ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণৰ পিছতো কিয় অযোধ্যাতেই দূৰ্গ খহিল গেৰুৱা শিবিৰৰ ? - Bjp Lose Uttar Pradesh’s Ayodhya

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 2:16 PM IST

Bjp Lose Uttar Pradesh’s Ayodhya: লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তিনিমাহ পূৰ্বে 22 জানুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মীয়মান অৱস্থাতে উদ্বোধন কৰিছিল বহু প্ৰত্যাশিত ৰাম মন্দিৰ । সেই উদ্বোধনী অনুষ্ঠানক লৈ উৎফুল্লিত হৈ পৰিছিল দেশৰ হিন্দুত্ববাদী মহল তথা ৰামভক্তসকল । কিন্তু নিৰ্বাচনী ফলাফলত এই ৰাম মন্দিৰৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ৷ দাবী কৰা অনুসৰি স্পৰ্শ কৰিব নোৱাৰিলে 400 খন আসন ৷ এই সন্দৰ্ভত আমাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন----

Bjp Lose Uttar Pradesh’s Ayodhya
জাতিগত সমীকৰণ নে বিকাশ- কি কাৰণে উত্তৰ প্ৰদেশত দুৰ্গ খহিল গেৰুৱা শিবিৰৰ ? (Etv bharat assam)

নেশ্যনেল ডেস্ক, 7 জুন: সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত ৰাম জন্মভূমি অযোধ্যাতেই খোপনি হেৰুৱালে ৰামভক্ত বিজেপিয়ে ! যি ফলাফল গেৰুৱা শিবিৰৰ লগতে সমগ্ৰ দেশবাসীকে আচৰিত কৰি তুলিছে ৷ গাদী সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাক নিৰ্বাচনী সময়চোৱাত তৎপৰতাৰে ৰাম মন্দিৰ উদ্বোধন কৰাৰ পাচতো উত্তৰ প্ৰদেশ তথা অযোধ্যা বিধানসভা সমষ্টিত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ।

এই অভাৱনীয় পৰাজয়ৰ বাবে কেইবাটাও কাৰক চিনাক্ত কৰা হৈছে ৷ কিন্তু ইয়াৰ কিছুমান প্ৰাথমিক কাৰণ হ’ল- নিবনুৱা সমস্যা, সূচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা আৰু দলিত আৰু মুছলমান ।

উত্তৰ প্ৰদেশ কিয় গুৰুত্বপূৰ্ণ :

মন কৰিবলগীয়া যে, 543 খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ৰাজ্যখনৰ 80 জন সংসদীয় সদস্যই কেন্দ্ৰীয় চৰকাৰখন গঠন অথবা ভাঙি পেলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । এই আসনে 2014 আৰু 2019 চনত বিজেপিক দিল্লীৰ মচনদ দখল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷ গেৰুৱা শিবিৰে ক্ৰমে 71 আৰু 62 খন আসন লাভ কৰিছিল বিগত দুটা লোকসভা নিৰ্বাচনত ।

আশ্চৰ্যকৰ বিষয় যে, ৰাম মন্দিৰ নিৰ্মাণৰ মাত্ৰ চাৰি মাহৰ পাছতেই অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অযোধ্যা বিধানসভাকে ধৰি ফৈজাবাদ লোকসভা সমষ্টিটোত বিজেপিয়ে নিজৰ স্থিতি হেৰুৱায় । লক্ষণীয় বিষয় যে, প্ৰচাৰৰ সময়চোৱাত ৰাম মন্দিৰ আছিল দলটোৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আৰু ইয়াৰ অন্যতম প্ৰাথমিক মতাদৰ্শগত পদক্ষেপ ।

