ETV Bharat / bharat

পৰ্যাপ্ত অধ্যয়ন অবিহনে একাধিক প্ৰকল্পত অনুমোদন জনাইছিল কেৰালা চৰকাৰে ! - Kerala Landslides

author img

By ANI

Published : Aug 6, 2024, 8:45 AM IST

Kerala Landslides: বিগত ৪ বছৰত কেৰালাত এনে কিছুমান প্ৰকল্পত অনুমোদন জনোৱা হৈছিল যিবোৰৰ বাবে ৱায়নাড় আজি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । উপযুক্ত অধ্যয়ন নকৰাকৈয়ে পাহাৰীয়া ঘাইপথ, ফাইবাৰ কেবল আদিৰ দৰে প্ৰকল্পত চৰকাৰে অনুমোদন জনাইছে । পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰই এই কথা দাবী কৰিছে ।

Kerala Landslides
পৰ্যাপ্ত অধ্যয়ন অবিহনে একাধিক প্ৰকল্পত অনুমোদন জনাইছিল কেৰালা চৰকাৰে ! (ANI)

নেশ্যনেল ডেস্ক,৬ আগষ্ট : কেৰালাৰ ৱায়নাড়ৰ ভয়ংকৰ ভূমিস্খলনে বিভীষিকাৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে জানিব পৰা গৈছে যে বিগত চাৰি বছৰত কেৰালা চৰকাৰে জিলাখনৰ ভূ-গঠন আৰু ভূ-আকৃতি বিজ্ঞানৰ পুংখানুপুংখ অধ্যয়ন নকৰাকৈ বহু প্ৰকল্পত অনুমোদন জনাইছিল । য'ত অবৈধ-কয়লা খনি সম্পৰ্কীয় প্ৰকল্পও অন্তৰ্ভুক্ত আছে ।

সোমবাৰে পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰই এই কথা স্পষ্ট কৰিছে । সূত্ৰৰ মতে ৰাজ্য চৰকাৰে জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পত অনুমোদন জনাইছিল । তাৰ ভিতৰত আছে ৱায়ানাড়ৰ পাহাৰীয়া ঘাইপথ আৰু জিলাখনৰ কেইবাটাও অঞ্চলত অপ্টিকেল ফাইবাৰ কেবল স্থাপন কৰা ।

অদূৰদৰ্শী চৰকাৰ :

পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰই কয়, ‘‘কেৰালা চৰকাৰে কেইবাটাও প্ৰকল্পৰ অনুমোদন প্ৰদান কৰে আৰু ভৌগোলিক অৱস্থা, শিলৰ অৱস্থাৰ অধ্যয়ন নকৰাকৈ ৱায়ানাড় জিলাৰ চাৰিটা প্ৰকল্পক পৰিৱেশগত অনুমতি প্ৰদান কৰে । ভৌগোলিক অৱস্থাৰ পৰ্যাপ্ত অধ্যয়নৰ অভাৱ আৰু বৃহৎ পৰিমাণৰ নগৰীকৰণ আৰু পৰ্যটনৰ দৰে মানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে পৰ্যাপ্ত সুৰক্ষাকে ধৰি কাৰকৰ এক সংমিশ্ৰণে অঞ্চলটোক দুৰ্যোগৰ সম্ভাৱনা অধিক কৰি তুলিছে । মানৱসৃষ্ট কাৰকৰ ফলত ই অধিক বৃদ্ধি হোৱা দেখা গৈছে ।"

অধ্য়য়ন অবিহনে উন্নয়নমূলক প্ৰকল্পত অনুমোদন :

