ETV Bharat / bharat

উত্তৰাধিকাৰী সন্দৰ্ভত বিতৰ্ক; মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ ঘোষণা - MAMATA BANERJEE ON HER SUCCESSOR

মুখ্যমন্ত্ৰী তথা দলৰ মুৰব্বী মমতা বেনাৰ্জীৰ উত্তৰাধিকাৰী কোন হ'ব, তাক লৈ পশ্চিমবংগত বিতৰ্ক চলি আছে ।

Mamata Banerjee on her successor
উত্তৰাধিকাৰী সন্দৰ্ভত বিতৰ্ক; মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ ঘোষণা (ANI)
author img

By PTI

Published : Dec 7, 2024, 11:01 AM IST

কলকাতা : শেহতীয়াকৈ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ অসন্তুষ্টি দেখা গৈছে । জ্যেষ্ঠ নেতা আৰু যুৱ নেতাসকলৰ মাজত আভ্যন্তৰীণ সংঘাত একপ্ৰকাৰ চৰ্চাৰ বিষয় হৈ পৰিছে । তাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ উত্তৰাধিকাৰী সম্পৰ্কে যিকোনো সিদ্ধান্ত তেওঁ ব্যক্তিগতভাৱে নলয়, দলৰ নেতৃত্বই সামূহিকভাৱে ল'ব ।

  • মই নহয় দলে ল'ব সিদ্ধান্ত : মমতা বেনাৰ্জী

শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেনাৰ্জীয়ে ব্যক্তিগত দমন নীতিৰ কথা খাৰিজ কৰি কয়, "মই এটা দল নহয়, আমি দল । ই এক সামূহিক পৰিয়াল আৰু সামূহিকভাৱে সিদ্ধান্ত লোৱা হ'ব ।" তেওঁৰ সম্ভাৱ্য উত্তৰাধিকাৰীৰ বিষয়ে সোধাত বেনাৰ্জীয়ে সাংবাদিকক উভতি ধৰে আৰু কয়, "আপোনাৰ উত্তৰাধিকাৰী কোন ?" তেওঁ স্পষ্ট কৰি দিয়ে যে টিএমচি এক শৃংখলাবদ্ধ দল য'ত কোনো এজন ব্যক্তিয়ে চৰ্তাৱলী নিৰ্ধাৰণ নকৰে ।

তেওঁৰ মতে জনসাধাৰণৰ বাবে কি সৰ্বশ্ৰেষ্ঠ সেয়া দলে সিদ্ধান্ত ল'ব । বিধায়ক, সাংসদ, বুথ কৰ্মী সকলোৰে এয়া যৌথ প্ৰচেষ্টা বুলিও তেওঁ উল্লেখ কৰে । দলত চলি থকা নতুন বনাম পুৰণি বিতৰ্ক সন্দৰ্ভত বেনাৰ্জীয়ে এক সন্তুলিত দৃষ্টিভংগী বজাই ৰাখি কয়, "সকলোৱে গুৰুত্বপূৰ্ণ । আজিৰ নৱাগত কাইলৈ প্ৰবীণ হ'ব ।"

উল্লেখ্য যে, দলৰ একাংশ জ্যেষ্ঠ নেতাই মমতা বেনাৰ্জীৰ পক্ষত থকাৰ বিপৰীতে একাংশ যুৱ নেতাই অভিষেক বেনাৰ্জীৰ পক্ষত মন্তব্য কৰিছে । যাৰ বাবে বিতৰ্ক অব্যাহত আছে । অৱশ্যে টিএমচিয়ে আনুষ্ঠানিকভাৱে কোনো উত্তৰাধিকাৰী পৰিকল্পনাৰ কথা ঘোষণা কৰা নাই ।

ৰাজনৈতিক পৰামৰ্শদাতাৰ ভূমিকা

বেনাৰ্জীয়ে ৰাজনৈতিক পৰামৰ্শদাতাৰ ভূমিকা সম্পৰ্কে প্ৰত্যক্ষভাৱে কোনো মন্তব্য নকৰে । তেওঁ কয়, "কিছুমান ৰণনীতিবিদে ঘৰত বহি জৰীপ চলাই আৰু পিছত সেইবোৰ পৰিৱৰ্তন কৰে । তেওঁলোকে বস্তুবোৰ সজাব পাৰে কিন্তু ভোটাৰৰ মন জয় কৰিব নোৱাৰে । তেওঁলোক শিল্পীৰ দৰে যিয়ে ধনৰ বিনিময়ত তেওঁলোকৰ কাম কৰে । কিন্তু নিৰ্বাচন তেওঁলোকে জিকিব নোৱাৰে । বুথ কৰ্মীসকলে গাওঁবোৰ আৰু প্ৰকৃততে নিৰ্বাচনত জয়ী হোৱা লোকসকলক জানে ।"

লগতে পঢ়ক :সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল’লে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.