাপে ৰচনা কৰা হৈছে । ছাত্ৰ-ছাত্ৰীৰ সন্মুখত শুদ্ধ তথ্য দাঙি ধৰাটো আমাৰ প্ৰচেষ্টা আৰু ইয়াৰ বাবে প্ৰায় ২০০ খন গ্ৰন্থৰ তালিকা চূড়ান্ত কৰা হৈছে ।’’

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ - Ex Minister Akon Bora resigns

Last Updated : Aug 17, 2024, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.