ETV Bharat / bharat

ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান; গাডচিৰোলিত আৰক্ষীৰ গুলীত নিহত ১২ মাওবাদী - Maoists Neutralised

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:35 AM IST

Maoists Encounter: মাওবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযানত ব্যাপক সফলতা লাভ মহাৰাষ্ট্ৰ আৰক্ষীৰ ৷ গাডচিৰোলিত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ১২ জন মাওবাদী সদস্য ৷ উদ্ধাৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ৷

Maoists Encounter
MAOISTS NEUTRALISED (File Photo ANI)

নিউজ ডেস্ক, ১৮ জুলাই: বুধবাৰে বিয়লি মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ সন্ধিয়ালৈকে ৬ ঘণ্টাৰো অধিক সময় এই এনকাউণ্টাৰ অব্যাহত থাকে । এই এনকাউণ্টাৰত কমেও ১২ জন মাওবাদী নিহত হৈছে আৰু তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে ।

চৰকাৰী সূত্ৰ অনুসৰি ইন্টালা গাঁৱৰ সমীপত প্ৰায় ১২-১৫ জন নক্সালবাদীয়ে শিবিৰ পাতি আছিল । এই তথ্য লাভ কৰাৰ পিচতে পুৱা ১০ বজাত গাডচিৰোলিৰ পৰা নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে । ইয়াৰ মাজতে ৱাণ্ডোলি গাঁৱৰ ছত্তীশগড় সীমান্তৰ সমীপত উপ আৰক্ষী অধীক্ষকৰ (অপাৰেচন) নেতৃত্বত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি ৬০ বাহিনীক প্ৰেৰণ কৰা হয় । এই পৰ্যন্ত ৩ টা AK47, ২টা INSAS, ১টা কাৰবাইন, ১টা SLRকে ধৰি ৭ টা স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ জব্দ কৰা হৈছে ।

নিহত নক্সালসকলৰ ভিতৰত এজন ডিভিচিএম লক্ষ্মণ আত্ৰম, বিশাল আত্ৰম, যি টিপাগড় দলামৰ দায়িত্বত আছিল । বাকী কেইজন মাওবাদীক চিনাক্ত কৰাৰ বাবে অধিক প্ৰচেষ্টা অব্যাহত আছে ।

৫১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা: এই সংঘৰ্ষত আহত হয় এজন পি এছ আই আৰু চি-৬০ বাহিনীৰ এজন জোৱান । কিন্তু তেওঁলোক বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে । উন্নত চিকিৎসাৰ বাবে নাগপুৰলৈ স্থানান্তৰ কৰা হয় জোৱান দুজনক । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু গাডচিৰোলিৰ অভিভাৱক মন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে নগদ ৫১ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

আৰক্ষী বিষয়াৰ মতে, দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে প্ৰায় ৬ ঘণ্টাৰো অধিক সময় গুলীচালনা চলি আছিল । নিহত মাওবাদী সদস্য কেইজনৰ চিনাক্তকৰণৰ লগতে অঞ্চলটোত আন মাওবাদীৰ গতিবিধি সন্দৰ্ভত তালাচী অব্যাহত আছে ।

লগতে পঢ়ক: গোৱালপাৰাত গৰজিলে অসম আৰক্ষীৰ বন্দুকে; ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ দুই অভিযুক্ত গুলীবিদ্ধ - Businessman Murder In Goalpara

লক্ষ্য প্ৰতিশোধ: চাৰি সেনা জোৱানৰ মৃত্যুৰ পিচত ডোডাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান নিৰাপত্তা বাহিনীৰ - Doda Encounter

জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ছহিদ চাৰি ভাৰতীয় সেনা জোৱান, এজন বিষয়াৰ অৱস্থা সংকটজনক - Soldiers killed in Doda Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.