নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী : বিগত 10 মাহ জোৰা ভয়াৱহতাৰ পিচতো শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ জনসাধাৰণে ৰাজ্যখনত পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও এতিয়াও ৰাজ্যখনত পৰিস্থিতি শাম কটা নাই ৷
ফলত যোৱা বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ এগৰাকী সৰবৰহী ট্ৰান্সজেণ্ডাৰ মালেম থংগামে ৰাজধানী চহৰ দিল্লীত অনশন কাৰ্যসূচী হাতত লৈছে ৷ লামিয়াম্বা ইৰাবট মেম'ৰিয়েল ইণ্টিগ্ৰেটেড ট্ৰাষ্টৰ (এআইপিটি) সভাপতি থংগামে সোমবাৰে ইটিভি ভাৰতক কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰিবলৈ আৰু উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা বন্ধ কৰিবলৈ আবেদন জনাইছে। মণিপুৰত শান্তি আৰু স্বাভাৱিকতা আনিবলৈ, ভাৰত চৰকাৰে কুকি সশস্ত্ৰ উগ্ৰপন্থীৰ সৈতে অভিযান স্থগিত ৰখা চুক্তি (এছ.ও.ও.) বাতিল কৰা উচিত ৷
অৱশ্যে, দিল্লী বিশ্ববিদ্যালয় চৌহদৰ পৰা অনশন আৰম্ভ কৰাৰ পিচৰে পৰা, থংগামক দিল্লী আৰক্ষীয়ে কেইবাবাৰো আটক কৰিছে । সোমবাৰে যন্তৰ-মন্তৰৰ পৰা আটক কৰা পিচতে দিল্লী আৰক্ষীয়ে তেওঁক বাংলা চাহিব গুৰুদ্বাৰত অনশন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ।
ইফালে, মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতি (Coordinating Committee on Manipur Integrity) এ কেন্দ্ৰীয় চৰকাৰক কুকি সশস্ত্ৰ গোটসমূহৰ বিৰুদ্ধে অহা ২৮ ফেব্ৰুৱাৰীত উকলি যাবলগীয়া অভিযান স্থগিত ৰখা চুক্তি (SoO) উঠাই ল’বলৈ আহ্বান জনায় । CoCoMI ৰ সমন্বয়ক সমৰেন্দ্ৰ থোকচোমে অভিযোগ কৰে যে কুকি সশস্ত্ৰ গোটসমূহ ৰাজ্যখনত সংঘটিত হৈ থকা জাতিগত সংঘৰ্ষৰ সৈতে জড়িত হৈ আছে ।
থোকচোমে কয় যে, মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাই ভাৰতীয় সেনা আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণত কুকি উগ্ৰপন্থী গোটসমূহ পোনপটীয়াকৈ জড়িত থকাৰ স্পষ্ট প্ৰমাণ প্ৰদান কৰিছে । এছ.ও.ও. চুক্তিৰ সম্প্ৰসাৰণৰ সম্পৰ্কত যিকোনো সিদ্ধান্ত লওতে সাৱধানতা আৰু পুনৰ মূল্যাংকনৰ প্ৰয়োজনীয়তা অত্যন্ত প্ৰয়োজনীয় বুলিও থোকচামে উল্লেখ কৰে ৷