নেশ্যনেল ডেস্ক,১৮ মাৰ্চ : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক নৱমবাৰলৈ চমন প্ৰেৰণ কৰিছে । কেজৰিৱালে অষ্টমবাৰলৈ চমন প্ৰত্যাখ্যান কৰিছে । শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সোমবাৰে দিল্লী জল বোৰ্ডত অনিয়মৰ অভিযোগৰ সৈতে জড়িত এক ধন আত্মসাৎ গোচৰত ইডিয়ে চমন প্ৰেৰণ কৰিছিল । কিন্তু কেজৰিৱালে এই চমনো প্ৰত্যাখ্যান কৰিছে । আম আদমি পাৰ্টীয়ে এই চমনক অবৈধ আখ্যা দিছে । আনহাতে কেন্দ্ৰীয় চৰকাৰে ইডি ব্যৱহাৰ কৰি কেজৰিৱালক লক্ষ্য কৰি লোৱা বুলিও দলটোৱে অভিযোগ কৰিছে ।
ইডিয়ে সোমবাৰে কেজৰিৱালক দিল্লী জল বোৰ্ডত অনিয়মৰ সৈতে জড়িত ধন আত্মসাৎ গোচৰত সোধা-পোছৰ বাবে মাতি পঠিয়াইছিল । ধন আত্মসাৎ সম্পৰ্কীয় গোচৰত কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে চমন প্ৰেৰণ কৰা এয়া দ্বিতীয় ঘটনা ।
কেজৰিৱালে ইতিমধ্যে দিল্লীৰ সুৰা নীতি-সম্পৰ্কিত ধন আত্মসাৎ গোচৰত সোধা-পোছাৰ বাবে চমনৰ সন্মুখীন হৈছে । কেজৰিৱালে এতিয়ালৈকে এই ক্ষেত্ৰত অষ্টম চমন প্ৰত্যাখ্যান কৰি ইয়াক অবৈধ বুলি অভিহিত কৰিছে । ইডিয়ে তেওঁৰ বিৰুদ্ধে নৱম চমন জাৰি কৰিছে আৰু ২১ মাৰ্চত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছে ।
দেওবাৰে, আপৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীয়ে অভিযোগ কৰে যে ইডিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী জল বোৰ্ডৰ সৈতে সম্পৰ্কিত এক ভুৱা গোচৰত নতুন চমন প্ৰেৰণ কৰিছে । এই দিল্লী জল বোৰ্ড গোচৰ কি সেয়া কোনেও নাজানে । কেজৰিৱালক যিকোনো ধৰণে গ্ৰেপ্তাৰ কৰিবলৈ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত বাধা দিয়াৰ বাবে বিজেপিয়ে এইধৰণৰ পদক্ষেপ লৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে বিজেপিয়ে ৰাজনৈতিক বিৰোধীসকলক নিঃশেষ কৰিবলৈ ইডি আৰু চিবিআইক তেওঁলোকৰ গুণ্ডা হিচাপে ব্যৱহাৰ কৰি আছে ।
লগতে পঢ়ক :অৱশেষত আদালতত হাজিৰ কেজৰিৱাল; সুৰা নীতি গোচৰত জামিন লাভ