ETV Bharat / bharat

সন্ত্ৰাসবাদ-নক্সালবাদৰ পৰা শ্ৰীনগৰত ভোটদানলৈকে; ঝাৰখণ্ডত মোদীৰ মুখত সফলতাৰ জয়গান - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:19 PM IST

PM Modi Jharkhand visit : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ গিৰিদিহত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰে । এই সভাৰ জৰিয়তে তেওঁ কোডাৰ্মা, গিৰিদিহ লোকসভা আসন আৰু গাণ্ডেয়া বিধানসভা আসনত এনডিএৰ প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় । তেওঁ লগতে নক্সালবাদৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে ।

PM Modi Jharkhand visit
ঝাৰখণ্ডত মোদীৰ মুখত সফলতাৰ জয়গান (ETV Bharat Jharkhand)

নিউজ ডেস্ক, ১৪ মে' : নিৰ্বাচনী প্ৰচাৰ উদ্দেশ্যে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ঝাৰখণ্ড ভ্ৰমণ কৰে । তাত তেওঁ কোডাৰ্মা লোকসভাৰ প্ৰাৰ্থী অন্নপূৰ্ণা দেৱী আৰু গিৰিদিহ লোকসভাৰ প্ৰাৰ্থী চন্দ্ৰ প্ৰকাশ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । নৰেন্দ্ৰ মোদীয়ে গিৰিদিহ জিলাৰ বিৰনি খণ্ডৰ অন্তৰ্গত পেছামত এখন ৰাজহুৱা সভাতো ভাষণ দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে গিৰিদিহৰ জনসাধাৰণক গেৰাণ্টি দি কয় যে নক্সালবাদ হওক বা সন্ত্ৰাসবাদ, মোদী চৰকাৰে তৃতীয়টো কাৰ্যকালত তেওঁলোকৰ ওপৰত মোক্ষম আঘাত কৰাৰ সংকল্প লৈছে । একে সময়তে মোদীয়ে ঝাৰখণ্ডত নক্সালবাদৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে ।

নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মনোনয়ন দাখিলৰ পিছত কাশীৰ পৰা তেওঁ পোনপটীয়াকৈ তালৈ গৈছে । মনোনয়ন দাখিলৰ পিচত এইখন তেওঁৰ প্ৰথম জনসভা । তেওঁ কয়, "মই কাশীৰ প্ৰধানমন্ত্ৰী নহয়, মই সাংসদ । কোডাৰ্মা আৰু গিৰিদিহৰ মানুহেও এইটো ভাবি ভোট দিয়া উচিত যে মোদী আপোনালোকৰ সাংসদ আৰু মোদীয়েই আপোনালোকৰ প্ৰধানমন্ত্ৰী ।"

নিজৰ প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোদীয়ে এটা নতুন শ্লোগান দিয়ে । তেওঁ কয় যে মোদীৰ নতুন মন্ত্ৰ হৈছে 'বঞ্চিতসকলক অগ্ৰাধিকাৰ' । তেওঁ কয় যে কোনেও তেওঁক সোধা নাই যে মোদীয়ে তেওঁলোকক উপাসনা কৰে । মোদীয়ে দৰিদ্ৰ লোকৰ বাবে কাম কৰি আছে, চিকিৎসাৰ ব্যৱস্থা কৰিছে, ঘৰৰ ব্যৱস্থা সকলোৰে বাবে কৰা হৈছে ।

তেওঁ লগতে কয় কয় যে সোমবাৰে শ্ৰীনগৰত হোৱা ভোটদানে গণতন্ত্ৰৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে । ই ভাৰতৰ সংবিধানৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে । কেইবা দশকৰ পিছত শ্ৰীনগৰত এক নিৰ্বাচন উদযাপন হৈছে । মানুহে কৈ আছে যে এইটো কেৱল ৩৭০ ৰ কাৰণেহে সম্ভৱ হৈছে ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদীৰ মনোনয়নৰ সময়ত কাষতে থকা ব্যক্তিগৰাকী কোন ? - Lok Sabha Election 2024

লগতে পঢ়ক :মনোনয়নৰ বাবে আজিৰ দিনটোৱেই কিয় বাছনি কৰিলে প্ৰধানমন্ত্ৰীয়ে ? - PM Modi Nomination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.