ETV Bharat / bharat

প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case - RG KAR MEDICAL COLLEGE RAPE CASE

IMA calls for 24 hours strike : কলকাতাৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ তাৎক্ষণিক ন্যায় দাবী কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হয় শনিবাৰৰ পুৱা 6 বজাৰ পৰা ৷ আজি আৰম্ভ হোৱা এই কৰ্মবিৰতিৰ সামৰণি পৰিব দেওবাৰৰ পুৱা 6 বজাত ৷

Kolkata Doctor Rape-murder: IMA's 24-Hour Nationwide Strike Begins
প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 12:03 PM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহিলা চিকিৎসক এগৰাকীক যৌন উৎপীড়ন চলাই হত্যা কৰা ঘটনাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসা সংস্থাই আহ্বান জনাইছিল 24 ঘণ্টীয়া দেশজোৰা ধৰ্মঘট কাৰ্যসূচীৰ ৷ শনিবাৰৰ পুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘট দেওবাৰৰ পুৱা 6 বজালৈকে চলিব ।

এই সময়ছোৱাত জৰুৰীকালীন বিভাগ খোলা থাকিব যদিও অ’পিডি আৰু অস্ত্ৰোপচাৰ নহ’ব । কলকাতাত প্ৰশিক্ষাৰ্থী চিকিৎসক এগৰাকীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় দাবী কৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে IMA য়ে এই ধৰ্মঘটৰ আহ্বান জনাইছে ।

IMA য়ে নিজৰ আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে সেই 24 ঘণ্টাৰ ভিতৰত ৰুটিন অ’পিডি আৰু অস্ত্ৰোপচাৰ নহ’ব; অৱশ্যে অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ চলি থাকিব । যোৱা 9 আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত দেশজুৰি ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসাসেৱাৰ সৈতে জড়িত সংগঠনবোৰে ।

এন চি ডব্লিউ তদন্ত সমিতিৰ প্ৰাৰম্ভিক প্ৰতিবেদন

ইফালে, নেশ্যনেল কমিছন ফৰ উইমেন(এনচিডব্লিউ)ৰ দুজনীয়া তদন্ত সমিতিখনে “অপৰ্যাপ্ত নিৰাপত্তা, দুৰ্বল সুবিধা, অনুচিত তদন্ত আৰু সুৰক্ষাৰ অভাৱ”ক সমালোচনা কৰি প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে ।

এন চি ডব্লিউৱে এক বিবৃতিযোগে কয় যে মৃত যুৱতীগৰাকীক ধৰ্ষণ আৰু হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰা স্থানডোখৰত হঠাতে নিৰ্মাণকাৰ্য আৰম্ভ হৈছে, যাৰ ফলত প্ৰমাণ নোহোৱা হোৱাৰ আশংকা প্ৰকাশ হৈছে ৷

2024 চনৰ 10 আগষ্টত এন চি ডব্লিউৱে কলকাতাৰ আৰক্ষী আয়ুক্তলৈ ঘটনাটো সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা আৰু কাণ্ডৰ তন্নতন্নকৈ তদন্ত দাবী কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল । আনকি ভুক্তভোগী পৰিয়ালটোক যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি অৱগত কৰা বিষয়টোটো এন চি ডব্লিউৱে উদ্বেগ প্ৰকাশ কৰিছে ৷

এন চি ডব্লিউৱে গঠন কৰা দুজনীয়া তদন্ত সমিতিখনত আছিল এন চি ডব্লিউৰ সদস্য ডেলিনা খোণ্ডগুপ আৰু পশ্চিমবংগ ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষই নিযুক্তি দিয়া অধিবক্তা সোমা চৌধুৰী ।

এন চি ডব্লিউ তদন্ত সমিতিৰ মতে এই কাণ্ডৰ সময়ত কোনো নিৰাপত্তাৰক্ষী হাস্পতালখনত উপস্থিত নাছিল আৰু নিশা কৰ্তব্যৰ সময়ত প্ৰশিক্ষাৰ্থী, চিকিৎসক আৰু নাৰ্ছৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নাছিল । চিকিৎসালয়খনত মহিলা চিকিৎসক আৰু নাৰ্ছৰ বাবে মৌলিক সুবিধাৰ অভাৱ বুলি উল্লেখ কৰি এন চি ডব্লিউৱে প্ৰস্ৰাৱগাৰৰ অৱস্থা বেয়া তথা চৌহদত কোনো নিৰাপত্তা ব্যৱস্থা নাই বুলিও জনায় । তদন্ত সমিতিয়ে ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ আহ্বান জনাইছে বুলি বিবৃতিযোগে জনায় ৷

লগতে পঢ়ক: আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ - RG Kar Rape Murder

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি : বিভিন্ন সংস্থাৰো সমৰ্থন - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.