ETV Bharat / bharat

বাঁও দলৰ দখলত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থা - JNU elections 2024

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:41 AM IST

JNU students Union election result : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত বাঁও মিত্ৰজোঁট জয়ী হৈছে । দেওবাৰে নিশা ঘোষণা কৰা ফলাফলত বাঁওপন্থী প্ৰাৰ্থীসকলে সভাপতি, উপ-সভাপতি আৰু যুটীয়া সম্পাদকৰ পদত বিজয়লাভ কৰে ।

বাঁও দলৰ দখলত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থা

নিৰ্বাচনত জয়লাভৰ পিচত সমৰ্থকৰ বিজয়োল্লাস

নিউজ ডেস্ক, ২৫ মাৰ্চ : বহু বছৰৰ বিৰতিৰ মূৰত অনুষ্ঠিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল দেওবাৰে নিশা ঘোষণা কৰা হয় । পৰম্পৰা অব্যাহত ৰাখি এইবাৰো বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থা বাঁও মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতলৈ যায় । জৱাহৰলাল নেহৰু ছাত্ৰ সন্থাৰ (জেএনইউএছইউ) নিৰ্বাচনৰ ভোটগণনা শনিবাৰে পুৱতি নিশা আৰম্ভ হয় ।

সংযুক্ত বাঁও মৰ্চাই চাৰিটা পদত জয়লাভ কৰে । এই মিত্ৰজোঁটৰ পৰা সভাপতি হিচাপে ধনঞ্জয়, উপ-সভাপতি অভিজিৎ ঘোষ, সাধাৰণ সম্পাদক প্ৰিয়াংশী আৰ্য আৰু যুটীয়া সম্পাদক পদত মহম্মদ চাজিদ নিৰ্বাচিত হয় । আনহাতে, যুটীয়া সম্পাদকৰ পদটোও এবিভিপিৰ হাতৰ পৰা ওলাই যায় । 2015 চনত এবিভিপিয়ে যুটীয়া সচিবৰ আসনত জয়ী হৈছিল ।

সেই সময়ত সৌৰভ শৰ্মা যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল । ইফালে এই বিজয়ৰ পিচত বাঁও মিত্ৰজোঁটে দেওবাৰে নিশা আনন্দ-উল্লাস কৰি এই বিজয় উদযাপন কৰে ।

উল্লেখ্য যে, জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ বাবে যোৱা ২২ মাৰ্চত ভোটদান অনুষ্ঠিত হয় । মুঠ ৫,৬৫৬ টা ভোট আছিল । সকলো ভোটকেন্দ্ৰৰ পৰা বেলট পেপাৰ সংগ্ৰহ কৰাৰ পিচত প্ৰথমে পৰামৰ্শদাতা পদৰ বাবে ভোট গণনা আৰম্ভ কৰা হয় । পৰামৰ্শদাতাৰ ৪২ টা পদৰ ভোট গণনা কৰা হয় ।

ইয়াৰ পিচত চাৰিটা কেন্দ্ৰীয় পদৰ ভোট গণনা আৰম্ভ হয় । বাঁওপন্থী মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীয়ে চাৰিওটা কেন্দ্ৰীয় পদত জয়লাভ কৰে । অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ (এআইএছএ) সভাপতি পদৰ প্ৰাৰ্থী ধনঞ্জয়ে ২,৫৯৮ টা ভোটত বিজয়ী হয় ।

দ্বিতীয় স্থানত থকা এবিভিপিৰ প্ৰাৰ্থী উমেশ চন্দ্ৰ আজমীৰাই ১,৬৭৬ টা ভোট লাভ কৰে । ধনঞ্জয় কলা আৰু নান্দনিকতাৰ পিএইচডি শিক্ষাৰ্থী । তেওঁ গয়া বিহাৰৰ বাসিন্দা । ষ্টুডেণ্টছ ফেডাৰেচন অব ইণ্ডিয়াৰ (এছএফআই) উপ-সভাপতি পদৰ প্ৰাৰ্থী অভিজিত ঘোষে ২,৪০৯ টা ভোটত জয়ী হয় ।

ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত থকা এবিভিপি প্ৰাৰ্থী দীপিকা শৰ্মাই 1,482 টা ভোট লাভ কৰে । অভিজিত ঘোষ চিএছআৰডিৰ পিএইচডি শিক্ষাৰ্থী । তেওঁ পশ্চিমবংগৰ শিলিগুৰিৰ বাসিন্দা । বিৰচা আম্বেদকাৰ ফুলে ছাত্ৰ সন্থাৰ (বিএপিএছএ) সাধাৰণ সম্পাদক প্ৰাৰ্থী প্ৰিয়াংশী আৰ্যই ২,৮৮৭ টা ভোটত বিজয়ী হয় ।

এবিভিপিৰ অৰ্জুন আনন্দে 1961 টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে । প্ৰিয়াংশী দৰ্শনৰ পিএইচডি শিক্ষাৰ্থী । তেওঁ উত্তৰাখণ্ডৰ হালদৱানীৰ বাসিন্দা । অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ (এআইএছএফ) মহম্মদ চাজিদে ২,৫৭৪ টা ভোট লাভ কৰি যুটীয়া সম্পাদকৰ পদত জয়লাভ কৰাৰ বিপৰীতে এবিভিপিৰ গোবিন্দ দাংগীয়ে ২,০৬৬ টা ভোট লাভ কৰে । মহম্মদ চাজিদ পাৰ্চী অধ্যয়ন কেন্দ্ৰৰ এজন গৱেষণা বিদ্যাৰ্থী । তেওঁ উত্তৰ প্ৰদেশৰ মৌৰ বাসিন্দা ।

লগতে পঢ়ক : কংগনা ৰনৌতে খেলিব লোকসভা নিৰ্বাচন; বিজেপিৰ পঞ্চম প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰিল বৰুণ গান্ধী - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.