ETV Bharat / bharat

ৱাকফ বিধেয়কৰ ওপৰত যুটীয়া সমিতি গঠন : সমিতিত আছে লোকসভা-ৰাজ্যসভাৰ 31 সাংসদ - Waqf Bill 2024 - WAQF BILL 2024

Joint Panel on Waqf Bill : ৱাকফ (সংশোধনী) বিধেয়ক পৰীক্ষা কৰাৰ বাবে এখন যুটীয়া সংসদীয় সমিতি গঠন কৰা হৈছে । এই সমিতিত আছে লোকসভাৰ 21 গৰাকী আৰু ৰাজ্যসভাৰ 10 গৰাকী সদস্য । সমিতিখনৰ অধ্যক্ষতা কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নাম প্ৰস্তাৱ কৰা এগৰাকী ব্যক্তিয়ে । পৰৱৰ্তী অধিৱেশনৰ ভিতৰত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব ।

Joint Panel on Waqf Bill
ৱাকফ বিধেয়কৰ ওপৰত সংসদত বিতৰ্ক (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:12 AM IST

নিউজ ডেস্ক, ১০ আগষ্ট : ৱাকফ (সংশোধনী) বিধেয়ক পৰীক্ষা কৰিবলৈ সংসদৰ ৩১ গৰাকী সদস্যৰে এখন যুটীয়া সমিতি গঠন কৰা হৈছে । এই সমিতিত থাকিব ৩১ গৰাকী সদস্য । ইয়াৰে ভিতৰত লোকসভাৰ পৰা ২১ গৰাকী আৰু ৰাজ্যসভাৰ পৰা ১০ গৰাকী সদস্য থাকিব । সমিতিখনে পৰৱৰ্তী অধিৱেশনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

লোকসভা আৰু ৰাজ্যসভাই শুকুৰবাৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা কিৰেণ ৰিজিজুৱে উত্থাপন কৰা এক প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত প্ৰস্তাৱত সমিতিত থাকিবলগা সদস্যসকলৰ নাম প্ৰকাশ কৰা হয় ।

কোন দলৰ কিমান সদস্য থাকিব সমিতিত :

নিম্ন সদনৰ পৰা সমিতিৰ ১২ গৰাকী সদস্য থাকিব ক্ষমতাসীন নেচনেল ডেম'ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ । ইয়াৰে ভিতৰত আছে বিজেপিৰ আঠগৰাকী । আনহাতে বাকী ৯ গৰাকী হৈছে বিৰোধী দলৰ । একেদৰে উচ্চ সদনৰ পৰা চাৰিগৰাকী বিজেপিৰ, চাৰিগৰাকী বিৰোধীৰ আৰু এগৰাকী মনোনীত সদস্যক সমিতিত লোৱা হৈছে ।

লোকসভাৰ কোন কোন সদস্য থাকিব :

সমিতিত থকা লোকসভাৰ সদস্যসকল হৈছে -

বিজেপিৰ

  • জগদম্বিকা পাল
  • নিশিকান্ত দুবে
  • তেজস্বী সূৰ্য
  • অপৰাজিতা সাৰংগী
  • সঞ্জয় জয়ছোৱাল
  • দিলীপ শইকীয়া
  • অভিজিৎ গাংগুলী
  • ডি কে অৰুণা

কংগ্ৰেছৰ

  • গৌৰৱ গগৈ
  • ইমৰান মাছুদ
  • মহম্মদ জাভেদ

আন আন সদস্যসকল হৈছে

  • মহিবুল্লাহ (সমাজবাদী পাৰ্টী)
  • কল্যাণ বেনাৰ্জী (তৃণমূল কংগ্ৰেছ)
  • এ ৰাজা (ডি এম কে)
  • লাভু শ্ৰীকৃষ্ণ দেৱৰায়লু (তেলেগু দেশম পাৰ্টী)
  • দিলেশ্বৰ কামাইত (জে ডি ইউ)
  • অৰবিন্দ সাৱন্ত (শিৱসেনা-ইউ বি টি)
  • সুৰেশ মহাত্ৰে (এন চি পি-শৰদ পাৱাৰ)
  • নৰেশ মচকে (শিৱসেনা)
  • অৰুণ ভাৰতী (লোক জনশক্তি পাৰ্টী-ৰাম বিলাস)
  • আছাদুদ্দিন ওৱেইচি (এ আই এম আই এম)