ইয়াৰ লগতে এই নিৰ্বাচনে সকলো এগজিট প’লৰ ভৱিষ্যতবাণীক কেৱল মাত্ৰ সংখ্যাৰ চলনা বুলি প্ৰমাণ কৰা দেখা গ’ল ৷ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰ বাবে নিজৰ 372 আসনৰ লক্ষ্যৰ পৰা বহু দূৰৈতেই থমকিল ৷ বাৰম্বাৰ ক’ব লাগিব যে, ৰাম জন্মভূমি অযোধ্যাত দলটোৰ পৰাজয় এক অবিশ্বাস্য বিষয় ।

পৰাজয়ৰ ব্যৱধান :

বিজেপি প্ৰাৰ্থী লল্লু সিঙে 4,99,722 টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী আৱাধেশ প্ৰসাদে 5,54,289 টা ভোট লাভ কৰে । পৰাজয়ৰ ব্যৱধান আছিল 54,567 ।

কাৰণ/ভোটাৰৰ ক্ষোভ :

অখিলেশ যাদৱে যথেষ্ট ৰাজনৈতিক বিচক্ষণতাৰে টিকট প্ৰদান কৰিছে ৷ মাত্ৰ 9 জন মুছলমান-যাদৱ (MY) প্ৰাৰ্থীয়েহে টিকট লাভ কৰিছিল ৷ চাৰিজন মুছলমান আৰু পাঁচজন যাদৱ, এই আটাইকেইজন অখিলেশৰ আত্মীয় । অমিত শ্বাহে সামাজিক মাধ্য়মৰ সহায়ত উত্তৰ প্ৰদেশৰ অযাদৱ ভোটাৰক যাদৱৰ বিৰুদ্ধে থিয় দি জয়ী কৰিছিল, যদিও বাকী 48 জন প্ৰাৰ্থীৰ মূলতঃ আন কেইবাজনো অ’বিচিৰ আছিল ।

গিৰি ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজৰ সহযোগী অধ্যাপক প্ৰশান্ত ত্ৰিবেদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সমাজবাদী পাৰ্টীৰ দলিত প্ৰাৰ্থীক অসংৰক্ষিত আসনত প্ৰক্ষেপ কৰাৰ সিদ্ধান্তৰ বাবেই ফলাফল ব্যতিক্ৰমী হ’ল । সম্ভৱ জাতিগত পক্ষপাতিত্বই ৰাজ্যখনৰ জনসাধাৰণৰ ভোটৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল ।

বিজেপি বিৰোধী দলিত কৰ্মী গৌতম ৰাণে কয় যে, তেওঁলোকে ভাৰতৰ সংবিধান সলনি কৰি চাকৰিৰ সংৰক্ষণ বন্ধ কৰিব বিচাৰে । চৰকাৰী নিয়োগ আৰু শিক্ষাৰ সংৰক্ষণৰ বাবে দলিতসকলক সাংবিধানিকভাৱে প্ৰদান কৰা বিশেষাধিকাৰ বাতিল কৰাৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টিয়ে যিকোনো পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

‘400 পাৰ’ শ্লোগানৰ বাবেও হয়তো বিজেপি দল যথেষ্ট ক্ষতিগ্ৰস্ত হ’ল, যিটোৱে সম্ভাৱ্য সাংবিধানিক পৰিৱৰ্তনক লৈ দেশবাসীৰ মনত আশংকাৰ সৃষ্টি কৰিছিল । সংবিধানখনেই আছিল অন্যতম মূল ইচ্ছ্যু যিটো আৱাধেশ প্ৰসাদে প্ৰচাৰ সভাবোৰত উল্লেখ কৰিছিল ।

আন এগৰাকী নাগৰিকে কয়, “আন এটা উল্লেখযোগ্য কাৰক আছিল কাগজ লিক । ময়ো ইয়াৰ ভুক্তভোগী । চাকৰি নথকাৰ বাবে দেউতা আৰু মই একেলগে আমাৰ পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিছো । এই অঞ্চলৰ মানুহে পৰিৱৰ্তনৰ বাবে ভোট দিছিল কাৰণ ৰাম মন্দিৰ আৰু ৰামপাঠেৰে নিজৰ ভুল ঢাকি ৰখাৰ বাহিৰে আমাৰ সাংসদে ইয়াত একেবাৰেই একো কাম কৰা নাছিল” ৷

