ETV Bharat / bharat

ৰূপহী অৰুণাচলত মুকলি হ’ব কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয়

Kameng heritage museum: অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ উদ্যোগত মুকলি হ’ব কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয় ৷ উজলিব অৰুণাচলৰ বিচিত্ৰ সংস্কৃতি তথা ঐতিহ্য ৷

author img

By ETV Bharat Assamese Team

Published : 8 hours ago

HERITAGE MUSEUM
KAMENG MUSEUM (defense pro)

তেজপুৰ, ১৬ অক্টোবৰ: অৰুণাচল প্ৰদেশত মুকলি হ’ব কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয় । পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ নিউকমাডুঙত থকা কামেং সংস্কৃতি আৰু ঐতিহ্য সংগ্ৰহালয়ৰ দুৱাৰ সকলোৰে বাবে মুকলি কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা ।

তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল অতুল শ্ৰীধৰণে জনায় যে, "সংগ্ৰাহালটো কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱানৰ উপস্থিতিত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অহা ২৩ অক্টোবৰত উদ্বোধন কৰিব ৷ এই অনুষ্ঠানত উপস্থিত থাকিব লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, এভিএছএম, ৱাইএছএম, জেনেৰেল অফিচাৰ কমাণ্ডিং, তেজপুৰ গজৰাজ কৰ্পছ ।’’

Kameng Museum
কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয় (defense pro)

অৰুণাচল প্ৰদেশক “লেণ্ড অৱ ডন লিট মাউণ্টেনছ” অর্থাৎ সূৰ্য উঠা দেশ বুলি জনা যায় । অৰুণাচল প্ৰদেশৰ ভাৰতীয় সভ্যতাৰ কালিকা পুৰাণ আৰু মহান মহাকাব্য মহাভাৰতৰ সৈতে গভীৰ সম্পৰ্ক আছে । সমৃদ্ধ সংস্কৃতি আৰু প্ৰাচীন ঐতিহ্য প্ৰতিষ্ঠা কৰা অগণন ঐতিহাসিক কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক স্থানেৰে ভৰি আছে অৰুণাচল, যিবোৰৰ লগতে উজ্জ্বল প্ৰাকৃতিক সৌন্দৰ্যও কামেং সংগ্ৰহালয়ত সুসমভাৱে একত্ৰিত কৰা হৈছে ।

ভাৰতীয় সেনাই OPERATION SADBHAVANA ৰ অংশ হিচাবে প্ৰস্তুত কৰা আৰু ভাৰত চৰকাৰৰ সীমান্তৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ সৈতে সহযোগিতা কৰা এই সংগ্ৰহালয়টো অৰুণাচল প্ৰদেশৰ চহকী আৰু বৈচিত্ৰময় সাংস্কৃতিক উত্তৰাধিকাৰৰ এক বিশেষ সাক্ষী হ’ব ৷ ই অৰুণাচল প্ৰদেশৰ ঐতিহাসিক, ধৰ্মীয়, প্ৰত্নতাত্ত্বিক আৰু নৃতাত্ত্বিক দিশ সামৰি সকলো সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু ধৰ্মীয় সংযোগক একত্ৰিত কৰিব ।

কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয়ৰ ভৱিষ্যৎত নান্দনিকভাৱে পৰিচালিত হব নেচনেল মিউজিয়াম ইনষ্টিটিউট অৱ হিষ্ট্ৰী অৱ আৰ্ট, কনজাৰ্ভেচন এণ্ড মিউজিঅ’লজিৰ আৰ্হিত লগতে স্থানীয় জনগোষ্ঠীয়ে স্বেচ্ছামূলকভাৱে পূৰ্বপুৰুষৰ ভূমি আৰু ৩৪৩ টা পৰম্পৰাগত শিল্পকৰ্ম দান কৰিছে ।

Kameng Museum
কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহাল (defense pro)

এই সংগ্ৰহালয়টোত ভাৰতবৰ্ষৰ সৈতে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক আৰু ঐতিহ্যমণ্ডিত সংযোগ প্ৰদৰ্শন কৰা অত্যাধুনিক এটা চিনেমা হল ৰখা হৈছে । পৰ্যটকৰ বাবে এখন কেফেটেৰিয়া আৰু শিশু উদ্যানো নিৰ্মাণ কৰা হৈছে । সংগ্ৰহালয়ে অৰুণাচল প্ৰদেশৰ পৰম্পৰা আৰু ঐতিহাসিক ঘটনাৰ স্থিতিস্থাপকতা, ঐক্য আৰু বৃহত্তৰ জাতিৰ সৈতে এক চিৰস্থায়ী সংযোগৰ সঁচা কাহিনী বৰ্ণনা কৰিব । ই সমগ্ৰ বিশ্বৰ পৰা অহা দৰ্শনাৰ্থীসকলক অনুপ্ৰাণিত কৰি অৰুণাচল প্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে বুজ লোৱাত সহায় কৰি তুলিব ।

শ্ৰীধৰণে কয়, "কামেং সাংস্কৃতিক আৰু ঐতিহ্য সংগ্ৰহালয়ে ডিৰাং অঞ্চলটোলৈ এক পৰিৱৰ্তনশীল গতি আনিব আৰু গৌৰৱেৰে অৰুণাচল প্ৰদেশ তথা ভাৰতৰ পৰিচয়, ঐতিহ্য আৰু গৌৰৱৰ মাপকাঠি হিচাবে থিয় দিব ।’’

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপে উত্তৰ-পূবত MICE পৰ্যটনৰ প্ৰসাৰত যোগাইছে ইন্ধন; কৰ্পৰেট সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.