ETV Bharat / bharat

চিকিৎসকক ধৰ্ষণ-হত্যা: 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান SUCI (C) ৰ - RG Kar Medical College rape case

author img

By ANI

Published : Aug 16, 2024, 1:33 PM IST

SUCI (C) calls for general strike: প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যাৰ ন্যায়ৰ দাবীত উত্তাল সমগ্ৰ দেশ ৷ এই ঘটনাৰ প্ৰতিবাদ জনাই শিলিগুৰিত ভাৰতীয় সমাজবাদী ঐক্য কেন্দ্ৰ (কমিউনিষ্ট)ই 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে ।

Kolkata rape-murder of doctor: SUCI (Communist) calls for 12-hour general strike
চিকিৎসকক ধৰ্ষণ-হত্যা : 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান SUCI (C) ৰ (ANI)

নেশ্যনেল ডেস্ক, 16 আগষ্ট: আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যাক লৈ শুকুৰবাৰে শিলিগুৰিত ভাৰতীয় সমাজবাদী ঐক্য কেন্দ্ৰ (কমিউনিষ্ট)ই 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে । এই ধৰ্মঘটৰ ফলত শিলিগুৰিত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে চহৰখনৰ অধিকাংশ দোকান বৃহস্পতিবাৰৰ সন্ধিয়া 6 বজাৰ পৰাই বন্ধ হৈ পৰে ।

SUCI (কমিউনিষ্ট)ৰ এজন সদস্য ডাঃ শ্বাহৰিয়াৰ আলমে কয়, "আজি এই ধৰ্মঘটৰ প্ৰভাৱ বিপুল । আমাৰ আহ্বানৰ প্ৰতি মানুহে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আৰু সমগ্ৰ শিলিগুৰিতে ইয়াৰ প্ৰভাৱ অতি ভাল । মেডিকেল কলেজ আদিৰ দৰে এলেকাটো মানুহে নিজৰ বাহন উলিওৱা নাই ।"

তেওঁ আৰু কয় যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংঘটিত হোৱা লণ্ড-ভণ্ড কাৰ্যৰ প্ৰতিবাদ জনায়ো এই ধৰ্মঘট আহ্বান কৰা হৈছে ।

এই সন্দৰ্ভত আলমে কয়, "এই নৃশংস ধৰ্ষণ আৰু হত্যা আৰু তাৰ পিছত দুদিন পূৰ্বে মাজনিশা একাংশ গুণ্ডাই চিকিৎসক, নাৰ্ছ, প্ৰতিবাদকাৰী আনকি ৰোগীৰ ওপৰতো আক্ৰমণ চলাইছিল । তেওঁলোকে চিকিৎসালয়ৰ ভিতৰত সোমাই প্ৰমাণবোৰ নাইকিয়া কৰিব বিচাৰিছিল যাতে হত্যাকাৰী আৰু ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ কৰিব পৰা যায় । ইয়াৰ প্ৰতিবাদত আমি এই আন্দোলন কৰিছো ।"

ভাৰতীয় চিকিৎসা সন্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি 17 আগষ্ট শনিবাৰৰ পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰৰ পুৱা 6 বজালৈ আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসকসকলে দেশজুৰি চিকিৎসা সেৱা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে ।

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, 14 আগষ্টৰ নিশা কেবাজনো ব্যক্তিকে ধৰি 5-7 হাজাৰ লোকৰ এটা দলে আৰ জি কৰ হাস্পতাল চৌহদত প্ৰৱেশ কৰি প্ৰতিবাদকাৰী চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰে আৰু চৌহদ লণ্ড-ভণ্ড কৰাৰ চেষ্টা চলায় ।

উল্লেখ্য যে, যোৱা 9 আগষ্টৰ দিনা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷ যি ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক: কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ চিকিৎসকৰ - Doctors Protest

মেডিকেল কলেজ হাস্পতাল চৌহদত উদ্ভণ্ডালি চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ 19 অভিযুক্তক - RG Kar Medical College rape case

চিকিৎসকক ধৰ্ষণ-হত্যা: ন্যায়ৰ দাবীত আজি ৰাজধানীৰ ৰাজপথ কপাব RDA ই - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.