ETV Bharat / bharat

কলকাতাকাণ্ড: ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপালৰ - Kolkata Doctor Rape Murder

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 2:53 PM IST

Kolkata doctor rape and murder: পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে । ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ঘটনাটোৰ বিৱৰণ দাঙি ধৰিছে ।

Kolkata Doctor Rape Murder
ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপালৰ (X)

নেশ্যনেল ডেস্ক,২০ আগষ্ট : কলকাতাকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰে । বসুৱে সন্ধিয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ উদ্বিগ্ন ৰাজ্যপাল

ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছিল যাতে তেওঁলোকক গোচৰটোত লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিব পৰা যায় । প্ৰাক্তন ক্ৰিকেটাৰ তথা আম আদমি পাৰ্টীৰ (আপ) ৰাজ্যসভাৰ সদস্য হৰভজন সিঙৰ এখন পত্ৰৰ পিছতে তেওঁ এই পদক্ষেপ লৈছিল । প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সদস্যগৰাকীয়ে ভুক্তভোগীৰ ন্যায়ত পলম হোৱাক লৈ গভীৰ ক্ষোভ প্ৰকাশ কৰিছিল ।

ৰাজ্যপাল বসুৱে কয়, "পশ্চিমবংগত গণতন্ত্ৰ স্তব্ধ হৈছে । এনেকৈ চলিব নোৱাৰে । মই মহিলাসকলক সুৰক্ষা দিবলৈ সামূহিক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো । আজি আমি আমাৰ কন্যা, ভগ্নীসকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি ল'ব লাগিব ।" ৰাজ্যপালগৰাকীয়ে বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱা আৰ জি কৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক দ্ৰুত ন্যায়ৰ আশ্বাস দিয়ে ।

উচ্চতম ন্যায়ালয়ত শুনানি

ইফালে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে মঙলবাৰে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে । একেদৰে অধিবক্তাসকলৰ সৈতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছাত্ৰ-ছাত্ৰী আৰু কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইফালে চি বি আয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে । চি বি আই দলটোৱে ১৮ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালিন ৱাৰ্ডত ৩ডি লেজাৰ মেপিঙো কৰিছে ।

লগতে পঢ়ক :কলকাতাৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কলগাছিয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Kolkata Doctor Rape murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.