ETV Bharat / bharat

ৱায়নাড় ট্ৰেজেডি : সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অচিনাক্ত মৃতদেহৰ - Wayanad Landslides

author img

By ANI

Published : Aug 6, 2024, 11:20 AM IST

Wayanad Landslides: ৱায়নাড়ৰ ভূমিস্খলনৰ পিচত প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । প্ৰতিদিনে উদ্ধাৰ হৈছে মৃতদেহ । পুথুমালাৰ সমাধিস্থলত ১৬ টা অচিনাক্ত মৃতদেহ সমাধিস্থ কৰা হয় । খ্ৰীষ্টান,হিন্দু আৰু ইছলামিক ৰীতি-নীতিৰে মৃতদেহবোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন ।

Wayanad Landslides
সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অচিনাক্ত মৃতদেহৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ৬ আগষ্ট : ৱায়নাড়ৰ ভূমিস্খলনত সন্ধানহীন লোকক বিচাৰি অনুসন্ধান অব্যাহত আছে । ইফালে দুৰ্যোগৰ পিচত সপ্তম দিনা মেপ্পাডিৰ সমীপৰ পুথুমালাত এক গণ সমাধিস্থলত ১৬ টা অচিনাক্ত মৃতদেহ সমাধিস্থ কৰা হয় ।

সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অন্ত্যেষ্টিক্ৰিয়া :

সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ অন্তত মৃতদেহকেইটাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মৃতদেহবোৰ প্ৰথমে খ্ৰীষ্টান, তাৰ পিচত হিন্দু ৰীতি-নীতি আৰু পিচত ইছলামিক ৰীতি-নীতি অনুসৰি প্ৰাৰ্থনা কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । ৰাজহ মন্ত্ৰীৰ মতে ভূমিস্খলনত ক্ষতিগ্ৰস্ত মুণ্ডাক্কাই আৰু চোৰালমালাৰ পৰা এতিয়াও প্ৰায় ১৮০ গৰাকী লোকৰ সন্ধান পোৱা হোৱা নাই ।

জানিব পৰা মতে, পুথুমালাত প্ৰায় ১৫৮ টা মৃতদেহ সমাধিস্থ কৰা হ'ব । তাৰ ভিতৰত ৩১ টা মৃতদেহে অচিনাক্ত । দেওবাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সমাৱেশৰ অন্তত পুথুমালাত ৮ টা অচিনাক্ত মৃতদেহ সমাধিস্থ কৰা হৈছিল । প্ৰতিকূল বতৰৰ বাবে জিলাখনৰ বিদ্যালয়সমূহ বন্ধ আছিল আৰু এসপ্তাহৰ বিৰতিৰ অন্তত বিদ্যালয়বোৰত পুনৰ পাঠদান আৰম্ভ হৈছে । অৱশ্যে আশ্ৰয় শিবিৰ স্থাপন কৰা বিদ্যালয়সমূহ বন্ধ থাকিব বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ অভিযান :

চোৰেলমালা আৰু মুণ্ডাক্কাই অঞ্চলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ বাবে স্বেচ্ছাসেৱক, এন ডি আৰ এফ, সেনা আৰু অগ্নি নিৰ্বাপক বিভাগৰ দ্বাৰা গঠিত অনুসন্ধানকাৰী দলে অতিৰিক্ত প্ৰচেষ্টা চলাই থকা দেখা গৈছে ।

ধ্বংসাৱশেষৰ তলত আৱদ্ধ মৃতদেহবোৰ চিনাক্ত আৰু উদ্ধাৰ কৰিবলৈ এক ড্ৰোণ-আধাৰিত বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) অজিত কুমাৰৰ মতে ক'ত ক'ত ধ্বংসাৱশেষ আছে আৰু কোন ঠাইত উদ্ধাৰ অভিযান চলোৱা হ'ব সেয়া নিৰ্ধাৰণ কৰিবলৈ শীঘ্ৰে এখন সমিতি গঠন কৰা হ'ব ।

সমিতিখন স্থানীয় নাগৰিক, আৰক্ষী, সেনা আৰু ব্যক্তিগত সংস্থাৰ সদস্যৰে গঠিত হ'ব । দেওবাৰে চলিয়াৰ নদীত পুনৰ ২৮ টা মৃতদেহ উদ্ধাৰ হয় । ইয়াৰ লগে লগে ভূমিস্খলনৰ ফলত ৱায়নাড়ত মৃত্যুৰ সংখ্যা ৩৮৫ লৈ বৃদ্ধি হয় ।

চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ২২১ টা মৃতদেহ আৰু মানৱ দেহৰ ১৬৬ টা অংশ পোৱা গৈছে । চলিয়াৰ নদীত মানৱ দেহৰ ১৪২ টা অংশ আৰু ৭৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । মুণ্ডাক্কাই, চোৰালমালা আৰু আত্তামালাত সংঘটিত ভূমিস্খলনৰ ফলত মুঠ ৪,৮৩৩ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :পৰ্যাপ্ত অধ্যয়ন অবিহনে একাধিক প্ৰকল্পত অনুমোদন জনাইছিল কেৰালা চৰকাৰে ! - Kerala Landslides

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.