নেশ্যনেল ডেস্ক,৭ মাৰ্চ : জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে শ্ৰীনগৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে শ্ৰীনগৰক আটকধুনীয়াকৈ সজাই তোলা হৈছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ মুখ্য আকৰ্ষণ হ'ব বক্সী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 'বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ' অনুষ্ঠান ।
প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতা তৰুণ চুগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰক 'সন্ত্ৰাসবাদৰ ৰাজধানী'ৰ পৰা ভাৰতৰ 'পৰ্যটন ৰাজধানী'লৈ ৰূপান্তৰিত কৰিছে । তেওঁ বক্সী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা ৰেলীৰ প্ৰস্তুতি তদাৰক কৰিবলৈ শ্ৰীনগৰত উপস্থিত হৈ এই মন্তব্য কৰে । তেওঁ লগতে কয় যে জম্মু-কাশ্মীৰত এতিয়া সৰ্বাংগীন উন্নয়ন হৈছে ।
অনুষ্ঠানটোত তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলত কৃষি-অৰ্থনীতি বৃদ্ধিৰ বাবে ৫,০০০ কোটি টকাৰ 'সামগ্ৰিক কৃষি উন্নয়ন প্ৰকল্প' মুকলি কৰিব । ইয়াৰ উপৰিও তেওঁ শ্ৰীনগৰত 'হজৰতবল শ্ৰাইনৰ একত্ৰিত উন্নয়ন'কে ধৰি পৰ্যটন খণ্ডত ১,৪০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ' অনুষ্ঠানৰ ভ্ৰমণৰ পূৰ্বে শ্ৰীনগৰৰ বক্সী ষ্টেডিয়াম ৰাষ্ট্ৰীয় পতাকাৰে সজাই তোলা হৈছে ।
শ্ৰীনগৰ আৰক্ষীয়ে চহৰখনত ড্ৰোণ আৰু কোৱাডকপ্টাৰ উৰণৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰিছে । নিৰীক্ষণৰ বাবে ড্ৰোণ আৰু চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে । আনহাতে অনুষ্ঠানস্থলীৰ চাৰিওফালে দুই কিলোমিটাৰ দূৰলৈ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।
প্ৰধানমন্ত্ৰী যি পথেৰে আহিব সেই পথত থকা সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে । ইয়াৰ উপৰিও, বৃহস্পতিবাৰে অনুসূচীত ব'ৰ্ডৰ পৰীক্ষাও স্থগিত ৰখা হৈছে । যিকোনো বিধ্বংসী কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে ঝিলাম নদী আৰু ডাল হ্ৰদত সামুদ্ৰিক কমাণ্ডো মোতায়েন কৰা হৈছে ।
স্থানীয় বিজেপি নেতাসকলৰ মতে, ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিচত উপত্যকাত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো ৰেলীত প্ৰায় ১ লাখ লোকে অংশগ্ৰহণ কৰিব ।প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ আন এক বিশেষত্ব হৈছে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ যুৱ কণ্ঠশিল্পী ইমৰান আজিজৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰা এটা গীত । তিনি মিনিটৰ এই গীতটোত কণ্ঠশিল্পীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে ।
লগতে পঢ়ক :ছত্তীশগড়ত বিজেপি নেতাক কুঠাৰেৰে ঘপিয়াই হত্যা নক্সালবাদীৰ