ETV Bharat / bharat

অনন্য অসমখন চাবলৈ আহক যাওঁ এখন বিশেষ পূজাথলীলৈ - DURGA PUJA 2024

Assamese culture in Durga Puja pandal: অসমৰ কৃষ্টি-সংস্কৃতিৰ আৰ্হিৰে জীপাল এখন বিশেষ পূজা মণ্ডপ ৷ য’ত আপুনি অনুভৱ কৰিব অসমীয়াত্ব ৷ চাওক সবিশেষ-

Assamese culture in Durga Puja pandal
অসমৰ কৃষ্টি-সংস্কৃতিৰ আৰ্হিৰে পূজা মণ্ডপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2024, 8:14 PM IST

নিউজ ডেস্ক, ৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱক লৈ সকলোতে এতিয়া বৈছে উছাহৰ ঢল ৷ সমাগত দুৰ্গা পূজাক লৈ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈ কাৰোৰে যেন এতিয়া আহৰি নাই ৷ প্ৰান্তে প্ৰান্তে গুঞ্জৰিত এতিয়া দেৱী বন্দনা ৷ সমান্তৰালকৈ বিভিন্ন ঠাইত দেৱীৰ আৰাধনাৰ বাবে সাজু পূজাথলীসমূহ ৷ বাৰেৰহণীয়া সংস্কৃতিৰ চানেকি, শান্তি-সম্প্ৰীতি তথা সামাজিক বাৰ্তাক ভিত্তি কৰি পূজা সমিতিসমূহে সাজি উলিয়াইছে বিভিন্ন আকৰ্ষণীয় আৰ্হিৰ পূজা মণ্ডপ, যিবোৰৰ আটকধুনীয়া সাজ-সজ্জা তথা আলোকশিল্পই দৰ্শনাৰ্থীৰ মন মুহিবলৈ সাজু হৈছে ৷

আজি আমি আপোনালোকক তেনে এখন বিশেষ আৰ্হিৰ মণ্ডপলৈ লৈ যাব খুজিছো ৷ এই বিশেষ মণ্ডপ এই কাৰণেই বিশেষ কাৰণ ই তুলি ধৰিছে অসমৰ বৈচিত্র্য, শিল্প আৰু সংস্কৃতিক ৷ অসমৰ সাংস্কৃতিক পৰম্পৰাৰ অন্যতম চানেকি জাপিক আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ পূজা মণ্ডপ ৷ লগতে ইয়াত সন্নিবিষ্ট হৈছে অসমীয়া কৃষ্টি-সংস্কৃতিৰ অভিন্ন অংগবোৰ ৷

অনন্য অসমখন চাবলৈ আহক যাওঁ এখন বিশেষ পূজাথলীলৈ (ETV Bharat)

পিচে এই বিশেষ মণ্ডপটোনো ক’ত আছে সেয়া জানিবলৈ নিশ্চয় আপোনাৰ মন নোযোৱাকৈ থকা নাই ৷ আচলতে অসম আৰ্হিৰ আধাৰত এই বিশেষ পূজাথলী চাবলৈ হ’লে আপুনি যাবলৈ লাগিব চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ ৷

অসমৰ সাংস্কৃতিক পটভূমিক দাঙি ধৰা এই বিশেষ পেণ্ডেলটো সাজি উলিওৱা হৈছে পশ্চিম বংগৰ জলপাইগুৰিত ৷ চহৰখনৰ মহুৰিপাৰা পূজা মণ্ডপৰ এই বছৰৰ বিষয়বস্তু হৈছে অসম । যেতিয়া আপুনি এই পেণ্ডেলটোত প্ৰৱেশ কৰিব, আপুনি হঠাতে অনুভৱ কৰিব যে আপুনি চুবুৰীয়া ৰাজ্যত নহয়, অসমতে আছে ।

