ETV Bharat / bharat

225 কিলোমিটাৰ অতিক্ৰমি খোজেৰেই ঘৰ পালেহি হেৰাই যোৱা মহাৰাজ : ৰাজকীয় আদৰণি গাঁওবাসীৰ - MAHARAJ DOG

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 10:13 PM IST

Maharaj dog story : মহাৰাজ হেৰাই গৈছিল । কিন্তু দুদিনৰ ভিতৰতে মহাৰাজ ঘৰলৈ উভতি আহিল । গাওঁখনলৈ উভতি অহা মহাৰাজক মালা পিন্ধাই আদৰণি জনোৱাৰ ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কোন এই মহাৰাজ...

Maharaj dog story
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মহাৰাজ (ETV Bharat)

নেশ্যনেল ডেস্ক, 29 জুলাই : খোজেৰেই 225 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিলে 'মহাৰাজ'-এ ৷ ইয়াৰ পিচতেই সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে হেৰাই যোৱা 'মহাৰাজ'ৰ যাত্ৰা ৷ যাত্ৰাৰ অন্তত ঘৰত উপস্থিত হোৱা মহাৰাজক ফুলৰ মালা পিন্ধাই, ৰজাৰ দৰে আদৰণি জনোৱাৰ ফ’টো এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ কিন্তু কোন এই মহাৰাজ ?

খোজেৰেই ঘৰ পালেহি হেৰাই যোৱা মহাৰাজ (ETV Bharat)

আপুনি ভবাৰ দৰে এই কাহিনীৰ নায়ক 'মহাৰাজ' কোনো মানুহ নহয় ৷ আমাৰ ঘৰ অথবা বাটে-পথে থকা কালু, লালু, ৰঙাৰ দৰেই সিও এটা সাধাৰণ পোহনীয়া কুকুৰ ৷ কিন্তু সাধাৰণ হৈয়ো মহাৰাজে কৰা অসাধাৰণ কামে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ৷ এই কাহিনী মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ৷

কোলহাপুৰৰ শ্ৰমিকৰ এটা দলৰ সৈতে এই পোহনীয়া কুকুৰটোৱে কোলাপুৰৰ নানিবাই চিখলিৰ পৰা পান্ধৰপুৰলৈ 225 কিলোমিটাৰ খোজকাঢ়ি যাত্ৰা সম্পূৰ্ণ কৰিছিল ৷ এই কুকুৰটোৰ নাম 'মহাৰাজ' ৷ এই কুকুৰটো পান্ধৰপুৰৰ পৰা হেৰাই গৈছিল ৷ কিন্তু আশ্চৰ্যজনকভাৱে, কুকুৰটো দুদিনৰ ভিতৰতে এই দীৰ্ঘ দূৰত্বৰ বাট খোজেৰে, অকলেই ঘৰলৈ উভতি আহে ৷

মহাৰাষ্ট্ৰ-কৰ্ণাটক সীমান্তৰ নিপানীৰ সমীপৰ যমগৰ্ণী গাঁৱৰ জ্ঞানেশ্বৰ কুম্ভৰে বিগত 30 বছৰ ধৰি কোলহাপুৰৰ কাগল তালুকৰ ননিবাই চিখলীৰ পৰা পান্ধৰপুৰলৈ খোজকাঢ়িয়েই যাত্ৰা কৰি আহিছে ৷ ঘৰত তেওঁৰ এটা পোহনীয়া কুকুৰ আছে ৷ মৃৎশিল্পীসকল যিহেতু ৱাৰাকাৰী পন্থাৰ অন্তৰ্গত, সেয়েহে কুকুৰটোও তেওঁলোকৰ লগত গাঁৱৰ ভিঠলা মন্দিৰলৈ যায় ৷ এইবাৰো 6 জুলাইৰ পৰা 14 জুলাইৰ ভিতৰত গাঁৱৰ পৰা খোজকাঢ়ি শোভাযাত্ৰা উলিওৱা হয় ৷

