ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, আহত ৩ - Jaunpur road accident

Jaunpur road accident : উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত এক ডাঙৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে তিনিজন ৷ আহত তিনিওজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, আহত ৩

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 12:00 PM IST

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ : দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এক ডাঙৰ পথ দুৰ্ঘটনা । এখন ট্ৰাকে মহতিয়াই নিলে এখন চাৰি চকীয়া বাহনক ৷ ফলত চাৰি চকীয়া বাহনখনত থকা ৬ জন লোকৰ মৃত্যু হয় । মৃত লোকসকলৰ ভিতৰত দুগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে ।

ইফালে এই দুৰ্ঘটনাতে আহত হৈছে তিনিজন লোক । তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে চাৰি চকীয়া বাহনখনে ৰাজপথত ঘূৰোৱালৈ লওতেই পিচফালৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে । যাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷

আৰক্ষীয়ে উল্লেখ কৰা মতে, দুৰ্ঘটনাত পতিত আটাইকেইজনেই বিহাৰৰ জিলা সীতামড়ীৰ ৰিগা থানা এলেকাৰ ষ্টেচন ৰোডৰ বাসিন্দা । ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী পৰিদৰ্শক লাইন কে কে চৌবে । তাৰ পাচতে আটাইকেইজন আহতক ঘটনাস্থলীৰ পৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত ৬ জন লোকক মৃত ঘোষণা কৰে চিকিৎসকে ।

ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা গুৰুতৰ বুলি চিকিৎসকে সদৰী কৰিছে ।

মৃতক লোকসকলৰ নাম ক্ৰমে-

১) গজাধৰ শৰ্মাৰ পুত্ৰ অনিশ শৰ্মা (৩৫) ।

২) গজাধৰ শৰ্মা (৬০) পুত্ৰ লক্ষ্মণ শৰ্মাৰ ৷

৩) ৰাম প্ৰতাপৰ পুত্ৰ জৱাহৰ শৰ্মা (৫৭) ।

৪) জৱাহৰ শৰ্মাৰ পুত্ৰ গৌতম শৰ্মা (১৭) ।

৫) বজৰং শৰ্মাৰ পত্নী সোণম (৩৪) ।

৬) পৱন শৰ্মাৰ পত্নী ৰিংকু (৩২)।

আহত লোকসকলৰ নাম-

১) অৱধেশ শৰ্মাৰ পুত্ৰ জীতু শৰ্মা (২৫) ।

২) মীনা দেৱী (৪০) পত্নী গজাধৰ ৷

৩) যুগ শৰ্মা (৮) পুত্ৰ বজৰং শৰ্মা ৷

লগতে পঢ়ক : হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ, আহত ১০ ৰো অধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.