ৰাজ্যসভাৰ পৰা কোন কোন থাকিব :

ৰাজ্যসভাৰ পৰা অন্তৰ্ভুক্ত সদস্যসকল হৈছে -

বিজেপিৰ

  • ব্ৰজ লাল
  • মেধা বিশ্ৰাম কুলকাৰ্ণী
  • গুলাম আলী
  • ৰাধা মোহন দাস আগৰৱালা

আন আন সদস্যসকল হৈছে

  • চৈয়দ নাছিৰ হুছেইন (কংগ্ৰেছ)
  • মহম্মদ নদীমুল হক (তৃণমূল কংগ্ৰেছ)
  • ভি বিজয়সাই ৰেড্ডী (ৱাই এছ আৰ চি পি)
  • এম মহম্মদ আব্দুল্লা (ডি এম কে)
  • সঞ্জয় সিং (আপ)
  • ধৰ্মস্থলা বীৰেন্দ্ৰ হেগাড়ে (মনোনীত সদস্য)

কোন হ'ব সমিতিৰ অধ্যক্ষ :

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শীঘ্ৰেই সমিতিখনৰ অধ্যক্ষৰ নাম ঘোষণা বুলি আশা কৰা হৈছে । আশা কৰা হৈছে যে বিজেপিৰ জগদম্বিকা পাল সমিতিৰ মুৰব্বী হ'ব পাৰে । কিন্তু চৰকাৰী সূত্ৰ মতে, এই সন্দৰ্ভত ওম বিৰলাই চূড়ান্ত সিদ্ধান্ত ল'ব ।

বিধেয়কৰ ওপৰত বিতৰ্ক :

উল্লেখ্য যে, বিধেয়কখন বৃহস্পতিবাৰে লোকসভাত উত্থাপন কৰা হয় আৰু তুমুল বিতৰ্কৰ অন্তত সংসদৰ এখন যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হয় । চৰকাৰে দাবী কৰিছে যে প্ৰস্তাৱিত আইনখনত মছজিদৰ কাম-কাজত হস্তক্ষেপ কৰাৰ উদ্দেশ্য নাই । আনহাতে, বিৰোধীয়ে ইয়াক মুছলমানসকলক লক্ষ্য কৰি লোৱা আৰু সংবিধানৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে ।

সমিতিৰ প্ৰতিবেদন দাখিলৰ সময়সীমা

সমিতিখনে পৰৱৰ্তী অধিবেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনটোৰ ভিতৰত লোকসভাত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব বুলি কোন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উল্লেখ কৰে । আনহাতে, বিৰোধীৰ তীব্ৰ সমালোচনাৰ মাজতে চৰকাৰে প্ৰস্তাৱিত ৱাকফ আইন, ১৯৯৫ ৰ সংশোধনীসমূহত সমৰ্থন আগবঢ়োৱাৰ বাবে মুছলমান ধৰ্মগুৰুসকলৰ এটা প্ৰতিনিধি দলে ৰিজিজুক সাক্ষাৎ কৰে ।

লগতে পঢ়ক :শাসক-বিৰোধী নেতাৰ চাহমেল : প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাহুল গান্ধীকে ধৰি বিভিন্ন নেতাৰ অংশগ্ৰহণ - Parliament Budget Session 2024
লগতে পঢ়ক :সামাজিক দায়বদ্ধতাৰ প্ৰতিমূৰ্তি তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ত্ৰাণকৰ্তাৰ ৰূপত ঈনাডু - Eenadu Golden Jubilee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.