জলপাইগুৰিৰ মহুৰিপাৰাৰ এই সার্বজনীন দুৰ্গা পূজাত মা দুৰ্গা যেন নিজেই অসমৰ পৰা আহিছে । মাৰ পৰিধানত অসমীয়া মেখেলা-চাদৰ ৷ একেদৰে মহিষাসুৰৰ পিন্ধনত ধূতি আৰু মূৰত অসমীয়া গামোচা ৷ দেৱী দুৰ্গাৰ দুই কন্যা দেৱী সৰস্বতী আৰু দেৱী লক্ষ্মীও মেখেলাৰ সাজেৰে সজ্জিত ৷ হাতত অসমীয়া প্ৰাণৰ জাপি ৷ সুদৰ্শন কাৰ্তিক-গণেশো সাজি উঠিছে অসমীয়া সাজপাৰ পৰিধান কৰি ৷ এইদৰেই অসমৰ পৰেশেৰে প্ৰাণ পাই উঠিছে প্ৰতিৱেশী বংগ ৰাজ্যৰ এই ব্যতিক্ৰমধৰ্মী পূজা ৷ যাৰ প্ৰতিটো চুকে-কোণে আমোলমোলাই আছে অসমীয়াৰ স্বাভিমানৰ ঘ্ৰাণ ৷

এইবাৰ 75 সংখ্যক বর্ষত ভৰি দিছে মহুৰিপাৰা সার্বজনীন দুৰ্গা পূজাই ৷ মণ্ডপৰ জৰিয়তে অসমৰ ঐতিহ্যক তুলি ধৰা আয়োজক সমিতিৰ সম্পাদক উত্তম বসুৱে কয়, “আমাৰ থিম হৈছে জাপি ৷ মণ্ডপত জাপিয়েই প্ৰাধান্য পাইছে ৷ অসমৰ বিহু সংস্কৃতিক তুলি ধৰাৰ চেষ্টা কৰা হৈছে ৷ পূজা মণ্ডপত অসম আৰু বংগৰ এক সেতু বন্ধনৰ প্ৰয়াস কৰা হৈছে ৷ অসমৰ জাপি, বিহু, ড৹ ভূপেন হাজৰিকা, সত্ৰীয়া সংস্কৃতিকে আদি কৰি সকলোবোৰ জিলিকি আছে এই পূজা মণ্ডপত ৷

আনকি সুদৃশ্য পেণ্ডেলটো সাজিবলৈ অসমৰ পৰাই শিল্পীসকলক লৈ যোৱা হৈছিল আৰু তেওঁলোকে মহুৰিপাৰাৰ এই দৃষ্টিনন্দন পূজা মণ্ডপ নিৰ্মাণ কৰিছে । সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে, "22 দিন ধৰি 9 জন শিল্পীয়ে এই কাম কৰিছে ৷ অসমৰ বিখ্যাত শিল্পী ৰবীন বৰকো এই কাৰণে ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছিল ৷"

মণ্ডপৰ প্ৰৱেশদ্বাৰতেই অসমৰ হিয়াৰ শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনোৱা হৈছে ৷ তাৰ পিছতেই প্ৰদৰ্শিত হৈছে প্ৰসিদ্ধ জাপি ৷ ভিতৰলৈ সোমাই গ’লে দেখা যাব বিহু নৃত্য, এশিঙীয়া গঁড়, কামাখ্যা মন্দিৰ, চাহ বাগিচা তথা বিভিন্ন পৰম্পৰাগত সাজপাৰ পৰিহিত জনগোষ্ঠীসমূহৰ নানাৰঙী শিল্প-সংস্কৃতিৰ সমাহাৰ ৷ মুঠৰ ওপৰত জলপাইগুৰিৰ এই বিশেষ পূজাথলীয়ে আপোনাক কৰি তুলিব আপ্লুত ৷ এগৰাকী অসমীয়া হিচাপে ভৰি উঠিব আপোনাৰ বুকু ৷

এগৰাকী দৰ্শনাৰ্থী মিত্ৰা ভৌমিকে এই বিশেষ মণ্ডপ পৰিদৰ্শন কৰি জনালে অভিভূত হোৱাৰ কথা ৷ তেওঁ উল্লেখ কৰিলে অসমীয়া সাজপাৰ পৰিহিত দেৱী প্ৰতিমাৰ মাজত নিহিত স্নিগ্ধতাৰ কথা ৷ আন এজন দৰ্শনাৰ্থী তীর্থঙ্কৰ চক্রৱর্তীয়ে ক’লে “খুবেই ভাল লাগিছে ৷ মণ্ডপত সোমাই এনে লাগিছে যেন আমি অসমত আছো ৷ অসমক সুন্দৰকৈ তুলি ধৰা হৈছে ৷ জলপাইগুৰিত যেন এটুকুৰা অসমে বিৰাজ কৰিছে” ৷

লগতে পঢ়ক: আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! - Guwahati Unique Puja Pandal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.