ETV Bharat / bharat

চিকিৎসকক ধৰ্ষণ-হত্যা: ন্যায়ৰ দাবীত আজি ৰাজধানীৰ ৰাজপথ কপাব RDA ই - RG Kar Medical College rape case

author img

By ANI

Published : Aug 16, 2024, 8:22 AM IST

RDA protest for rape victim justice: আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যাৰ ন্যায়ৰ দাবীত আজি দিল্লী কপাব দিল্লীৰ প্ৰশিক্ষাৰ্থী চিকিৎসক এছ’চিয়েশ্যনে ৷ বিয়লি 2 বজাৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী ৷

Kolkata rape-murder case: Resident Doctors' Associations to hold protest march in Delhi
চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত আজি ৰাজধানীৰ ৰাজপথ কপাব RDA য়ে (ANI)

নেশ্যনেল ডেস্ক, 16 আগষ্ট: কলিকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ বিৰুদ্ধে দেশজুৰি অব্যাহত প্ৰতিবাদ ৷ সমগ্ৰ দিল্লীৰ প্ৰশিক্ষাৰ্থী চিকিৎসক এছ’চিয়েশ্যনে আজি অৰ্থাৎ 16 আগষ্টৰ বিয়লি 2 বজাৰ পৰা নিৰ্মাণ ভৱনৰ পৰা এক যৌথ প্ৰতিবাদী সমদল উলিয়াব বুলি RDA ই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় ।

এক বিবৃতিযোগে এছ’চিয়েশ্যনে জনায়, "এইমছ দিল্লী, এছ জে এইচ, এম এ এম চিকে ধৰি প্ৰশিক্ষাৰ্থী চিকিৎসক এছ’চিয়েশ্যনৰ প্ৰতিনিধিয়ে এক বিস্তৃত যৌথ বৈঠক অনুষ্ঠিত কৰে ৷ বিস্তৃত আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে সমগ্ৰ দিল্লীৰ সকলো আৰ ডি এই 16 আগষ্টৰ দিনা নতুন দিল্লীৰ নিৰ্মাণ ভৱনত দুপৰীয়া 2 বজাৰ পৰা যৌথ প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিব ।"

বৃহস্পতিবাৰে দিল্লী মেডিকেল এছ’চিয়েশ্যনে ধৰ্ষণ-হত্যা কাণ্ডৰ সন্দৰ্ভত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি শুকুৰবাৰৰ সন্ধিয়া 5 বজাত ইণ্ডিয়া গেটত মমবাতি হাতত লৈ পদযাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত DMA ৰ নিৰ্বাচিত সভাপতি ডাঃ গিৰীশ ত্যাগীয়ে কয়, "এয়া অতি লজ্জাজনক ঘটনা । দিল্লী মেডিকেল এছ’চিয়েশ্যনে ভুক্তভোগী চিকিৎসকগৰাকী আৰু তেওঁৰ পৰিয়ালৰ কাষত আছে । কাইলৈ ​​বিয়লি 5 বজাত ইণ্ডিয়া গেটত মমবাতি যাত্ৰা কৰা হ'ব । 17 আগষ্টৰ পুৱা 6 বজাৰ পৰা পিছদিনা পুৱা 6 বজালৈ অৰ্থাৎ 24 ঘণ্টাৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ আমি প্ৰশিক্ষাৰ্থী চিকিৎসকসকলৰ লগত আছো কাৰণ তেওঁলোকে উপযুক্ত কৰ্মৰ পৰিৱেশ লাভ নকৰে ৷ ধৰ্মঘটৰ পৰৱৰ্তী পৰ্যায়ত, জৰুৰীকালীন সেৱাও ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব ।"

বৃহস্পতিবাৰে ভাৰতীয় চিকিৎসা সংস্থাই 17 আগষ্ট শনিবাৰৰ পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰৰ পুৱা 6 বজালৈ 24 ঘণ্টাৰ বাবে দেশজুৰি চিকিৎসা সেৱা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ।

ইফালে, বৃহস্পতিবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰতিবাদকাৰী চিকিৎসকৰ সৈতে বঙালী চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগৰ লোকেও যোগদান কৰে ।

এএনআইৰ সৈতে হোৱা কথা-বতৰাত অভিনেত্ৰী অলিভিয়া সৰকাৰে কয়, "আমি বাকৰুদ্ধ হৈছো ৷ আমি ন্যায় আৰু সঠিক সমাধান বিচাৰো । এইটো হ'ব নালাগে, ই কোনো মানৱীয় কথা নহয় ৷ মই ভাবো সকলোৱে সমাধান বিচাৰিছে । এই আন্দোলনে দেশখনক জোকাৰি গৈছে আৰু সকলোৱে ইয়াৰ কথা কৈছে, আৰু সকলোৱে ন্যায় বিচাৰে ।"

যোৱা 9 আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত দেশজুৰি ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ।

লগতে পঢ়ক: চিকিৎসকৰ ধৰ্ষণ-হত্যা: মাজনিশা ন্যায় বিচাৰি ৰাজপথলৈ ওলাল প্ৰতিবাদী জনতা - KOLKATA DOCTOR RAPE MURDER CASE

মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা: অনিৰ্দিষ্টকাললৈ দেশজুৰি বন্ধ বহিৰ্বিভাগীয় স্বাস্থ্য সেৱা - RG Kar Medical College rape case

মহিলা চিকিৎসকক হত্যা: তীব্ৰ প্ৰতিবাদৰ মাজতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন অধীক্ষক নিযুক্তি - KOLKATA PGT DOCTOR RAPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.