ETV Bharat / bharat

মণিপুৰ হিংসাত প্ৰধানমন্ত্ৰীৰ মৌনতা; ২২ ডিচেম্বৰত দিল্লীত সমদল বিভিন্ন সংগঠনৰ - MANIPUR VIOLENCE

মণিপুৰৰ নাগৰিক সমাজৰ প্ৰশ্ন : ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘৰত নিজৰ মানুহৰ কান্দোন উপেক্ষা কৰি কেনেকৈ বিদেশত শান্তি বিচাৰিব পাৰে ?

Manipur violence
প্ৰতিনিধিত্বমূলক ছবি (PTI)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 7:08 AM IST

গুৱাহাটী : মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈ ইতিমধ্যে ৰাজনৈতিক তথা অৰাজনৈতিকভাৱে প্ৰশ্ন উত্থাপন হৈছে । এইবাৰ অশান্তজৰ্জৰ ৰাজ্যখনৰ নাগৰিক সমাজৰ কেইবাটাও সংগঠনে প্ৰধানমন্ত্ৰীৰ মৌনতাৰ প্ৰতিবাদত অহা ২২ ডিচেম্বৰত নতুন দিল্লীত এক প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিব ওলাইছে ।

মণিপুৰৰ কমেও ২০ টা নাগৰিক সমাজৰ সংগঠনে জাৰি কৰা এক যুটীয়া বিবৃতিত শুকুৰবাৰে এই কথা জনাইছে । লগতে কোৱা হৈছে যে ‘‘শান্তি আৰু পাৰস্পৰিক সহৱস্থান’’ক বিষয়বস্তু হিচাপে লৈ এই প্ৰতিবাদী সমদলটো ৰাষ্ট্ৰৰ বিবেকক জাগ্ৰত কৰাৰ আহ্বান হিচাপে আয়োজন কৰা হৈছে ।

আনহাতে, প্ৰধানমন্ত্ৰীক মণিপুৰৰ ঘটনা সন্দৰ্ভত নীৰৱতা ভংগ কৰিবলৈও আহ্বান জনোৱা হৈছে । মণিপুৰৰ বিভিন্ন সম্প্ৰদায় আৰু জনজাতীয় নাগৰিক সমাজৰ সংগঠনসমূহেও শান্তি আৰু মীমাংসাৰ পথৰ বিষয়ে আলোচনা কৰিবলৈ ২২-২৬ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিব ।

ইয়াৰে এক প্ৰস্তুতিমূলক পদক্ষেপ হিচাপে দুজনীয়া সদস্যৰ এটি দল অহা 16 ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ যাব । তাত এই গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ জনাব ।

"আমি আশাকৰো যে মণিপুৰৰ জনসাধাৰণৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাতৰ সময় প্ৰদান কৰিব আৰু সংকট সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব । মণিপুৰৰ লোকসকলে তেওঁলোকৰ ৰাজ্যখন জ্বলি থকাৰ সময়ত নীৰৱে থাকিব নোৱাৰে আৰু নাথাকে । প্ৰধানমন্ত্ৰীৰ মৌনতাই মানৱীয় সংকটৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বেদনা আৰু কষ্ট অধিক কৰি তুলিছে । আমি প্ৰধানমন্ত্ৰীক মণিপুৰৰ সংকটক গুৰুত্বসহকাৰে সমাধান কৰি নেতৃত্ব, সহানুভূতি আৰু সমাধান প্ৰদান কৰিবলৈ আহ্বান জনাইছো ।" সংগঠনসমূহে এক যুটীয়া বিবৃতিত কয় ।

"২০২৩ চনৰ ৩ মে'ৰ পৰা মণিপুৰত চলি থকা সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাই এই সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ জনসাধাৰণক গভীৰভাৱে দুখিত আৰু মোহভংগ কৰি তুলিছে । 18 মাহৰো অধিক সময় ধৰি মণিপুৰ জাতিগত বিবাদত নিমজ্জিত হৈ আছে । যাৰ ফলত অব্যক্ত কষ্ট, গৃহহীন আৰু সামাজিক সম্প্ৰীতি ভাঙি পৰিছে । তথাপিও নাগৰিকসকলৰ অভিযোগ সমাধানৰ সাংবিধানিক আৰু নৈতিক দায়িত্ব থকা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নীৰৱ হৈ থকাৰ সিদ্ধান্ত লৈছে । এই উদাসীনতাই মণিপুৰ ৰাজ্যৰ ঐক্য আৰু কল্যাণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ বিষয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে ।" তেওঁলোকে কয় ।

