নেশ্যনেল ডেস্ক,১ জুন : দেশত লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । তাৰ মাজতে সাধাৰণ ৰাইজৰ বাবে ভাল খবৰ । ১ জুনৰ পৰা তেল কোম্পানীবোৰে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে । তথ্য অনুসৰি, কোম্পানীবোৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে ।
তেল কোম্পানীবোৰৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি এই নতুন দাম শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে । ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ নতুন মূল্যত ৬৯.৫০ টকা হ্ৰাস পাইছে । একে সময়তে একেটা চিলিণ্ডাৰ কলকাতাত ৭২ টকা সস্তা হৈছে । মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্যত ৬৯.৫০ টকা হ্ৰাস কৰা হৈছে । চেন্নাইত ৭০.৫০ টকা হ্ৰাস কৰা হৈছে ।
লক্ষণীয়ভাৱে কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য তিনিগুণ হ্ৰাস কৰিছে । এপ্ৰিল আৰু মে' মাহত মূল্য হ্ৰাস হৈছিল । একেৰাহে দুমাহত ২০ টকা হ্ৰাস হৈছে ।
ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ ৱেবছাইটত চিলিণ্ডাৰৰ মূল্য আপডেট কৰা হৈছে । ৰাজধানী দিল্লীত বাণিজ্যিক গেছৰ নতুন মূল্য হৈছে ১৬৭৬ টকা । যি পূৰ্বে ১৭৪৫.৫০ টকা আছিল । একে সময়তে মুম্বাইত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য পূৰ্বে ১৬৯৮.৫০ টকা আছিল । আজিৰ পৰা এই চিলিণ্ডাৰ ১৬২৯ টকাত উপলব্ধ হ'ব । কলকাতাত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য পূৰ্বে আছিল ১৮৫৯ টকা । এতিয়া ১৭৮৭ টকাতে উপলব্ধ হ'ব । চেন্নাইত ১৯১১ টকাৰ পৰা ১৮৪০.৫০ টকালৈ হ্ৰাস পাইছে ।
অৱশ্যে তেল কোম্পানীবোৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন কৰা নাই । ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰটো পুৰণি মূল্যত উপলব্ধ হ'ব । কোম্পানীবোৰৰ তথ্য অনুসৰি দিল্লীত বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে ৮০৩ টকা । একে সময়তে উজ্জ্বলা হিতাধিকাৰীসকলে ৬০৩ টকাতে একেটা গেছ চিলিণ্ডাৰ লাভ কৰিছে । কলকাতাত একেটা চিলিণ্ডাৰৰ মূল্য ৮২৯ টকা । মুম্বাইত ইয়াৰ মূল্য ৮০২.৫০ টকা । চেন্নাইত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৮১৮.৫০ টকা ।