ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদত খালিস্তানী অনুপ্ৰৱেশৰ সম্ভাৱনা; চোৰাংচোৱাৰ সতৰ্কতা - কৃষকৰ প্ৰতিবাদ

Farmers Protest in Delhi : দিল্লী সীমান্তত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে । খালিস্তানী সমৰ্থকে কৃষকৰ প্ৰতিবাদত বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে বুলি চোৰাংচোৱা তথ্য লাভৰ পিছত এই সতৰ্কতা জাৰি কৰা হৈছে । যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিৰাপত্তা সংস্থাসমূহক নিযুক্তি দিয়া হৈছে ।

কৃষকৰ প্ৰতিবাদত খালিস্তানী অনুপ্ৰৱেশৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 6:25 PM IST

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সৈতে দিল্লীৰ সীমান্তত আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ বাবে নিযুক্ত নিৰাপত্তা সংস্থাসমূহে উচ্চ সতৰ্কতা অৱলম্বন কৰিছে । খালিস্তানীপন্থীয়ে কৃষক আন্দোলনৰ সুযোগ গ্ৰহণ কৰি বিশৃঙ্খল পৰিস্থিতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি তথ্য লাভৰ পিছতে এই সতৰ্কতা অৱলম্বন কৰা হৈছে ।

"হয়, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সৈতে দিল্লীৰ সীমান্তত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে । কিয়নো খালিস্তানীপন্থীয়ে অৰাজকতা সৃষ্টি কৰাৰ লগতে সুৰক্ষা বাহিনীক আক্ৰমণৰ চেষ্টা কৰিব পৰা সকলো সম্ভাৱনা আছে । খালিস্তানী উপাদানে কৃষকসকলৰ প্ৰতিবাদত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিব পাৰে ।" এগৰাকী জ্যেষ্ঠ বিষয়াই এক চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি মঙলবাৰে ইটিভি ভাৰতক জনায় ।

উল্লেখ্য যে ২০২০-২১ বৰ্ষৰ কৃষকৰ আন্দোলনৰ সময়ত খালিস্তানী কৰ্মী জড়িত হোৱা বিষয়টো পোহৰলৈ আহিছিল । কৃষকৰ প্ৰতিবাদত অনুপ্ৰৱেশ কৰাৰ উপৰি এছএফজে কৰ্মী আৰু সমৰ্থকসকল ২০২১ চনত গণৰাজ্য দিৱসত লালকিল্লাৰ হিংসাত জড়িত আছিল ।

মঙলবাৰে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ'ত শিখ ফৰ জাষ্টিচৰ (এছএফজে) মুৰব্বী তথা খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে আন্দোলনকাৰী কৃষকসকলক উচটনি দিয়া আৰু কৃষকৰ ৰেলীত খালিস্তানী পতাকা উত্তোলন কৰিবলৈ জনসাধাৰণক কোৱা দেখা গৈছে । তেওঁ ভিডিঅ'টোত কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে একো কৰা নাই । "দিল্লী যাত্ৰা নকৰিব, তাৰ পৰিৱৰ্তে আপোনালোকে দিল্লীৰ ওপৰত আপোনালোকৰ দাবী উত্থাপন কৰা উচিত ।" পান্নুনে তেওঁৰ ভিডিঅ' বাৰ্তাটোত কয় ।

আনহাতে, ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত দিল্লী-গাজীপুৰ সীমান্তত নিযুক্ত জ্যেষ্ঠ আৰক্ষী বিষয়া ঋষিপাল সিং বালিয়ানে কয় যে তেওঁলোকে এই আন্দোলনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ড্ৰোন ব্যৱহাৰ কৰি আছে । "আন্দোলনৰ সুযোগ লৈ অসামাজিক উপাদানবোৰে অস্থিৰতা সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।" বালিয়ানে কয় ।

উল্লেখ্য যে প্ৰতিবাদকাৰী কৃষকসকলে হাৰিয়ানাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক পঞ্জাব-হাৰিয়ানা শম্ভু সীমান্তত ছত্ৰভঙ্গ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে । মঙলবাৰৰ 'দিল্লী চলো' কাৰ্যসূচীৰ নেতৃত্ব দিয়া কৃষক সংগঠনসমূহে শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি), কৃষকসকলক পেঞ্চন আৰু ২০২২-২১ বৰ্ষৰ আন্দোলনত অংশগ্ৰহণ কৰা কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই আহিছে ।

ইফালে কৃষক আন্দোলনৰ প্ৰতি সঁহাৰি জনালেও সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) নেতা হান্নান মোল্লাই কেইবাটাও কৃষক সংগঠনৰ 'দিল্লী চলো' কাৰ্যসূচীৰ পৰা সংগঠনটোক আঁতৰাই ৰাখে । তেওঁ স্পষ্ট কৰি দিয়ে যে এছকেএমে ১৩ ফেব্ৰুৱাৰীত 'দিল্লী চলো'ক লৈ কোনো ফোন পোৱা নাই আৰু এই প্ৰতিবাদী কাৰ্যৰ সৈতে এছকেএমৰ কোনো সম্পৰ্ক নাই ।

"অৱশ্যে এছকেএমৰ বাহিৰেও আন সংগঠনবোৰৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু অত্যধিক ৰাজ্যিক দমন পালন কৰাৰ পৰিৱৰ্তে এনে প্ৰতিবাদক গণতান্ত্ৰিকভাৱে ব্যৱহাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ।" তেওঁ কয় ।

কেন্দ্ৰীয় চৰকাৰে পঞ্জাব আৰু দিল্লী সীমান্তৰ ঘাইপথসমূহত লোৰ কাইট, কাঁইটীয়া তাঁৰ আৰু কংক্ৰিটৰ বেৰিকেড স্থাপন কৰি কৃষকসকলৰ প্ৰতিবাদ যেনেদৰে চম্ভালি আছে তাৰ বিৰুদ্ধে মোল্লাই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ।

লগতে পঢ়ক :কৃষকৰ 'দিল্লী চলো' প্ৰতিবাদ, মূল দাবীসমূহ কি কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.