সূত্ৰৰ মতে ৰাজ্য চৰকাৰে যোৱা ১০ বছৰত কেৰালা আৰু ৱায়ানাড় জিলাৰ বিভিন্ন প্ৰকল্পৰ বাবে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুমোদন প্ৰদান কৰিছে । এফ.চি. আইনৰ অধীনত নীতিগত চুক্তি আৰু আনুষ্ঠানিক অনুমোদনক সাধাৰণতে এফ.চি. আইনৰ অধীনত ক্ৰমান্বয়ে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ অনুমোদন বুলি কোৱা হয় । ইয়াৰ ভিতৰত আছে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ দ্বাৰা ৱায়ানাড় জিলাৰ অনাবৃত গাঁওবোৰলৈ ৪জি/৫জি কভাৰেজৰ ব্যৱস্থা । যিটোৱে ২০২৩ চনৰ ২০ মাৰ্চত অনুমোদন লাভ কৰিছিল ।

ইয়াৰ উপৰিও, কোজিকোড আৰু ৱায়নাড় জিলাৰ আনাকামপোয়িল, কাল্লাদি আৰু মেপ্পাডিৰ মাজত যোগাযোগ উন্নত কৰাৰ বাবে চাৰিলেনযুক্ত সুৰংগ নিৰ্মাণৰ অনুমোদন ২০২৩ চনৰ ৩১ মাৰ্চত অনুমোদন জনোৱা হৈছিল । বেংগালুৰুৰ পৰিৱেশ মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ে কেৱল পৰ্যায়-১ অনুমোদন প্ৰদান কৰিছে যদিও কোনো কাম আৰম্ভ হোৱা নাই ।

আন এটা প্ৰকল্পৰ ভিতৰত আছে কান্নুৰ জিলাৰ আম্বায়াথোডৰ পৰা বয়জ টাউনলৈ পাহাৰীয়া ঘাইপথ নিৰ্মাণ । ইয়াক ২০২২ চনৰ ৬ ছেপ্টেম্বৰত অনুমোদন জনোৱা হৈছিল । তদুপৰি, দুটা অপ্টিকেল ফাইবাৰ কেবল প্ৰকল্প । ইয়াৰে এটা থেট্টুৰোড আৰু আপ্পাপাৰা হৈ কাৰ্তিকুলামৰ পৰা কুট্টা সীমান্তলৈ আৰু আনটো পুল্পেলীৰ পৰা এছ.বাথেৰী মনন্তবাদি স্প্যানলৈ । এই প্ৰকল্পও ক্ৰমে ২০২২ চনৰ ২৫ অক্টোবৰ আৰু ১৮ নৱেম্বৰত অনুমোদন জনোৱা হৈছিল ।

ইয়াৰ উপৰিও ৱায়নাড় জিলাৰ পাহাৰীয়া ঘাইপথ প্ৰকল্পটো অন্যতম । কেইবাটাও প্ৰকল্পক (খনন সম্পৰ্কীয়) অনুমোদন প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত আছে ২০২৩ চনৰ ২৪ জানুৱাৰী আৰু ২০২৪ চনৰ ২৫ মে'ত অনুমোদিত গ্ৰেনাইট নিৰ্মাণ শিলৰ খনি । ইয়াৰ উপৰিও আন এটা প্ৰকল্পই ২০২৪ চনৰ ১৮ জুনত অনুমোদন লাভ কৰিছিল ।

ইফালে কেন্দ্ৰই কেৰালাৰ ভূমিস্খলনপীড়িত ৱায়ানাড়ৰ ১৩ খন গাঁৱকে ধৰি পশ্চিম ঘাটৰ ৬ খন ৰাজ্যৰ ৫৬,৮০০ বৰ্গ কিলোমিটাৰৰো অধিক অঞ্চল পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল এলেকা ঘোষণা কৰিবলৈ ষষ্ঠ খচৰা জাননী জাৰি কৰিছে ।

লগতে পঢ়ক :ৱায়নাড় ভূমিস্খলন : সন্ধানহীন লোকৰ চিনাক্তকৰণৰ বাবে কৰা হ'ব ডিএনএ বিশ্লেষণ - Wayanad landslides

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.