ETV Bharat / bharat

হাৰিয়ানাত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা, গুৰুতৰভাৱে আহত অসমৰ শ্ৰমিক - Migrant worker beaten to death

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:26 PM IST

Attack on Assam migrant worker: হাৰিয়ানাৰ চৰখী দাদৰীত গো-মাংস খোৱাৰ সন্দেহত প্ৰব্ৰজিত শ্ৰমিকক নিৰ্মমভাৱে প্ৰহাৰ । এই ঘটনাত পশ্চিমবংগৰ প্ৰব্ৰজিত শ্ৰমিক ছাবিৰ মালিকৰ মৃত্যু হোৱাৰ বিপৰীতে অসমৰ বৰপেটাৰ নিবাসী আছিৰুদ্দিন নামৰ এজন লোক আহত হৈছে । ঘটনাৰ লগত জড়িত থকা অভিযোগত দুজন নাবালককে ধৰি ৭জন গোৰক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Labour murder in Charkhi Dadri
হাৰিয়ানাত প্ৰব্ৰজিত শ্ৰমিকক প্ৰহাৰ কৰি হত্যা (ETV Bharat)

নিউজ ডেস্ক, ৩১ আগষ্ট: হাৰিয়ানাৰ চৰখী দাদৰী জিলাত গো-মাংস ভক্ষণ কৰাৰ সন্দেহ দুজন প্ৰব্ৰজিত শ্ৰমিকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ৷ আহত শ্ৰমিকজন বৰপেটাৰ নিবাসী আছিৰুদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে নিহত শ্ৰমিকজন পশ্চিমবংগৰ ছাবিৰ মালিক বুলি জানিব পৰা হৈছে ৷

Labour murder in Charkhi Dadri
এজাহাৰৰ কপি (ETV Bharat)

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ২৭ আগষ্টত সংঘটিত হৈছিল এই ঘটনা ৷ অসমৰ বৰপেটাৰ বাসিন্দা সুজাউদ্দিন চৰ্দাৰে এই সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ সুজাউদ্দিনে এজাহাৰত উল্লেখ কৰা মতে, তেওঁ বধৰা গাঁৱৰ এটা বস্তিত বাস কৰে আৰু জাবৰ সংগ্ৰাহক হিচাপে কাম কৰে । তেওঁৰ ভগ্নী ছাকিনা চৰ্দাৰো স্বামী ছাবিৰ মালিকৰ সৈতে তাতেই থাকে ।

এজাহাৰত লগতে উল্লেখ কৰা অনুসৰি, কলকাতাৰ প্ৰব্ৰজিত শ্ৰমিক ছাবিৰ মালিকৰ ওচৰলৈ কেইজনমান যুৱকে তেওঁক জাবৰ সংগ্ৰহ কৰাৰ চলেৰে বাছষ্টেণ্ডলৈ মাতি নিয়ে । ছাবিৰৰ লগতে বৰপেটা নিবাসী আছিৰুদ্দিনকো সেই স্থানলৈ মাতি অনা হৈছিল । তেওঁলোক সেই স্থানত উপস্থিত হোৱাৰ পাচত ৪-৫জনীয়া যুৱকৰ দলে তেওঁলোকক মাৰপিট কৰি মটৰ চাইকেলেৰে কোনো অজ্ঞাত স্থানলৈ লৈ যায় ।

ইয়াৰ পিছত ছাবিৰ মালিক আৰু আছিৰুদ্দিনক লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হয় ৷ এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে । আক্ৰমণকাৰীকেইটাক গোৰক্ষক গোটৰ সদস্য হিচাপে চিনাক্ত কৰা হৈছে । এই ঘটনাত ছাবিৰ মালিকৰ মৃত্যু হোৱাৰ বিপৰীতে আছিৰুদ্দিন গুৰুতৰভাৱে আহত হয় ।

সুজাউদ্দিন চৰ্দাৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি দুই নাবালকসহ মুঠ ৭টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা মতে, ভাৰতীয় ন্যায় সংহিতাৰ বিধান অনুসৰি অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ - Tejashwi Yadav

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.