আনকি এই ‘মহাৰাজ’ নামৰ কুকুৰটো শোভাযাত্ৰাটোৰ লগতে ৱাৰীৰ মাজেৰে খোজেৰে পান্ধৰপুৰলৈ ৰাওনা হয় ৷ এই কুকুৰটোৱে ৱাৰাকাৰীৰ সৈতে 225 কিলোমিটাৰ দূৰত্ব সম্পূৰ্ণ কৰে ৷ কিন্তু পান্ধৰপুৰত লাখ লাখ মানুহৰ ভিৰৰ মাজত হেৰাই যায় এই কুকুৰটো ৷ পান্ধৰপুৰত কুম্ভৰ পৰিয়ালে নিজৰ মৰমৰ কুকুৰটোক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও দুদিনৰ পাচত খালী হাতে ঘৰলৈ উভতি যাব লগা হয় ৷ দুশ কিলোমিটাৰতকৈও অধিক দূৰত্ব সম্পূৰ্ণ কৰি যোৱা কুকুৰটোক বিচাৰি নোপোৱাত হতাশ হৈ পৰে মৃৎশিল্পীৰ পৰিয়ালটো ৷

ইফালে গাঁওবাসীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ৷ বিগত এসপ্তাহ ধৰি কুকুৰটোৰ সন্ধান অব্যাহত আছে ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল মাত্ৰ দুদিন আগতে মহাৰাজ শ্বোৱান গাঁৱলৈ উভতি আহে ৷ প্ৰিয় কুকুৰটো উভতি অহাৰ আনন্দ কেৱল পৰিয়ালটোৱে উপভোগ কৰিব পৰা নাছিল ৷ কুকুৰটোক লৈ গাঁৱৰ ৰাইজে শোভাযাত্ৰা কৰে ৷ গাঁৱলৈ উভতি অহাৰ পথত এই কুকুৰটোক মালা লৈ পূজা কৰা ফ’টোবোৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

কেনেকৈ সম্ভৱ হ'ল ?

এই বিষয়ে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি পশু চিকিৎসা বিষয়া ডাঃ চেম লুড্ৰিকে কয় যে, "পোহনীয়া জন্তুবোৰে ক’ৰবালৈ যাওঁতে কিছুমান স্থানত মল-মূত্ৰ এৰি যায় ৷ মল-মূত্ৰৰ গোন্ধৰ পৰা ভ্ৰমণৰ দিশ স্পষ্ট কৰে সিঁহতে ৷ যদি এই কুকুৰটো চাৰিচকীয়া বাহন এখনত পান্ধৰপুৰলৈ গ’লহেতেন, তেন্তে সি ঘূৰি আহিব নোৱাৰিলেহেতেন ৷ সি পথত এৰি যোৱা মল-মূত্ৰৰ গোন্ধই তাক পুনৰ ঘৰলৈ ঘূৰাই আনিছে ৷"

গাঁৱৰ ধৰ্মীয় কাৰ্যসূচীত ‘মহাৰাজ’ৰ উপস্থিতি বাধ্যতামূলক :

এই গাঁৱত বৃহৎ সংখ্যক ৱাৰাকাৰী পন্থাৰ লোক আছে ৷ প্ৰতি বছৰে গাঁওখনত অখণ্ড হৰিনাম সপ্তাহৰ আয়োজন কৰা হয় ৷ ‘মহাৰাজ’ নামৰ কুকুৰটো সদায়েই বহু ধৰ্মীয় অনুষ্ঠানৰ সময়ত থাকে ৷ গাঁওবাসীয়ে এই জন্তুটোৰ ৰহস্যময় ধৰ্মীয় ধাৰা দেখি ‘মহাৰাজ’ নামেৰে নামাকৰণ কৰিছে ৷ পাৰ হৈ যোৱা গাঁৱৰ মানুহে ‘মহাৰাজ’ বুলি মাতিলে কুকুৰটোৱে কাণ দুখন জোকাৰি, নেজ জোকাৰি উত্তৰ দিয়ে ৷ ইয়াৰ পূৰ্বে এই কুকুৰটোৱে জ্যোতিবা আৰু পানহলা তালুকাতো পাইজাৰৱাড়ী দিণ্ডি সম্পূৰ্ণ কৰিছে ৷

লগতে পঢ়ক : গ্ৰীষ্ম প্ৰৱাহৰ কবলত শ্ৰীনগৰ : এচি-এয়াৰ কুলাৰৰ চাহিদা বৃদ্ধি - Heatwave in Srinagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.