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কেইবাটাও ঘৰ ভাঙি পেলোৱাৰ ফলত নাগৰিক আৰু ব্যৱসায়ীসকল স্থানচ্যুত হয় । স্থানীয় ধৰ্মগুৰু আৰু নাগৰিকসকলে অযোধ্যা ভ্ৰমণ আৰু তাত থকাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিশেষ সুবিধা আশা কৰিছিল । কিন্তু তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে এই আবেদন-বিবেচনা কৰাটো প্ৰয়োজনীয় বুলি নাভাবিলে, যাৰ ফলত ভোট বেংকত পৰোক্ষভাৱে প্ৰভাৱ পৰিল ৷

ভোটাৰৰ অধিকাংশই আছিল যুৱক-যুৱতী আৰু তেওঁলোকৰ সৈতে বিশেষভাৱে জড়িত উন্নয়নমূলক অসুবিধা, যেনে প্ৰতিযোগিতামূলক পৰীক্ষা (সেৱা)ৰ ব্যাপক লিক আৰু নিবনুৱা সমস্যাই তেওঁলোকৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছিল । মন্দিৰ আৰু বিমানবন্দৰৰ আশে-পাশে চলি থকা ভূমি অধিগ্ৰহণক লৈ অযোধ্যাৰ বহু গাঁওৰ লোক ক্ষুব্ধ হৈ পৰিছিল । লগতে আৱাদেশ প্ৰসাদ দলিত নেতা হোৱাৰ বাবেই বহুজন সমাজ পাৰ্টিৰ ভোটসমূহ এছপিলৈ গ’ল ।

এগৰাকী বিজেপি সমৰ্থকে কয়, “সত্যটো হ’ল, অতি কমসংখ্যক অযোধ্যৰ লোকে মন্দিৰলৈ যায়, ইয়াত বেছিভাগ ভক্তই বাহিৰৰ মানুহ । ৰাম আমাৰ বাবে সদায়ে আৰাধ্য দেৱতা ৷ কিন্তু আপুনি আমাৰ জীৱিকা কাঢ়ি নিলে আমি কেনেকৈ জীয়াই থাকিম ? ৰাম পথ নিৰ্মাণৰ সময়ত স্থানীয় ৰাইজক দোকান আবণ্টন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল । সেয়া নহ’ল ।"

ৰাজ্যৰ জনসাধাৰণৰ মনত ৰাম মন্দিৰৰ বাবে সুখ আছিল যদিও বিজেপিৰ জনবিৰোধী স্থিতিক লৈ হতাশাই দেখা দিছিল ।

এজন ক্ষোভিত ভোটাৰে কয়, "মানুহে সদায় জাতি বা মন্দিৰ-মছজিদৰ ৰাজনীতি নিবিচাৰে । তেওঁলোকে উন্নয়নও চাব বিচাৰে যিটোৰ বাবে আমি গেৰুৱা দলটোক ভোট দিলো" ৷

ইফালে, ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌত মুখ্য কাৰ্যালয় থকা উৰ্দু দৈনিক কাকতৰ সম্পাদক নৱাব হুছেইন আফছাৰে দাবী কৰে যে প্ৰচাৰৰ সময়ত মোদীয়ে মুছলমানক “অনুপ্ৰৱেশকাৰী” বুলি অভিহিত কৰা মন্তব্যই সম্প্ৰদায়টোক ক্ষুব্ধ কৰি তুলিছিল ৷

লগতে পঢ়ক: ৩৭০ অনুচ্ছেদ বাতিল, ৰাম মন্দিৰ নিৰ্মাণ, CAA কাৰ্যকৰী কৰিলে বিজেপিয়ে: অমিত শ্বাহ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.