ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰ তুংগত, দেশত বৃদ্ধি ব্যক্তিগত বিমানৰ চাহিদা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 1:27 PM IST

Lok Sabha Election 2024: নিৰ্বাচন চমু চাপিছে । সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰো তীব্ৰতৰ হৈছে । ৰাজনৈতিক দলবোৰে চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্টাৰ ভাড়াত লৈছে । এনে পৰিস্থিতিত দেশত ব্যক্তিগত বিমানৰ চাহিদা ৪০ শতাংশলৈ বৃদ্ধি পাইছে ।

Lok Sabha Election 2024
দেশত বৃদ্ধি ব্যক্তিগত বিমানৰ চাহিদা

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল : দেশত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । প্ৰতিটো ৰাজনৈতিৰ দলৰে শীৰ্ষ ৰাজনৈতিক নেতাসকল দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিছে । এনে পৰিস্থিতিত চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্টাৰৰ অপাৰেটৰসকলৰো ব্যস্ততা বাঢ়িছে । ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ দেশত এতিয়া ব্যক্তিগত বিমানৰ চাহিদা ৪০ শতাংশলৈ বৃদ্ধি পাইছে ।

এনে পৰিস্থিতিত অপাৰেটৰসকলে ১৫-২০ শতাংশ অধিক উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে । বিশেষজ্ঞসকলে কয় যে চাৰ্টাৰ্ড সেৱাৰ বাবে প্ৰতি ঘণ্টাৰ হাৰও বৃদ্ধি পাইছে । তেওঁলোকৰ মতে, এখন বিমানৰ বাবে ব্যয় কৰিব লাগিব প্ৰায় ৪.৫-৫.২৫ লাখ টকা আৰু এখন ডাবল ইঞ্জিন হেলিকপ্টাৰৰ বাবে প্ৰায় ১.৫-১.৭ লাখ টকা ।

সাধাৰণ সময় আৰু পূৰ্বৱৰ্তী নিৰ্বাচনী বছৰৰ তুলনাত এই চাহিদা বৃদ্ধি পাইছে যদিও ফিক্সড উইং বিমান আৰু হেলিকপ্টাৰৰ সংখ্যা কম । কিছুমান অপাৰেটৰে সেয়ে বিমান আৰু হেলিকপ্টাৰ লীজত ল'ব বিচাৰিছে ।

ৰোটাৰী উইং চছাইটি অৱ ইণ্ডিয়াৰ (আৰডব্লিউএছআই) অধ্যক্ষ কেপ্টেইন উদয় গেলিয়ে সংবাদ মাধ্যমক জনোৱা মতে হেলিকপ্টাৰৰ চাহিদা বৃদ্ধি পাইছে আৰু সাধাৰণ সময়ৰ তুলনাত নিৰ্বাচনৰ সময়ত এই চাহিদা ২৫ শতাংশলৈকে বৃদ্ধি পাইছে । চাহিদাৰ তুলনাত যোগান কম ।

সাধাৰণতে ৰাজনৈতিক দলবোৰে তেওঁলোকৰ প্ৰাৰ্থী আৰু নেতাসকলৰ বাবে কম সময়ৰ ভিতৰত বিশেষকৈ দূৰৱৰ্তী এলেকাত উপস্থিত হ'বলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰে । গেলিয়ে কয় যে উত্তৰ প্ৰদেশ, পশ্চিমবংগ, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যত হেলিকপ্টাৰৰ ব্যৱহাৰ অধিক দেখা গৈছে ।

বিজনেছ এয়াৰক্ৰাফ্ট অপাৰেটৰ এছ'চিয়েশ্যনৰ পৰিচালন সঞ্চালক কেপ্টেইন আৰ কে বালিয়ে কোৱা মতে চাৰ্টাৰ্ড বিমানৰ চাহিদা পূৰ্বৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত ৩০-৪০ শতাংশ অধিক । হেলিকপ্টাৰৰ ব্যৱহাৰ প্ৰতি ঘণ্টাৰ ভিত্তিত আদায় কৰা হয় আৰু অপাৰেটৰসকলে সাধাৰণতে সেই সময়ছোৱাত নিৰ্দিষ্ট সংখ্যক দিন আৰু প্ৰতিদিনে নিম্নতম সংখ্যক উৰণ ঘণ্টাৰ বাবে ৰাজনৈতিক দলৰ দ্বাৰা বুকিং কৰাৰ ওপৰত জোৰ দিয়ে ।

গেলিয়ে উল্লেখ কৰা মতে সাধাৰণতে এটা ইঞ্জিনৰ হেলিকপ্টাৰৰ প্ৰতি ঘণ্টাৰ ভাড়া প্ৰায় ৮০,০০০ ৰ পৰা ৯০,০০০ টকা, আনহাতে ই ডাবল ইঞ্জিন হেলিকপ্টাৰৰ বাবে প্ৰায় ১.৫ ৰ পৰা ১.৭ লাখ টকা । নিৰ্বাচনৰ সময়ত, এটা ইঞ্জিন হেলিকপ্টাৰৰ বাবে এই ভাড়া ১.৫ লাখ টকালৈকে আৰু ডাবল ইঞ্জিন হেলিকপ্টাৰৰ বাবে ৩.৫ লাখ টকালৈকে বৃদ্ধি পাইছে ।

এটা ইঞ্জিন হেলিকপ্টাৰত ৭ জনলৈকে বহাৰ ক্ষমতা আছে । তাৰ ভিতৰত এজন পাইলট থাকে । আনহাতে ডাবল ইঞ্জিন হেলিকপ্টাৰত ১২ জনলৈকে লোক যাব পাৰে । চাৰ্টাৰ্ড বিমানৰ বাবে ভাড়া প্ৰতি ঘণ্টাত ৪.৫ লাখৰ পৰা ৫.২৫ লাখ টকাৰ ভিতৰত হ'ব পাৰে । নিৰ্বাচনৰ সময়ত চাৰ্টাৰ্ড বিমান অপাৰেটৰৰ উপাৰ্জন সাধাৰণ সময়ৰ তুলনাত ১৫-২০ শতাংশ অধিক হোৱাৰ সম্ভাৱনা আছে ।

২০১৯-২০ বৰ্ষৰ বাবে দলটোৰ বাৰ্ষিক অডিট কৰা একাউণ্ট অনুসৰি শাসকীয় বিজেপিয়ে বিমান/হেলিকপ্টাৰত মুঠ ২৫০ কোটি টকাৰ অধিক ব্যয় কৰিছিল । ২০১৯-২০ বৰ্ষত নিৰ্বাচনী ভ্ৰমণ ব্যয়ৰ বাবে কংগ্ৰেছ দলে প্ৰদান কৰা পৰিমাণ আছিল ১২৬ কোটি টকাতকৈও অধিক । দলটোৱে সেই বিত্তীয় বৰ্ষৰ বাৰ্ষিক অডিট কৰা একাউণ্টত বিমান/হেলিকপ্টাৰৰ ব্যয় পৃথকে উল্লেখ কৰা নাছিল ।

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীক শিলেৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ - AP CM Hurt In Stone Pelting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.