ETV Bharat / bharat

মাণ্ডিৰ ৰাজপথত জয় শ্ৰীৰাম ধ্বনিৰে কংগনাৰ বিশাল ৰোড শ্ব' - KANGANA RANAUT ROAD SHOW

Kangana Ranaut road show: মাণ্ডি লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অভিনেত্ৰী কংগনা ৰানৌতৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ মাণ্ডিৰ ৰাজপথত জয় শ্ৰীৰাম ধ্বনিৰে ৰোড শ্ব' কংগনাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 6:05 PM IST

kangana-ranaut-road-show-in-mandi
মাণ্ডিৰ ৰাজপথত জয় শ্ৰী ৰাম ধ্বনিৰে কুইনখ্যাত কংগনা

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : বিজেপিৰ তাৰকা প্ৰাৰ্থী কংগনা ৰনৌতৰ নিৰ্বাচনী ৰণডংকা ৷ শুকুৰবাৰে মাণ্ডিৰ ৰাজপথত জয় শ্ৰীৰাম ধ্বনিৰে ৰোড শ্ব' উলিয়াই কংগনাই ৷ এইটো তেওঁৰ প্ৰথমটো ৰোড শ্ব' ৷ কংগনাই এখন খোলা জীপত উঠি হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মাণ্ডিৰ বলদৱাড়াত উপস্থিত হয় । কংগনাক সমৰ্থকসকলে উষ্ম আদৰণি জনায় ৷ ইফালে কংগনাক চাবলৈ বিজেপি কৰ্মী আৰু স্থানীয় লোকে ভিৰ কৰেহি ৷

এই সমাগম দেখি কংগনা অভিভূত হৈ পৰে ৷ কংগনাই মাণ্ডিৰ স্থানীয় ভাষা মাণ্ডিয়ালীত জীপৰ পৰাই উপস্থিত সকলোকে সম্বোধন কৰে ৷

"আজি সমগ্ৰ দেশে দেখিছে যে মোৰ নিজৰ মানুহে মোক কিমান ভাল পায় । মোৰ ৰাজ্যৰ মানুহে কেনেকৈ তেওঁলোকৰ কন্যাক উষ্ম আদৰণি জনাইছে । মোৰ ককাদেউতা ইয়াৰ এগৰাকী বিধায়ক আছিল আৰু তেওঁ জনসেৱা কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল । যদি মই জয়ী হও, মই আপোনালোকৰ সেৱাত কোনো ধৰণৰ খুটি-নাতি এৰি নিদিও । মাণ্ডিৰ লোকসকল মোৰ পৰিয়াল । ইয়াত কোনোবা মোৰ খুৰা-খুৰী আৰু কোনোবা মোৰ ভাতৃ-ভগ্নী ৷ কংগনাক এগৰাকী তাৰকা বা অভিনেত্ৰী বুলি নাভাবিব । কংগনা আপোনালোকৰ ছোৱালী, কংগনা আপোনাৰ ভগ্নী । " – বিজেপি প্ৰাৰ্থী কংগনা ৰনৌতে নিজ ভাষণত এইদৰে কয় ৷

এই ৰোড শ্ব'ৰ সময়ত কংগনা ৰনৌতৰ সৈতে মাণ্ডি জিলাৰ চৰকাঘাটৰ বিধায়ক দলীপ ঠাকুৰ, স্থানীয় বিজেপি নেতা আৰু দলীয় কৰ্মীসকল উপস্থিত আছিল । কংগনাই তেওঁৰ ৰোড শ্ব'ৰ সময়ত জয় শ্ৰীৰামৰ শ্লোগান দি ৰাইজক পুনৰ কেন্দ্ৰত বিজেপিক ভোট দিবলৈ আহ্বান জনায় । বিৰোধীসকলৰ সন্দৰ্ভত কংগনাই কয় যে, মাণ্ডিৰ ৰাইজে বিৰোধীসকলক এইবাৰ উত্তৰ দিব ।

লগতে পঢ়ক: নাৰীক মৰ্যাদা দিবলৈ কংগ্ৰেছ নেত্ৰীক শিক্ষা দিলে কংগনাই - Kangana Replies Supriya Shrinate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.