ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰাৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব ? জানো আহক...

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:01 AM IST

Election Budget 2024 : নিৰ্বাচনী ব্যয়ৰ বাবে আবণ্টন ২০২৩ চনত ২,১৮৩.৭৮ কোটি টকাৰ পৰা ২০২৪ চনৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত ২,৪৪২.৮৫ কোটি টকালৈ বৃদ্ধি পাইছে । তদুপৰি, এই বিত্তীয় বৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইচিআইক ৩২১.৮৯ কোটি টকা মঞ্জুৰ কৰা হৈছে । ইয়াৰে ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যয়ৰ বাবে ৩০৬.০৬ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ।

নিৰ্বাচন আয়োগক দিয়া বাজেটৰ ওপৰত এক অৱলোকন

নিউজ ডেস্ক, ১৬ মাৰ্চ : ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচন ২০২৪-ৰ সময়সূচী ঘোষণা কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'গণতন্ত্ৰৰ মাতৃ' হিচাপে গণ্য কৰা ভাৰত কেৱল আটাইতকৈ ডাঙৰ গণতন্ত্ৰয়ে নহয়, নিৰ্বাচনত সৰ্বাধিক ব্যয় কৰা ৰাষ্ট্ৰৰ শ্ৰেণীতো পৰে ।

কেইবাটাও অধ্যয়ন আৰু প্ৰতিবেদনে এইটো দাবী কৰিছে যে ভাৰতৰ নিৰ্বাচন বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচন । অৱশ্যে যদিও নিৰ্বাচনী ব্যয় হৈছে ৰাজনৈতিক দল আৰু তেওঁলোকৰ নিজ নিজ প্ৰাৰ্থীয়ে কৰা এক দিশ, ইয়াৰ উপৰি আনটো দিশ হৈছে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগলৈ কৰা বাজেট আৱণ্টন ।

যোৱা মাহত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰা অন্তৰ্ৱৰ্তীকালীন বাজেটত নিৰ্বাচনী ব্যয়ৰ বাবে আৱণ্টন ২০২৩ চনৰ ২,১৮৩.৭৮ কোটি টকাৰ পৰা ২,৪৪২.৮৫ কোটি টকালৈ বৃদ্ধি পাইছে ।

ইয়াৰ ভিতৰত 1000 কোটি টকা লোকসভা নিৰ্বাচনলৈ যাব । যোৱা বছৰ ইয়াৰ বাবে আৱণ্টন কৰা হৈছিল 180 কোটি টকা । একেদৰে, ভোটাৰ পৰিচয়-পত্ৰৰ বাবে যোৱা বছৰ মাত্ৰ 18 কোটি টকা আৱণ্টন কৰা হৈছিল । কিন্তু এই বছৰ 404.81 কোটি টকালৈ বৃদ্ধি কৰা হৈছে । ২০২৩-২৪ বৰ্ষত ভোটাৰ পৰিচয়-পত্ৰৰ সংশোধিত বাজেট আছিল ৭৯.৬৬ কোটি টকা ।

আনহাতে, ইভিএমৰ বাবে বাজেট আৱণ্টন হৈছে 34.84 কোটি টকা । অন্যান্য শিতানৰ বাবে নিৰ্বাচনী ব্যয়ৰ অধীনত মুঠ 1,003.20 কোটি টকা আৱণ্টন কৰা হৈছে । সেয়ে আগন্তুক বিত্তীয় বৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মুঠ আৱণ্টন হৈছে 2,408.01 কোটি টকা ।

আনহাতে, নিৰ্বাচন আয়োগক চলিত বিত্তীয় বৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৩২১.৮৯ কোটি টকা মঞ্জুৰ কৰা হৈছে । ইয়াৰে ভিতৰত ৩০৬.০৬ কোটি টকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যয় কৰা হ'ব ।

ইয়াৰ উপৰি ৰাজহুৱা কামৰ বাবে অতিৰিক্তভাৱে ৰাখি থোৱা ধনৰ পৰিমাণ হৈছে ২.০১ কোটি টকা । আনহাতে, প্ৰশাসনিক সেৱাৰ বাবে কৰা আৱণ্টন হৈছে ১৩.৮২ কোটি টকা । এই ক্ষেত্ৰত মন কৰিবলগীয়া যে বিত্ত মন্ত্ৰীয়ে যোৱা বছৰ সংসদৰ শীতকালীন অধিবেশনত নিৰ্বাচন সম্পৰ্কীয় ব্যয়ৰ বাবে অতিৰিক্ত ৩,১৪৭.৯২ কোটি টকা আৰু নিৰ্বাচন আয়োগৰ প্ৰশাসনৰ বাবে ৭৩.৬৭ কোটি টকা আৱণ্টন কৰিছিল ।

আনহাতে, পূৰ্বৰ বছৰৰ বাবে নিৰ্বাচন আয়োগক 466.4 কোটি টকা মঞ্জুৰ কৰা হৈছিল । লগতে 2014 চনৰ লোকসভা নিৰ্বাচনত, 3,870 কোটি টকা ব্যয় কৰা হৈছিল ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন ২০২৪; নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব নিৰ্বাচনৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.