ETV Bharat / bharat

৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি - Lal Krishna Advani hospitalised

author img

By ANI

Published : Jul 4, 2024, 9:21 AM IST

BJP veteran LK Advani hospitalised again : বুধবাৰে নিশা ৯ বজাত প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এপ’ল’ হাস্পতালত পুনৰবাৰ ভৰ্তি চিকিৎসকৰ পৰ্যবেক্ষণত আছে বিজেপিৰ প্ৰবীণ নেতাগৰাকী ৷

BJP veteran LK Advani hospitalised again
৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক পুনৰ চিকিৎসালয়ত ভৰ্তি (IANS)

নেশ্যনেল ডেস্ক, ৪ জুলাই : ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে নিশা ৯ বজাত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আদৱানীক দিল্লীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ডাঃ বিনীত সুৰীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে ৯৬ বছৰীয়া ৰাজনীতিবিদগৰাকী । সংবাদ সংস্থা ANI য়ে এপ’ল’ হাস্পতালৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি আদৱানীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণৰ অধীনত আছে ।

লগতে পঢ়ক : ভাৰতৰত্ন লাল কৃষ্ণ আদৱানীক গামোচাৰে সম্ভাষণ সৰ্বানন্দ সোণোৱালৰ

কিছুদিন পূৰ্বে দিল্লী এইমছৰ পৰা ডিচচাৰ্জ হৈছিল :

মাত্ৰ কেইদিনমান পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা আদৱানীক দিল্লী এইমছৰ পৰা ডিচাৰ্জ দিয়া হৈছিল । তাৰ পিছত স্বাস্থ্য়জনিত কাৰণত তেওঁক এইমছত ভৰ্তি কৰা হয় । আদৱানীক এইমছৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰা হৈছিল । আদৱানীক জেৰিয়াট্ৰিক বিভাগৰ চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল ।

খবৰ অনুসৰি বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে আদৱানী । মাজে মাজে তেওঁৰ চেকআপ ঘৰতে কৰা হৈছে । কিন্তু এসপ্তাহৰ আগতে হঠাৎ আকৌ কিছু সমস্যা হোৱাত দিল্লীৰ এইমছত ভৰ্তি কৰা হয় ।

লগতে পঢ়ক : ল কে আদৱানীক ভাৰতৰত্ন প্ৰদান - Bharat Ratna Award 2024

চলিত বৰ্ষৰ ৩০ মাৰ্চত ভাৰত ৰত্নৰে সন্মানিত হৈছিল :

প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক চলিত বৰ্ষৰ ৩০ মাৰ্চত ভাৰত ৰত্নৰে সন্মানিত কৰা হয় । দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে এয়া কেৱল তেওঁৰ বাবেই নহয় তেওঁৰ আদৰ্শ আৰু নীতিৰ বাবেও সন্মান । ২০১৫ চনত আদৱানীক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণেৰে সন্মানিত কৰা হয় ।

লগতে পঢ়ক : প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক এইমছত ভৰ্তি - LK Advani admitted to AIIMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.