"এইটো গভীৰ বিড়ম্বনাজনক আৰু হতাশাজনক যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অসংখ্য বিদেশ ভ্ৰমণত নিৰন্তৰভাৱে বিশ্ব শান্তিৰ কথা কয় আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনায় । কিন্তু তথাপিও তেওঁ মণিপুৰৰ অস্থিৰতা আৰু হিংসাৰ বিষয়ে এটা শব্দও উচ্চাৰণ কৰা নাই । বিশ্বজুৰি মীমাংসাৰ বাবে ওকালতি কৰি অহাৰ সময়ত ইমান পৰিমাণৰ ঘৰুৱা সংকটৰ ওপৰত তেওঁৰ নীৰৱতাই মণিপুৰৰ জনসাধাৰণৰ বিশ্বাস আৰু আশাক বিশ্বাসঘাতকতা কৰে । আমি, মণিপুৰৰ নাগৰিকসকলে আজি সোধা জ্বলন্ত প্ৰশ্নটো হ'ল : ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘৰত নিজৰ মানুহৰ কান্দোন উপেক্ষা কৰি কেনেকৈ বিদেশত শান্তি বিচাৰিব পাৰে ?" যুটীয়া বিবৃতিটোত কোৱা হৈছে ।

"উদাসীনতাৰ জৰিয়তে শান্তি আৰু ঐক্য লাভ কৰিব নোৱাৰি, কিন্তু আলোচনা আৰু নিৰ্ণায়ক পদক্ষেপৰ জৰিয়তে পাৰি । ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ মনৰ কথা কোৱাৰ আৰু মণিপুৰৰ জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ সময় আহি পৰিছে ।" তেওঁলোকে লগতে কয় ।

যুটীয়া বিবৃতিটোত মণিপুৰৰ কমেও ২০ টা নাগৰিক সমাজৰ সংগঠনে স্বাক্ষৰ কৰিছে । ইয়াৰ ভিতৰত আছে শান্তিপূৰ্ণ সহৱস্থান সমিতি, মণিপুৰ (Committee of Peaceful Coexistence, Manipur- CPCM), মিটেই মেইটেই ট্ৰাইব ইউনিয়ন (Meetei Meitei Tribe Union, MMTU), ফেডাৰেল ষ্টুডেণ্টছ অৰ্গেনাইজেচন, কাংলেইপাক (Federal Students’ Organisation, Kangleipak- FESOK), ইউনাইটেড মেইটেই পাংগল কমিটী (United Meitei Pangal Committee, UMPC) মণিপুৰী ছাত্ৰ ফেডাৰেচন (Manipuri Students’ Federation, MSF), সাহায্য আৰু পুনৰ্সংস্থাপন সমিতি (Committee on Relief & Rehabilitation, CRR) আদি ।

উল্লেখ্য যে, যোৱা বছৰৰ ৩ মে'ত মণিপুৰৰ ইম্ফল উপত্যকাত বাস কৰা সংখ্যাগৰিষ্ঠ মেইটেই লোক আৰু বিভিন্ন পাহাৰীয়া অঞ্চলৰ কুকি-জো জনজাতীয় সম্প্ৰদায়ৰ মাজত জাতিগত হিংসাৰ সূত্ৰপাত হৈছিল । এই হিংসা ৰাজ্যখনৰ কেইবাটাও ঘটনাৰ বাবে হয় । ইয়াৰ ভিতৰত আছে উপত্যকাভিত্তিক মেইটেই সম্প্ৰদায়ৰ দ্বাৰা অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণ কৰাৰ বাবে মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, যিটো সিদ্ধান্তক পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে সমালোচনা কৰে ।

মেইটেইৰ এছ টি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে (এ টি এছ ইউ এম) ৩ মে'ত এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে । ইয়াৰে এটা পদযাত্ৰাৰ পিছত চুৰাচান্দপুৰ জিলা আৰু বিষ্ণুপুৰ জিলাৰ মাজৰ সীমান্তৰ ওচৰত কুকি আৰু মেইটেই গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । তাৰ পিচতে বিভিন্ন ঘৰত অগ্নিসংযোগ কৰা হয় ।

এই হিংসা দ্ৰুতগতিত কুকি অধ্যুষিত চুৰাচান্দপুৰ চহৰ আৰু মেইটেই অধ্যুষিত ইম্ফল উপত্যকালৈ বিয়পি পৰে আৰু প্ৰতিটো অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হয় । চৰকাৰী পৰিসংখ্যা অনুসৰি, হিংসাত ২০ জনৰো অধিক লোক নিহত হৈছে আৰু হিংসাৰ ফলত ৬০,০০০ ৰো অধিক লোক গৃহহীন হৈছে । এই সময়ছোৱাত দুয়োটা সম্প্ৰদায়ৰ প্ৰায় 4,786 টা ঘৰ জ্বলাই দিয়া হৈছে আৰু 386 টা ধৰ্মীয় অনুষ্ঠান ভাঙি চূড়মাৰ কৰা হৈছে । ইয়াৰ ভিতৰত মন্দিৰ আৰু গীৰ্জা আছে ।

লগতে পঢ়ক :বন্ধৰ মাজতে ৫ ডিচেম্বৰত জিৰিবাম হিংসাৰ বলি ১২ জন লোকৰ অন্ত্যেষ্টিক্ৰিয়া
লগতে পঢ়ক :মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত; ৯৪ টা নতুন চেকপইণ্ট স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.